বি বি চি'ৰ নতুন অধ্যক্ষ ভাৰতীয় মূলৰ ডঃ সমীৰ শ্বাহ

Story by  atv | Posted by  Munni Begum • 7 Months ago
ডঃ সমীৰ শ্বাহ
ডঃ সমীৰ শ্বাহ
 
লণ্ডন
 
বৃটেইন চৰকাৰৰ পছন্দৰ প্রার্থী হিচাপে অচিৰেই বৃটিছ ব্রডকাষ্টিং কৰ্প'ৰেচন (বি বি চি)ৰ অধ্যক্ষৰ সন্মানজনক আসনত অধিষ্ঠিত হ'ব ডঃ সমীৰ শ্বাহ। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ দেশৰ সংস্কৃতি, সংবাদ আৰু ক্রীড়া বিষয়ক এখন বাছনি সমিতিৰ মুখামুখি হ'ব। 
 
উল্লেখ্য যে পূৰ্বৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে বিবাদত সাঙোৰ খাই পদ হেৰুওৱা ৰিচাৰ্ড শ্বাৰ্পৰ স্থলাভিষিক্ত হ'ব ৭১ বছৰীয়া প্রবীণ সাংবাদিক ডঃ সমীৰ শ্বাহ। বি বি চিৰ অধ্যক্ষৰূপে তেওঁৰ বাৰ্ষিক দৰমহা হ'বগৈ ১.৬৭ কোটি টকাৰো অধিক।
 
সংবাদক্ষেত্ৰত চাৰি দশকতকৈও অধিক কালৰ অভিজ্ঞতাৰে পৰিপুষ্ট, ভাৰতীয় মূলৰ প্রবীণ সাংবাদিক ডঃ শ্বাহক ২০১৯ চনত দূৰদৰ্শন আৰু ঐতিহ্য ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে কুইন এলিজাবেথ দ্বিতীয়ই চি বি ই (কমাণ্ডাৰ অব দ্য ম'ষ্ট এক্সিলেন্ট অৰ্ডাৰ অব দ্য বৃটিছ এম্পায়াৰ) হিচাপে সন্মান প্রদান কৰিছিল। 
 
২০০৭ চনৰ পৰা ২০১০ চনলৈ তেওঁ বি বি চিৰ অন্যতম অ-কার্যবাহী সঞ্চালক হিচাপেও নিয়োজিত হৈছিল। ১৯৬০ চনত বৃটেইনলৈ আহিছিল ঔৰংগবাদত জন্মগ্রহণ কৰা শ্বাহে। অক্সফ'র্ড বিশ্ববিদ্যালয়ৰো এসময়ৰ কৃতী ছাত্র আছিল শ্বাহ।