‘চীনে গিলি পেলাব...’, কানাডাক সতৰ্কবাণী ট্ৰাম্পৰ, গ্ৰীনলেণ্ডক লৈও দিলে ভাবুকি

Story by  atv | Posted by  [email protected] • 2 d ago
‘চীনে গিলি পেলাব...’, কানাডাক সতৰ্কবাণী ট্ৰাম্পৰ, গ্ৰীনলেণ্ডক লৈও দিলে ভাবুকি
‘চীনে গিলি পেলাব...’, কানাডাক সতৰ্কবাণী ট্ৰাম্পৰ, গ্ৰীনলেণ্ডক লৈও দিলে ভাবুকি
 
নতুন দিল্লী
 
গ্ৰীনলেণ্ডত ‘গ’ল্ডেন ড’ম’ (Golden Dome) নিৰ্মাণৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে কানাডাই। কেৱল সেয়াই নহয়, চীনৰ সৈতে এখন বাণিজ্য চুক্তিতো আৱদ্ধ হৈছে দেশখন। এই ঘটনাক লৈ শনিবাৰে কানাডাক কঠোৰ ভাষাৰে সতৰ্ক কৰি দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, ‘চীনে গিলি পেলাব।’ একে সময়তে আমেৰিকাৰ প্ৰতি কানাডা কৃতজ্ঞ হোৱা উচিত বুলিও মন্তব্য কৰে ট্ৰাম্পে।
 
এই ‘গ’ল্ডেন ড’ম’ প্ৰকৃততে ট্ৰাম্পৰ আকাশমাৰ্গৰ এক প্ৰতিৰক্ষা ব্যৱস্থা (Air Defense System)। আৰ্কটিক অঞ্চলত ৰাছিয়া আৰু চীনৰ ওপৰত নজৰ ৰখাৰ বাবে গ্ৰীনলেণ্ড দখল কৰি তাত গ’ল্ডেন ড’ম স্থাপন কৰিব বিচাৰে ট্ৰাম্পে। তেওঁৰ মতে, ইয়াৰ দ্বাৰা কেৱল আমেৰিকাই নহয়, কানাডাও সুৰক্ষিত হ’ব। কিন্তু ট্ৰাম্পৰ গ্ৰীনলেণ্ড দখলৰ বিৰোধিতা কৰিছে কানাডাই। কানাডাই জনাই দিছে যে এই দখলদাৰী অনুচিত। ইয়াৰ বাবেই কানাডাৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী।
 
ট্ৰুথ ছ’চিয়েলত (Truth Social) কানাডাক সমালোচনা কৰি ট্ৰাম্পে লিখিছে, ‘গ্ৰীনলেণ্ডত গ’ল্ডেন ড’ম নিৰ্মাণৰ বিৰুদ্ধে কানাডা। কিন্তু গ’ল্ডেন ড’মে তেওঁলোককো ৰক্ষা কৰিলেহেঁতেন।’ ইয়াৰ পিছতে চীনৰ সৈতে কানাডাৰ সম্পৰ্কৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, ‘কানাডাই চীনৰ সৈতে ব্যৱসায় কৰিবলৈ ওলাইছে। প্ৰথম বছৰতে চীনে তেওঁলোকক গিলি পেলাব।’
 
ইয়াৰ পূৰ্বে ডাভোছৰ বিশ্ব অৰ্থনৈতিক মঞ্চত (World Economic Forum) নাম নোলোৱাকৈ ট্ৰাম্পৰ আগ্ৰাসন নীতিৰ সমালোচনা কৰিছিল কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কৰ্নিয়ে। তেওঁ কৈছিল, ‘ডাঙৰ শক্তিৰ দেশবোৰ এতিয়া প্ৰতিযোগিতাত নামিছে। ফলত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ভেটি থৰকবৰক হৈ পৰিছে।’ চাপ সৃষ্টিৰ বাবে শুল্ক (Tariff)ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা কাৰ্যক তেওঁ সমালোচনা কৰে। কৰ্নিয়ে ট্ৰাম্পৰ নাম লোৱা নাছিল যদিও তেওঁৰ ইংগিত যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ফালেই আছিল, সেয়া স্পষ্ট।
 
ইয়াৰ পিছতে কানাডাক লক্ষ্য কৰি লয় ট্ৰাম্পে। ডাভোছত তেওঁ কয়, ‘কানাডাই আমাৰ পৰা বহুত বিনামূলীয়া সুবিধা পায়। তেওঁলোক কৃতজ্ঞ হোৱা উচিত। কিন্তু আপোনালোকৰ প্ৰধানমন্ত্ৰীক দেখিলোঁ, তেওঁ অলপো কৃতজ্ঞ নহয়।’ ইয়াৰ পিছত পোনপটীয়াকৈ নাম লৈ ট্ৰাম্পে কয়, ‘আমেৰিকাৰ বাবেই কানাডা টিকি আছে। পিছৰ বাৰ কিবা কোৱাৰ আগতে এই কথাটো মনত ৰাখিব মাৰ্ক।’