স্বাধীন ভাৰতৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ১০গৰাকী মুছলমান ব্যৱসায়ী আৰু উদ্যোগপতি

Story by  atv | Posted by  [email protected] • 1 d ago
 ১০গৰাকী মুছলমান ব্যৱসায়ী আৰু উদ্যোগপতি
১০গৰাকী মুছলমান ব্যৱসায়ী আৰু উদ্যোগপতি
 
আৱাজ দ্য ভইচ, নতুন দিল্লী
 
ৰাজনৈতিক মঞ্চত দেশৰ মুছলমানক তুচ্ছজ্ঞান কৰা হ’ব পাৰে, কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি অত্যন্ত প্ৰভাৱশালী আৰু সন্মানজনক। স্বাধীন ভাৰতৰ নিৰ্মাণত মুছলমান ব্যৱসায়ী আৰু উদ্যোগীসকলে অৰ্থনৈতিক উন্নয়ন আৰু দেশৰ গোলকীয় ভাবমূৰ্তি উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
 
কেৱল দেশৰ অৰ্থনীতিৰ শক্তিশালী স্তম্ভ হৈ পৰাই নহয়, চিকিৎসা, চামৰা, ফেশ্বন আৰু চফটৱেৰ আদি বিভিন্ন খণ্ডত তেওঁলোকৰ দখল এতিয়াও শক্তিশালী আৰু অসাধাৰণ। এই উদ্যোগসমূহত মুছলমানসকলৰ অৱদানে কেৱল কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাই নহয়, বিশ্বৰ মঞ্চত ভাৰতক প্ৰতিযোগিতামূলক কৰি দেশৰ প্ৰতিপত্তিও বৃদ্ধি কৰিছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, উদ্ভাৱন আৰু ব্যৱসায়িক দৃষ্টিভংগীয়ে প্ৰমাণ কৰিছে যে তেওঁলোক অৰ্থনৈতিক সফলতাৰ ক্ষেত্ৰত আগৰণুৱা। এনে ১০ গৰাকী মুছলমান উদ্যোগীৰ বিষয়ে এই প্ৰতিবেদনত আলোচনা কৰিব বিচাৰিছো, যি দেশৰ সমৃদ্ধিৰ প্ৰেৰণা আৰু যাৰ অবিহনে ভাৰতৰ অৰ্থনৈতিক উন্নয়ন আধৰুৱা হৈ ৰ'ব।
 
১. আজিম প্ৰেমজীঃ
 
আজিম প্ৰেমজী এজন বিখ্যাত ভাৰতীয় উদ্যোগপতি, দানবীৰ আৰু শিক্ষা সংস্কাৰক। ১৯৪৫ চনৰ ২৪ জুলাইত মুম্বাইত জন্মগ্ৰহণ কৰা আজিম প্ৰেমজীয়ে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছিল যদিও পিতৃৰ মৃত্যুৰ পিছত মাত্ৰ ২১ বছৰ বয়সতে তেওঁ উইপ্ৰ’ৰ নেতৃত্ব গ্ৰহণ কৰে।
 
আজিম প্ৰেমজী
 
প্ৰথম অৱস্থাত এই কোম্পানীটোৱে বনস্পতি তেল প্ৰস্তুত কৰিছিল যদিও প্ৰেমজীয়ে ইয়াক বিশ্বব্যাপী আই টি আৰু চফটৱেৰ সেৱা কোম্পানীলৈ ৰূপান্তৰিত কৰিছিল। তেওঁৰ দূৰদৰ্শী নেতৃত্বই উইপ্ৰ’ক ভাৰতৰ অন্যতম আগশাৰীৰ প্ৰযুক্তি কোম্পানী কৰি তুলিছিল।
 
সমাজসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত অতুলনীয় অৱদানৰ বাবে আজিম প্ৰেমজী বিশেষভাৱে পৰিচিত। তেওঁ ২০০১ চনত ভাৰতৰ দুৰ্গম অঞ্চলৰ প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰাৰ বাবে কাম কৰা আজিম প্ৰেমজী ফাউণ্ডেচন প্ৰতিষ্ঠা কৰে। এই পৰ্যন্ত সমাজসেৱাত কোটি কোটি টকাৰ অনুদান আগবঢ়োৱা আজিম প্ৰেমজীয়ে বিশ্বৰ সৰ্ববৃহৎ দানকাৰীৰ ভিতৰত অন্যতম।
 
ভাৰত চৰকাৰে তেওঁৰ অসাধাৰণ অৱদানৰ বাবে পদ্ম ভূষণ (২০০৫) আৰু পদ্ম বিভূষণ (২০১১) ৰে সন্মানিত কৰে। আজিম প্ৰেমজী কেৱল এজন সফল ব্যৱসায়ী নহয়, বৰঞ্চ সৰলতা, সততা আৰু সামাজিক দায়বদ্ধতাৰো প্ৰেৰণা।
 
২. শ্বাহনাজ হুছেইনঃ
 
ভাৰতৰ এজন বিখ্যাত সৌন্দৰ্য বিশেষজ্ঞ তথা উদ্যোগী শ্বাহনাজ হুছেইনক বনৌষধি আৰু আয়ুৰ্বেদিক সৌন্দৰ্য্য সামগ্ৰীৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কৃতিত্ব দিয়া হয়। ১৯৪৪ চনৰ ৫ নৱেম্বৰত এলাহাবাদত এটা প্ৰতিষ্ঠিত ন্যায়িক পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল।
 
শ্বাহনাজ হুছেইন
 
মাত্ৰ ১৫ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হৈ ১৬ বছৰ বয়সতে মাতৃ হোৱাৰ পিছতো শ্বাহনাজ হুছেইনে ইৰাণ, লণ্ডন, পেৰিছ, আমেৰিকাৰ দৰে দেশত সৌন্দৰ্যচৰ্চাৰ শিক্ষা গ্ৰহণ কৰে।
 
শ্বাহনাজ হুছেইনে ১৯৭১ চনত দিল্লীৰ ঘৰৰ পৰাই এখন সৰু বনৌষধি চিকিৎসালয় আৰম্ভ কৰে। সেই সময়ত তেওঁ ৰাসায়নিক সামগ্ৰীৰ পৰিৱৰ্তে বিশুদ্ধ প্ৰাকৃতিক আৰু আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁ প্ৰস্তুত কৰা কেশৰ ভিত্তিক ছাল লাইটনিং প্ৰডাক্টটো আন্তঃৰাষ্ট্ৰীয় বজাৰত অতি জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ কোম্পানী শ্বাহনাজ হুছেইন গ্ৰুপ আজি ১০০ খনতকৈও অধিক দেশত উপলব্ধ, আৰু তেওঁৰ হাতত আছে ৩৮০ টাতকৈও অধিক বনৌষধি সূত্ৰ।
 
২০০৬ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা শ্বাহনাজে হাৰ্ভাৰ্ড, অক্সফৰ্ড, এল এছ ইৰ দৰে প্ৰতিষ্ঠিত স্থানত ভাষণ প্ৰদান কৰিছে। শ্বাহনাজ হুছেইনে ভাৰতীয় আয়ুৰ্বেদক বিশ্বব্যাপী মঞ্চত প্ৰতিষ্ঠা কৰাই নহয়, মহিলাসকলৰ বাবেও এক প্ৰেৰণাৰ উৎস হৈ পৰিছে।
 
৩. হাকিম আব্দুল হামিদঃ
 
হাকিম আব্দুল হামিদে চিকিৎসা বিজ্ঞানৰ ইউনানী ব্যৱস্থাটোক পুনৰুজ্জীৱিত কৰাই নহয়, বিশ্বব্যাপী স্বীকৃতিও প্ৰদান কৰিছে। ১৯০৬ চনত তেওঁৰ পিতৃ হাকিম হাফিজ আব্দুল মজিদে দিল্লীৰ এটা গলিত ‘হামদাৰ্ড’ প্ৰতিষ্ঠা কৰে। জনসাধাৰণৰ বাবে ফলপ্ৰসূ আৰু সুলভ মূল্যৰ ঔষধ উপলব্ধ কৰাৰ লক্ষ্যৰে তেওঁলোকে এখন সৰু ইউনানী ঔষধৰ দোকান আৰম্ভ কৰে। পিতৃৰ অকাল মৃত্যুৰ পিছত মাত্ৰ ১৪ বছৰ বয়সতে হাকিম আব্দুল হামিদে হামদৰ্দৰ বাঘজৰী গ্ৰহণ কৰি তাত আধুনিক চিন্তাধাৰাৰ প্ৰৱেশ ঘটালে।
 
হাকিম আব্দুল হামিদ
 
তেওঁ পৰম্পৰাগত ইউনানী চিকিৎসাৰ লগত বৈজ্ঞানিক পদ্ধতিৰ সংমিশ্ৰণেৰে উদ্যোগিক বিপ্লৱ আনিছিল। নতুন মেচিন, লেব আৰু পৰীক্ষাৰ জৰিয়তে তেওঁ হামদাৰ্ডক এক আগশাৰীৰ ঔষধ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিছিল। তেওঁৰ দৃষ্টিভংগীৰ ফলত ১৯৪৮ চনত হামদাৰ্ডক ৱাকফ ঘোষণা কৰা হয়, যাৰ ফলত সেৱা আৰু দানশীলতাক ইয়াৰ মূল নীতি হিচাপে গঢ়ি তোলা হয়। হাকিম আব্দুল হামিদে পদ্মশ্ৰী, পদ্মভূষণ বঁটাকে ধৰি বহু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে।
 
হাকিম আব্দুল হামিদৰ জীৱন এক প্ৰেৰণা, উদ্ভাৱন, সেৱা আৰু নিষ্ঠাৰ প্ৰতিমূৰ্তি। তেওঁৰ উত্তৰাধিকাৰ আজিও হামদাৰ্ডৰ প্ৰতিটো দিশতে জীয়াই আছে।
 
৪. ইউছুফ খোৱাজা হামিদঃ
 
ডাঃ ইউছুফ খোৱাজা হামিদ এজন প্ৰখ্যাত বিজ্ঞানী-উদ্যোগী আৰু ফাৰ্মা কোম্পানী চিপ্লা (Cipla)ৰ অধ্যক্ষ। ১৯৩৬ চনত লিথুৱেনিয়াত জন্মগ্ৰহণ কৰা হামিদে ভাৰতত ডাঙৰ-দীঘল হৈছিল। কেম্ব্ৰিজ বিশ্ববিদ্যালয় (ইউ কে)ত ৰসায়ন বিজ্ঞানত শিক্ষা গ্ৰহণ কৰি তেওঁ জৈৱ ৰসায়ন বিজ্ঞানত পি এইচ ডি কৰে।
 
ইউছুফ খোৱাজা হামিদ
 
বিশেষকৈ এইচ আই ভি/এইডছ, মেলেৰিয়া আৰু টিবিৰ দৰে ৰোগৰ বাবে সুলভ মূল্যৰ ঔষধ যোগান ধৰি ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত ডাঃ হামিদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পেটেণ্টমুক্ত জেনেৰিক ঔষধৰ জৰিয়তে তেওঁ ঔষধ জগতত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল।
 
যিসময়ত আন কোম্পানীয়ে বছৰি ১০ হাজাৰ ডলাৰত এই ঔষধ বিক্ৰী কৰিছিল, তেওঁ এইচ আই ভি ৰোগীৰ বাবে প্ৰতিদিনে মাত্ৰ এক ডলাৰ খৰচত ট্ৰিপল থেৰাপী ঔষধ উপলব্ধ কৰাইছিল। ইয়াৰ ফলত আফ্ৰিকাকে ধৰি বহু উন্নয়নশীল দেশত চিকিৎসাসেৱা সুলভ হৈ পৰিছিল।
 
ভাৰত চৰকাৰে ২০০৫ চনত ডাঃ হামিদক পদ্মভূষণেৰে সন্মানিত কৰে। ইয়াৰ উপৰিও তেওঁ বহু আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে, য’ত আমেৰিকা আৰু ইউৰোপৰ স্বাস্থ্য সংস্থাসমূহে দিয়া কেইবাটাও সন্মান আছে। তেওঁ কেৱল এজন সফল উদ্যোগপতি নহয়, মানৱতাৰ প্ৰকৃত সেৱকো।
 
৫. তৌছিফ মিৰ্জাঃ
 
সকলো প্ৰত্যাহ্বান আৰু বাধা অতিক্ৰম কৰি তৌছিফ মিৰ্জাই ভাৰতীয় চামৰা উদ্যোগক সফলতাৰ নতুন শিখৰলৈ লৈ গৈছে। মিৰ্জা ইণ্টাৰনেশ্যনেল লিমিটেডৰ পৰিচালন সঞ্চালক হিচাপে তেওঁ কেৱল এটা কোম্পানীয়েই নহয়, এটা সমগ্ৰ উদ্যোগকো ৰূপান্তৰিত কৰিছে। তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু উদ্ভাৱনী পদ্ধতিয়ে ভাৰতক বিশ্বৰ চামৰা আৰু জোতাৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে।
 
তৌছিফ মিৰ্জা
 
তৌছিফ মিৰ্জাৰ নিৰ্দেশনাত মিৰ্জা ইণ্টাৰনেশ্যনেল দেশৰ অন্যতম বৃহৎ চামৰাৰ সামগ্ৰী ৰপ্তানিকাৰী কোম্পানী হিচাপে পৰিগণিত হৈছে। ষ্টিভ মেডেন, মাৰ্কছ এণ্ড স্পেন্সৰ, কেনেথ ক’ল আৰু টমী হিলফিগাৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে অংশীদাৰিত্বই ইয়াৰ বিশেষত্বৰ সাক্ষ্য। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাৰ্ক ফিচাৰ কোম্পানীটোৰ সৈতে হোৱা সম্পৰ্ক আৰু ইউৰোপীয় ব্ৰেণ্ডসমূহৰ সৈতে সম্প্ৰসাৰণৰ পৰিকল্পনাই তেওঁৰ বিশ্বব্যাপী দৃষ্টিভংগীক প্ৰতিফলিত কৰে।
 
‘অফ দ্য হুক’, ‘অকট্ৰেক’ আৰু ‘থমাছ ক্ৰিক’ৰ দৰে ব্ৰেণ্ডৰ জৰিয়তে তেওঁ ফেশ্বন জোতাৰ প্ৰিমিয়াম ছেগমেণ্টত ভাৰতীয় পৰিচয় গঢ়ি তুলিছে। ব্ৰিটেইনৰ মিল্টন কেইনছত এটা ডিজাইন ষ্টুডিঅ’ আৰু এটা যুৱ দলৰ সৈতে তেওঁ গুণগত মান, উদ্ভাৱন আৰু বিশ্বব্যাপী সম্প্ৰসাৰণক নিজৰ মন্ত্ৰ হিচাপে বিশ্বাস কৰে। তৌছিফ মিৰ্জা আজি চামৰা উদ্যোগৰ ভৱিষ্যতৰ অন্যতম শক্তিশালী আৰু প্ৰেৰণাদায়ক স্তম্ভ।
 
৬. মহম্মদ মাইনালঃ
 
হিমালয়ান ড্ৰাগছ কোম্পানী (বৰ্তমান হিমালয়া ৱেলনেছ কোম্পানী)ৰ প্ৰেৰণাদায়ক কাহিনী ১৯৩০ চনত মহম্মদ মাইনালে আৰম্ভ কৰিছিল। তেওঁ আছিল এজন দূৰদৰ্শী বিজ্ঞানী আৰু প্ৰকৃতিপ্ৰেমী যিয়ে ভাৰতৰ পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিক আধুনিক বিজ্ঞানৰ সৈতে সংযুক্ত কৰি বিশ্বৰ সন্মুখলৈ অনাৰ সপোন দেখিছিল।
 
মহম্মদ মাইনাল
 
মহম্মদ মাইনালে ডেৰাডুনত কোম্পানীটোৰ ভেটি স্থাপন কৰিছিল যেতিয়া তেওঁ ৰাউৱলফিয়া চাৰ্পেন্টিনা নামৰ ঔষধি উদ্ভিদৰ গুণৰ ওপৰত ভিত্তি কৰি প্ৰথমটো সফল সামগ্ৰী প্ৰস্তুত কৰিছিল। তেওঁৰ লক্ষ্য আছিল বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা আয়ুৰ্বেদক বৈধতা প্ৰদান কৰি আধুনিক বিশ্বৰ লগত সামঞ্জস্যপূৰ্ণ কৰি তোলা।
 
এই চিন্তাৰ ফলত ১৯৫৫ চনত ‘Liv.52’ মুকলি কৰা হয়, যিটো এতিয়াও হিমালয়া ৱেলনেছৰ আটাইতকৈ বিখ্যাত আৰু বিশ্বাসযোগ্য হেপাটো-প্ৰটেক্টিভ প্ৰডাক্ট হিচাপে পৰিগণিত হৈছে। তেওঁৰ পুত্ৰ মিৰাজ মেনালে ১৯৭৫ চনত বেংগালুৰুত এটা উৎপাদন ইউনিট স্থাপন কৰি কোম্পানীটোৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ ভেটি স্থাপন কৰে।
 
আজি হিমালয়া ৱেলনেছ কোম্পানীয়ে ১০৬ খন দেশত উপস্থিতিৰে ১০,০০০+ লোকক নিয়োগ কৰিছে আৰু ইয়াৰ বাৰ্ষিক লেনদেন ৩৭.৬ বিলিয়নতকৈ অধিক। ভাৰতীয় ঔষধ পৰম্পৰাক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰাত মহম্মদ মাইনালৰ অৱদান ঐতিহাসিক আৰু প্ৰেৰণাদায়ক।
 
৭. ইউছুফ আলী এম.এ
 
লুলু গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ইউছুফ আলী এম.এ আজি বিশ্বৰ অন্যতম প্ৰভাৱশালী ভাৰতীয় উদ্যোগী। তেওঁৰ নেতৃত্ব, দৃষ্টিভংগী আৰু কৌশলগত বুদ্ধিমত্তাই লুলু গ্ৰুপক বিশ্বব্যাপী খুচুৰা বিক্ৰীৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
 
ইউছুফ আলী এম.এ
 
আবুধাবিত মুখ্য কাৰ্যালয় থকা এই গ্ৰুপে আজি উপসাগৰীয় দেশসমূহকে ধৰি বিশ্বৰ বহু ঠাইত বহুতো শ্বপিং মল আৰু হাইপাৰ মাৰ্কেট পৰিচালনা কৰি বহু-সাংস্কৃতিক গ্ৰাহকৰ প্ৰয়োজনীয়তাক উৎকৃষ্টতাৰে পূৰণ কৰে।
 
বৰ্তমান লুলু গ্ৰুপে ৪৬খন দেশক সামৰি লৈছে, য’ত ৭০,০০০ৰো অধিক লোক কৰ্মৰত। ইউ এ ই, ভাৰত, আমেৰিকা, ব্ৰিটেইন, ইউৰোপ, আফ্ৰিকা আৰু এছিয়াৰ বহু দেশত এই গোটটোৰ উপস্থিতি আছে আৰু ইয়াৰ বাৰ্ষিক বিশ্বব্যাপী ব্যৱসায় ৮ বিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত।
 
কেৱল ব্যৱসায়িক সফলতাই নহয়, ইউছুফ আলী সামাজিক দায়বদ্ধতা আৰু দান-বৰঙণিৰ ক্ষেত্ৰতো অগ্ৰণী। শিক্ষা, স্বাস্থ্য আৰু দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আবুধাবি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ প্ৰাক্তন উপ-সভাপতি হিচাপে তেওঁ চাৰিবাৰকৈ নিৰ্বাচিত হৈছে। তেওঁৰ দৃষ্টিভংগী, কঠোৰ পৰিশ্ৰম আৰু মানৱীয় মূল্যবোধৰ সংমিশ্ৰণেৰে ভৰা কাহিনীটো এক প্ৰেৰণাস্বৰূপ হৈ পৰিছে।
 
৮. ডাঃ হাবিল খোৰাকিৱালাঃ Habil Khorakiwala
 
ডাঃ হাবিল খোৰাকিৱালা এজন দূৰদৰ্শী নেতা যিয়ে পৰিৱৰ্তনক নিজৰ চিন্তা আৰু কৰ্মনীতিৰ মূল কৰি তুলিছিল। ১৯৬৭ চনত ৱ'কহাৰ্ট (Wockhardt) কোম্পানী প্ৰতিষ্ঠা কৰি তেওঁ ভাৰতৰ প্ৰথম গৱেষণাভিত্তিক বিশ্ব স্বাস্থ্যসেৱা কোম্পানীৰ ভেটি স্থাপন কৰে। এই কোম্পানীটো আজি ঔষধ, জৈৱ প্ৰযুক্তি, এপিআই আৰু ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান।
 
ডাঃ হাবিল খোৰাকিৱালা
 
ছত্ৰপতি সম্ভাজিনগৰত প্লাণ্ট স্থাপনৰ পৰা আৰম্ভ কৰি আমেৰিকা আৰু ইউৰোপৰ ঔষধ কোম্পানী অধিগ্ৰহণ কৰালৈকে তেওঁ প্ৰতিটো খোজতে সাহসী সিদ্ধান্ত লৈছিল। ৱ'কহাৰ্ট আজি বিশ্বৰ একমাত্ৰ কোম্পানী যিয়ে ইউ এছ এফ ডি এৰ দ্বাৰা ছটা এন্টিবায়টিক আৱিষ্কাৰক QIDP মৰ্যাদা প্ৰদান কৰিছে — যিটো “ছুপাৰবাগ”ৰ বিৰুদ্ধে যুঁজত এক বৈপ্লৱিক পদক্ষেপ।
 
তেওঁৰ নেতৃত্বত ৱ'কহাৰ্টে ভাৰতৰ প্ৰথমটো পুনঃসংযোজিত ভেকচিন 'বায়োভেক-বি' আৰু স্বয়ংক্ৰিয় ইনছুলিন পেন 'ভ'চুলিন'ৰ দৰে উদ্ভাৱন কৰিছিল। পাৰ্ডু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এডভান্সড মেনেজমেণ্ট প্ৰ'গ্ৰাম সম্পূৰ্ণ কৰা তেওঁ প্ৰথমজন অনা-আমেৰিকান আছিল, যাক পাৰ্ডুৱে সন্মানীয় ডক্টৰেট প্ৰদান কৰিছিল।
 
‘অডিচি অৱ ক’ৰেজ’ (Odyssey of Courage) আৰু ‘ৱ'কহাৰ্ট স্কুল অৱ ক’ৰেজ’ (Wockhardt School of Courage) নামৰ গ্ৰন্থখনৰ জৰিয়তে তেওঁ আজিৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। সামাজিক দায়িত্ব পালন কৰি তেওঁ ‘ৱ'কহাৰ্ট ফাউণ্ডেশ্যন’ প্ৰতিষ্ঠা কৰে, যিয়ে মানৱতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
 
৯. আজহাৰ ইকবালঃ
 
বিহাৰৰ কিষানগঞ্জৰ দৰে পিছপৰা জিলাৰ পৰা আহি আই আই টি-দিল্লীত খোজ পেলোৱা আজহাৰ ইকবাল আজি ভাৰতৰ আগশাৰীৰ মিডিয়া এপ ইনশ্বৰ্টছ (InShorts)ৰ সহ-প্ৰতিষ্ঠাপক। ইনশ্বৰ্টছৰ বিশেষত্ব হ’ল ৬০টা শব্দত নিৰপেক্ষ, সহজে বুজিব পৰা বাতৰি পৰিৱেশন কৰা। এই অনন্য ধাৰণাটোৰ ফলত InShorts এতিয়ালৈকে ১০ মিলিয়ন+ ব্যৱহাৰকাৰী, ৫০০+ কৰ্মচাৰী আৰু ৫৫ কোটি ডলাৰৰ মূল্যৰ এটা কোম্পানী হৈ পৰিছে।
 
আজহাৰ ইকবাল
 
আজহাৰ ইকবালৰ মতে পৃথিৱীখন বুজিবলৈ সহজ, কিন্তু আমি অপ্ৰয়োজনীয়ভাৱে কথাবোৰ জটিল কৰি তোলোঁ। এই চিন্তাৰে তেওঁ ২০১৩ চনত ফেচবুক পেজৰ জৰিয়তে আৰম্ভ কৰিছিল, য’ত তেওঁ ৬০টা শব্দত বাতৰি পোষ্ট কৰিছিল। গৱেষণা বা জৰীপৰ পৰিৱৰ্তে তেওঁ পোনপটীয়াকৈ MVP (Minimum Viable Product) আৰম্ভ কৰিছিল আৰু ব্যৱহাৰকাৰীৰ মতামতৰ পৰা শিকিছিল।
 
আই আই টিৰ বন্ধুসকলৰ সৈতে মিলি তেওঁ নিউজ ইন শ্বৰ্টছক এপলৈ ৰূপান্তৰিত কৰিছিল আৰু টাইমছ ইণ্টাৰনেট (Times Internet)ৰ ষ্টাৰ্টআপ এক্সিলেটৰত যোগদান কৰি ব্যৱসায়টো বুজি পাইছিল। ইনশ্বৰ্টছৰ মডেলটো বিনামূলীয়া বাতৰি সেৱাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, য’ত ব্ৰেণ্ডেড বি টু বি (B2B) বিজ্ঞাপনৰ পৰা ৰাজহ আহৰণ কৰা হয়। সম্প্ৰতি আজহাৰ শ্বাৰ্ক টেংক ইণ্ডিয়া (Shark Tank India)ৰ বিচাৰক আৰু ইনশ্বৰ্টছ হৈ পৰিছে নতুন ভাৰতৰ দ্ৰুত, সহজ আৰু স্মাৰ্ট চিন্তাধাৰাৰ প্ৰতীক।
 
১০. ইৰফান ৰজকঃ
 
প্ৰেষ্টিজ গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ইৰফান ৰজক ভাৰতৰ ৰিয়েল এষ্টেট খণ্ডৰ এক প্ৰেৰণাদায়ক ব্যক্তি। বাংগালুৰুত জন্মগ্ৰহণ কৰি তাতে ডাঙৰ-দীঘল হোৱা ইৰফান ৰজকে ১৯৮৬ চনত পিতৃ ৰজক সাত্তাৰে প্ৰতিষ্ঠা কৰা প্ৰেষ্টিজ গ্ৰুপক সৰু উদ্যোগৰ পৰা ভাৰতৰ আগশাৰীৰ ৰিয়েল এষ্টেট ব্ৰেণ্ডলৈ ৰূপান্তৰিত কৰে।
 
ইৰফান ৰজক
 
বিগত চাৰিটা দশকত তেওঁ আৱাসিক, বাণিজ্যিক, খুচুৰা আৰু আতিথ্য খণ্ডৰ কেইবাটাও সন্মানীয় প্ৰকল্পৰ নেতৃত্ব দিছে। তেওঁৰ কৌশলগত চিন্তাধাৰা, বজাৰৰ গভীৰ বুজাবুজি আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্বৰ বাবে কোম্পানীটোৱে অসংখ্য বঁটা আৰু গোলকীয় স্বীকৃতি লাভ কৰিছে।
 
ইৰফান ৰজকৰ নেতৃত্ব ব্যৱহাৰিক, সুলভ আৰু প্ৰেৰণাদায়ক। তেওঁ কৰ্মচাৰী, গ্ৰাহক আৰু অংশীদাৰৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তুলি ইতিবাচক কৰ্ম সংস্কৃতি গঢ়ি তোলে। বিশেষকৈ শিক্ষা, স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষেত্ৰত তেওঁৰ সমাজসেৱা অতি উল্লেখযোগ্য।
 
তেওঁ কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছে; যেনে এফ আৰ আই চি এছ, ই ৱাই এণ্টাৰপ্ৰেনিউৰ অৱ দ্য ইয়েৰ ২০২২, কৰ্ণাটক ৰাজোৎসৱ বঁটা ২০২৪, আৰু ই টি বিজনেছ এৱাৰ্ড ২০২৫। কেৱল প্ৰেষ্টিজ গ্ৰুপৰেই নহয়, সমগ্ৰ ৰিয়েল এষ্টেট উদ্যোগৰ ভৱিষ্যত গঢ় দিয়া এজন দূৰদৰ্শী নেতা হৈছে ইৰফান ৰজক।