পাকিস্তান আৰু আফগানিস্তাৰ মাজত ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
পাকিস্তান আৰু আফগানিস্তাৰ সীমান্তত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বলি হৈ শতাধিক লোক নিহত হোৱাৰ লগতে আৰু বহু লোক আহত হোৱাৰ পিছত বুধবাৰে সন্ধিয়া দুয়োখন দেশে ৪৮ ঘণ্টীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। এই যুদ্ধবিৰতি বিয়লি ৬ বজাত কাৰ্যকৰী হয়। 
 
ইছলামবাদে এক বিবৃতিত কয় যে, "দুয়ো পক্ষই আলোচনাৰ জৰিয়তে জটিল অথচ সমাধানযোগ্য বিষয়টোৰ ইতিবাচক সমাধান বিচাৰিবলৈ আন্তৰিক প্ৰচেষ্টা চলাব।"
 
পাকিস্তানে দাবী কৰিছে যে, আফগানিস্তানে যুদ্ধবিৰতি বিচাৰিছিল। আফগানিস্তানে এতিয়াও কোনো মন্তব্য কৰা নাই, যুদ্ধবিৰতিৰ সন্দৰ্ভত নহয়, কোনে যুদ্ধ সাময়িকভাৱে বন্ধ কৰিবলৈ অনুৰোধ কৰিছিল, সেই সম্পৰ্কেও পাকিস্তানে কৰা দাবীৰ বিষয়েও কোনো মন্তব্য কৰা নাই। 
 
ইয়াৰ পূৰ্বে আজি পাকিস্তানে কয় যে, তেওঁলোকে নিশাটোৰ ভিতৰতে চলা সামৰিক অভিযানত 'শতাধিক আফগান নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থী'ক হত্যা কৰিছে, যিয়ে শেহতীয়া বছৰবোৰত চুবুৰীয়া দেশসমূহৰ মাজত হোৱা আটাইতকৈ মাৰাত্মক হিংসাৰ সূচনা কৰিছে।
 
পাকিস্তানে লগতে কয় যে, তেওঁলোকে ‘অপ্ৰৰোচিত’ আক্ৰমণক প্ৰতিহত কৰাৰ বাবে টেংক আৰু সামৰিক চকী ধ্বংস কৰিছে। অৱশ্যে আফগানিস্তানৰ দক্ষিণ কাণ্ডাহাৰৰ সীমান্তৱৰ্তী অঞ্চলত আক্ৰমণ চলাই  শতাধিক নিহত হয় আৰু ১০০ৰো অধিক লোক আহত হোৱা বুলি উল্লেখ কৰে আৰু তালিবানে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা বুলি কৰা দাবীক দৃঢ়তাৰে অস্বীকাৰ কৰে।
 
তালিবানৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে, পাকিস্তান সেনাৰ এটা সীমান্ত আউটপোষ্ট ধ্বংস কৰা হৈছে। আফগানিস্তানে নিজৰ ভূখণ্ডত সন্ত্ৰাসবাদী আক্ৰমণ চলোৱা বন্দুকধাৰীক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰিছে পাকিস্তানে। পাকিস্তানে দাবী কৰে যে, ২০২১ চনৰ পৰা এই আক্ৰমণ বৃদ্ধি পাইছে, যেতিয়া তালিবানে ক্ষমতা দখল কৰিছিল। 
 
ইয়াৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে যোৱা সপ্তাহত ৰাজ্যিক ভ্ৰমণৰ সময়ত ভাৰতক কোৱাৰ দৰে তালিবানে নিজৰ ভূমি ব্যৱহাৰ কৰি আন দেশত আক্ৰমণ কৰিবলৈ নিদিয়ে বুলি জোৰ দিছিল। ছৌদি আৰব আৰু কাটাৰৰ আবেদনৰ পিছত দেওবাৰে কিছু সময়ৰ বাবে এই যুদ্ধ বন্ধ হৈ পৰে।
 
যোৱা কেইবছৰমানৰ ভিতৰত আটাইতকৈ মাৰাত্মক হোৱা শেহতীয়া  সংঘৰ্ষটো তালিবানৰ বৈদেশিক মন্ত্ৰী মুত্তকীৰ ভাৰত ভ্ৰমণৰ সৈতে সংগতি ৰাখি কৰা হৈছিল, যিটো ভাৰত ভ্ৰমণক ইছলামবাদে দিল্লীয়ে কাবুলৰ সৈতে সম্পৰ্ক পুনৰ স্থাপন কৰিবলৈ চেষ্টা কৰা বুলি ভাবি লৈছে। 
 
ভাৰতে আফগানিস্তানৰ সৈতেও সম্পূৰ্ণ কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰ কৰিছে আৰু কাবুলত থকা কাৰিকৰী অভিযানক দূতাবাসলৈ উন্নীত কৰিব বুলি বিদেশ মন্ত্ৰী এছ জয়শংকৰে যোৱা সপ্তাহত প্ৰকাশ কৰিছিল। ইছলামবাদে দীৰ্ঘদিন ধৰি কাবুলক সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে - মূলতঃ তেহৰিক-ই-তালিবান পাকিস্তান নামেৰে জনাজাত পাকিস্তানী তালিবান - যিটো তেওঁলোকে অস্বীকাৰ কৰে।