পাকিস্তানত থকা ভাৰতীয় দূতাবাসত পাক চৰকাৰে বন্ধ কৰিলে পানী-ৰন্ধন গেছৰ যোগান

Story by  atv | Posted by  [email protected] • 1 d ago
পাকিস্তানত থকা ভাৰতীয় দূতাবাসত পাক চৰকাৰে বন্ধ কৰিলে পানী-ৰন্ধন গেছৰ যোগান
পাকিস্তানত থকা ভাৰতীয় দূতাবাসত পাক চৰকাৰে বন্ধ কৰিলে পানী-ৰন্ধন গেছৰ যোগান
 
নতুন দিল্লী
 
পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে ভাৰত-পাকিস্তানৰ মাজত।  ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে পাকিস্তান চৰকাৰে। ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মৌলিক সা-সুবিধাৰ ক্ষেত্ৰত পাকিস্তানে আৰোপ কৰিছে কিছুমান বাধা নিষেধ।
 
নিজৰ ময়মতালিত পাক চৰকাৰে এই সিদ্ধান্ত লোৱাৰ অভিযোগ কৰিছে ভাৰত।  লগতে ভিয়েনা চুক্তিৰ নিয়মাৱলী ভংগ কৰাৰ অভিযোগ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ। ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰ আৰু নতুন দিল্লীয়ে সিন্ধুু জলচুক্তি বাতিল কৰা পাছত পাকিস্তানে উচ্চায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলক সা-সুবিধাৰ পৰা বঞ্চিত কৰিছে।
 
পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ পৰিকল্পনা অনুসৰিয়েই প্ৰতিশোধকল্পে ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলক মৌলিক সা-সুবিধা সমুহৰ পৰা বঞ্চিত কৰাৰ অভিযোগ। তথ্য অনুসৰি পাকিস্তানৰ ইছলামাবাদত থকা ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ত ৰন্ধন গেছৰ পাইপৰ সংযোগ বিচ্ছিন্ন কৰা হৈছে।
 
ইচ্ছাকৃতভাৱে কাৰ্যালয়লৈ ৰন্ধন গেছৰ যোগান বন্ধ কৰিছে পাকিস্তান চৰকাৰে। কেৱল ইমানেই নহয় পাকিস্তানী ৰন্ধন গেছ ব্যৱসায়ীসকলক ভাৰতীয় কৰ্মচাৰীক ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্ৰী নকৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ ফলত কূটনীতিবিদ আৰু আৰু তেওঁলোকৰ পৰিয়ালে মুক্ত বজাৰত দুৰ্লভ আৰু ব্যয়বহুল বিকল্প বিচাৰিবলৈ বাধ্য হৈছে।
 
ইন্ধনৰ লগতে বিশুদ্ধ খোৱা পানীৰ যোগানো বন্ধ কৰিছে পাকিস্তানে। যি সকল ব্যৱসায়ীয়ে ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ত বিশুদ্ধ খোৱা পানী যোগান ধৰিছিল তেওঁলোককো পানী যোগান নধৰিবলৈ নিৰ্দেশ দিছে। এক প্ৰকাৰ পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ত থকা ভাৰতীয় কূটনীতিবিদ আৰু সাধাৰণ কৰ্মচাৰীসকল বিপদত পৰিছে। কিয়নো স্থানীয় ভাৱে পোৱা টেপৰ পানী পৰিশোধিত নহয় আৰু খোৱাৰ অনুপযোগী।
 
পাকিস্তান চৰকাৰে ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ত স্থানীয় বাতৰিকাকত সমুহৰ যোগানো বন্ধ কৰি দিছে। পাকিস্তানৰ এই কাৰ্যক ভাৰতে তীব্ৰ সমালোচনা কৰিছে। ভাৰতৰ অভিযোগ, পাকিস্তানে ভিয়েনা চুক্তি দেখ দেখকৈ উলংঘন কৰিছে। বিষয়টো ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ দৃষ্টি গোচৰ কৰাৰ বাবে প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰ। ভিয়েনা চুক্তিৰ নিয়মাৱলী ভংগ কৰাৰ অভিযোগ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ।