চাও পাওলো
ব্ৰাজিলৰ উত্তৰ আমাজন ৰাজ্যত শনিবাৰে সংঘটিত হোৱা বিমান দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু হোৱা বুলি ৰাজ্যখনৰ ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে। আমাজনৰ ৰাজধানী মানাউছৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ (২৪৮ মাইল) দূৰত্বত অৱস্থিত বাৰ্চেলছ প্ৰদেশত সংঘটিত হয় এই দুৰ্ঘটনা।
এক্সত আমাজনছৰ গৱৰ্ণৰ উইলছন লিমাই কয় যে শনিবাৰে বাৰ্চেলছত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত বলি হোৱা ১২ জন যাত্ৰী আৰু দুজন ক্ৰু সদস্যৰ মৃত্যুৰ বাবে মই গভীৰভাৱে দুখ প্ৰকাশ কৰিছো। আমাৰ দলসমূহে আৰম্ভণিৰে পৰাই প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ কাম কৰি আহিছে। মোৰ সহানুভূতি আৰু প্ৰাৰ্থনা তেওঁলোকৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে আছে।
মানাউছ এৰোটেক্সি বিমান সংস্থাটোৱে এক বিবৃতি প্ৰকাশ কৰি নিশ্চিত কৰিছে যে দুৰ্ঘটনা সংঘটিত হৈছে আৰু তদন্ত কৰি আছে যদিও মৃত্যু বা আঘাতৰ কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই।
বিবৃতিটোত উল্লেখ কৰা হৈছে যে আমি এই কঠিন সময়ত জড়িতসকলৰ গোপনীয়তাৰ প্ৰতি সন্মানৰ ওপৰত ভৰসা কৰোঁ আৰু তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে সকলো প্ৰয়োজনীয় তথ্য প্ৰদান কৰিবলৈ উপলব্ধ হ’ম। ব্ৰাজিলৰ একাংশ সংবাদ মাধ্যমে নিহতসকলৰ ভিতৰত আমেৰিকাৰ নাগৰিকও আছে বুলি প্ৰকাশ কৰিছে।