নিউয়ৰ্ক
প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছে। বুধবাৰে ঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি, ৭৮ বছৰীয়া ট্ৰাম্পক দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হয়। ফ্ল’ৰিডাত সমৰ্থকসকলৰ আগত দিয়া আৱেগিক ভাষণত ট্ৰাম্পে দেশজুৰি লাভ কৰা সমৰ্থনৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁৰ এই সাফল্য আমেৰিকাৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ প্ৰত্যাৱৰ্তন হিচাপে পৰিগণিত হৈছে।
পাম বিচ কাউন্টি কনভেনচন চেণ্টাৰ (Palm Beach County Convention Center)ত উল্লাসিত দৰ্শকৰ সন্মুখত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমেৰিকাই তেওঁ এক অভূতপূৰ্ব আৰু শক্তিশালী জনাদেশ দিছে আৰু ইয়াক আমেৰিকানসকলৰ বাবে এক বৃহৎ জয় বুলি তেওঁ অভিহিত কৰে।
পত্নী মেলানিয়া আৰু কনিষ্ঠ পুত্ৰ বেৰনক কাষত লৈ ট্ৰাম্পে এই সাফল্যক “আগতে কেতিয়াও দেখা নোপোৱা ৰাজনৈতিক জয়” বুলি উল্লেখ কৰে। ট্ৰাম্পে পুনৰ কয় যে এই ফলাফলে তেওঁক দেশবাসীৰ প্ৰতি প্ৰেমৰ এক অনন্য অনুভৱ দিছে।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’বলৈ প্ৰয়োজনীয় ২৭০টা ভোটৰ সীমা অতিক্ৰম কৰি ট্ৰাম্পে এতিয়ালৈকে ২৭৭টা ভোট (electoral college votes) লাভ কৰিবলৈ সক্ষম হৈছে। এইদৰে, ট্ৰাম্পে ২২৪টা ভোট লাভ কৰা ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক পৰাস্ত কৰি ৪ বছৰৰ মূৰত পুনৰ হোৱাইট হাউছ দখল কৰিলে। তেওঁ আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি হ'ব।
ৰিপাব্লিকান দলৰ নেতাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক গোচৰৰ বিষয়ে প্ৰত্যক্ষভাৱে উল্লেখ নকৰাকৈয়ে দাবী কৰে যে তেওঁ অসম্ভৱ যেন লগা বাধাসমূহ অতিক্ৰম কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক আন্দোলনৰ নেতৃত্ব দিছে।
বিভাজনকাৰী আৰু হিংসাত্মক বাক্যবাণেৰে উত্তপ্ত হৈ উঠা প্ৰচাৰ অভিযানৰ পিছত ট্ৰাম্পে প্ৰতিশ্ৰুতি দিয়ে যে তেওঁৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালে দেশখনৰ বাবে সোণালী যুগৰ সূচনা কৰিব আৰু এখন শক্তিশালী, নিৰাপদ আৰু সমৃদ্ধিশালী আমেৰিকা নিশ্চিত কৰিব। "আমি আজি নিশা ইতিহাস ৰচনা কৰিলোঁ। আমেৰিকাৰ জনসাধাৰণৰ বাবে এইটো এক মহান জয়, যিয়ে আমাক আমেৰিকাক পুনৰ মহান কৰি তুলিবলৈ অনুমতি দিব।"- ট্ৰাম্পে কয়। তেওঁ অনুপ্ৰৱেশ আৰু সীমান্তৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
দ্বিতীয়বাৰৰ বাবে হোয়াইট হাউছত প্ৰৱেশ কৰিবলৈ সাজু হোৱাৰ সময়ত ড’নাল্ড ট্ৰাম্পে আন এক গুৰুত্বপূৰ্ণ ইংগিত দিয়ে। বিজয় ভাষণত ট্ৰাম্পে কয় যে বিশ্বজুৰি যুদ্ধৰ অন্ত পেলোৱাৰ বাবে তেওঁ এটা ডাঙৰ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিব।
মনকৰিবলগীয়া যে, সুদীৰ্ঘ ১৩২ বছৰৰ মূৰত আমেৰিকাবাসীয়ে ট্ৰাম্পৰ ৰূপত একেগৰাকী ব্যক্তিকে এটা কাৰ্যকালৰ বিৰতিৰ পিছত পুনৰ ৰাষ্ট্ৰপতি হিচাপে লাভ কৰিছে। গ্ৰভাৰ ক্লিভলেণ্ড আমেৰিকাৰ ২২ আৰু ২৪ সংখ্যক ৰাষ্ট্ৰপতি আছিল। তেওঁ ১৮৮৫ৰ পৰা ১৮৮৯ চনলৈ আৰু ১৮৯৩ৰ পৰা ১৮৯৭ চনলৈকে হোৱাইট হাউচত কাৰ্যনিৰ্বাহ কৰিছিল।
একেদৰে, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ প্ৰথম কাৰ্যকাল আছিল ২০১৬ চনৰ পৰা ২০২০ চনলৈ। কিন্তু, ২০২০ চনৰ নিৰ্বাচনী যুঁজত জো বাইডেনৰ হাতত পৰাস্ত হৈ তেওঁ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে জয়ী হোৱাৰ পৰা বঞ্চিত হৈছিল। আজিৰ ফলাফলে ট্ৰাম্পক পুনৰ হোৱাইট হাউচলৈ ঘুৰাই আনিছে।
ইফালে, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ৰ বাবে অভিনন্দন জনাই কয় যে তেওঁ ভাৰত-আমেৰিকাৰ Comprehensive Global and Strategic Partnershipক আৰু অধিক শক্তিশালী কৰাৰ বাবে ৭৮ বছৰীয়া নেতাগৰাকীৰ সৈতে সহযোগিতাৰে আগবাঢ়িবলৈ আগ্ৰহেহে অপেক্ষা কৰিছে।
"ঐতিহাসিক নিৰ্বাচনী জয়ৰ বাবে মোৰ বন্ধু ড'নাল্ড ট্ৰাম্পক আন্তৰিক অভিনন্দন জনাইছো। আপুনি আপোনাৰ পূৰ্বৰ কাৰ্যকালৰ সফলতাসমূহ পুনৰ নিৰ্মাণ কৰাৰ লগে লগে আমি ভাৰত-আমেৰিকাৰ সৰ্বাংগীন বিশ্বব্যাপী আৰু কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে আগবাঢ়িবলৈ মই আগ্ৰহী। আহক আমি একেলগে আমাৰ জনসাধাৰণৰ উন্নতিৰ বাবে আৰু বিশ্ব শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ প্ৰসাৰৰ বাবে কাম কৰোঁ।"-আমেৰিকাৰ নিৰ্বাচনত ট্ৰাম্পৰ জয়ৰ পিছত এক্সত পোষ্ট কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
ছেপ্টেম্বৰ মাহত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক “ফেণ্টাষ্টিক মেন” (সুন্দৰ মানুহ) বুলি অভিহিত কৰিছিল। নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া কোৱাড ছামিট আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনৰ বাবে প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁলোকে লগ হ’ব বুলিও ট্ৰাম্পে আশা প্ৰকাশ কৰিছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালতো দেশখনে ভাৰতৰ সৈতে শক্তিশালী কূটনৈতিক সম্পৰ্ক বজাই ৰাখিছিল। তেওঁক প্ৰধানমন্ত্ৰী মোদীৰ অতি ঘনিষ্ঠ বুলিও জনা যায়। সেই দিশৰ পৰা ট্ৰাম্পৰ বিজয় ভাৰতৰ বাবে ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ জয়লাভৰ লগে লগে ভাৰতীয় ষ্টক বজাৰতো ব্যাপক উত্থান দেখা গৈছে।
ট্ৰাম্পে জয়লাভ কৰাৰ সময়তে বুধবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰৰ বেঞ্চমাৰ্ক সূচকাংক চেনচেক্স আৰু নিফটি ৫০ৰ ৰেলী বৃদ্ধি পাইছে। আই টি, ৰিয়েলটি, অটো, মেটালছ আৰু পি এছ ইউ বেংককে ধৰি প্ৰায় সকলো খণ্ডৰ সূচকাংকই সেউজীয়া ৰূপ ট্ৰেড কৰিবলৈ আৰম্ভ কৰে। ইফালে, নিফটি মিডকেপ ১০০ আৰু নিফটি স্মলকেপ ১০০-এ ফ্ৰনলাইন সূচকাংকক আউটপাৰ্ফৰ্ম কৰি ১.৯%তকৈ অধিক উত্থান লাভ কৰিবলৈ সক্ষম হৈছে।
ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ লগে লগে মাৰ্কিন ডলাৰৰ সূচকাংক শক্তিশালী হয় আৰু আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ২১ পইচা হ্ৰাস পাই ৮৪.৩০ টকাৰ অভিলেখ স্পৰ্শ কৰে।