নেপালত বিধ্বংসী ভূমিকম্প; ১৪০ৰো অধিক লোকৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Years ago
নেপালত বিধ্বংসী ভূমিকম্প
নেপালত বিধ্বংসী ভূমিকম্প
কাঠমাণ্ডুঃ

নেপালত শুকুৰবাৰে নিশা সংঘটিত হোৱা এক বৃহৎ ভূমিকম্পৰ ফলত ১৪০ জন লোক নিহত হোৱাৰ লগতে কেইবা শ লোক আহত হয়। ৬.৪ প্ৰাবল্যৰ ভূমিকম্পৰ প্ৰবল কম্পন ভূমিকম্পৰ কেন্দ্ৰস্থলৰ পৰা প্ৰায় ৫৫০ কিলোমিটাৰ দূৰত্বত থকা নতুন দিল্লী পৰ্যন্ত অনুভৱ কৰা হয়।

শুকুৰবাৰে গভীৰ নিশা ভূমিকম্পৰ ফলত জাজাৰকোটৰ কেইবাটাও ঘৰ বিধ্বস্ত হয়। সেই স্থানৰ ভিডিঅ’সমূহত বহুমহলীয়া ইটাৰ ঘৰৰ ছিন্নভিন্ন অৱস্থা দেখা গৈছে, য’ত ডাঙৰ ডাঙৰ আচবাবৰ টুকুৰাবোৰ সিঁচৰতি হৈ আছিল।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ফটোত দেখা গৈছে যে স্থানীয় লোকে আন্ধাৰত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱিত লোকক টানি আনিছে। আৰক্ষী বিষয়া সন্তোষ ৰোক্কাই কয়, "বহু ঘৰ ভাঙি গৈছে। মানুহে ঘৰৰ পৰা লৰালৰিকৈ ওলাই আহিছে। মই আতংকিত বাসিন্দাৰ ভিৰৰ মাজত বাহিৰত আছো। আমি ক্ষতিপূৰণৰ সবিশেষ বিচাৰিবলৈ চেষ্টা কৰিছো।"

উদ্ধাৰ অভিযান চলাই থকা বিষয়াসকলে এক লাখ ৯০ হাজাৰ জনসংখ্যাৰ পাহাৰীয়া জিলা আৰু দুৰ্গম পাহাৰত সিঁচৰতি হৈ থকা গাঁওসমূহৰ সৈতে যোগাযোগ স্থাপন কৰাত অসুবিধাৰ সন্মুখীন হৈছে। কৰ্ণালী প্ৰদেশৰ আৰক্ষীৰ মুখপাত্ৰ গোপাল চন্দ্ৰ ভট্টৰাইয়ে এএফপিক জনায় যে, "জিলাসমূহৰ দূৰত্বৰ বাবে তথ্য লাভ কৰাত অসুবিধা হৈছে। কিছুমান পথ ক্ষতিগ্ৰস্ত হৈ বন্ধ হৈ পৰিছিল, কিন্তু আমি বিকল্প পথেৰে অঞ্চলটোলৈ যাবলৈ চেষ্টা কৰিছো।"


শেহতীয়া খবৰ