ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্যিক চুক্তিয়ে ইউৰোপক নিজৰ বিৰুদ্ধেই যুদ্ধ কৰাত সহায় কৰিছেঃ আমেৰিকাৰ বিত্ত সচিব স্কট বেছেণ্ট

Story by  atv | Posted by  [email protected] • 2 h ago
ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্যিক চুক্তিয়ে ইউৰোপক নিজৰ বিৰুদ্ধেই যুদ্ধ কৰাত সহায় কৰিছেঃ আমেৰিকাৰ বিত্ত সচিব স্কট বেছেণ্ট
ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্যিক চুক্তিয়ে ইউৰোপক নিজৰ বিৰুদ্ধেই যুদ্ধ কৰাত সহায় কৰিছেঃ আমেৰিকাৰ বিত্ত সচিব স্কট বেছেণ্ট
 
ৱাশ্বিংটন/নতুন দিল্লী
 
ভাৰতৰ সৈতে এতিয়ালৈকে হোৱা আটাইতকৈ বৃহৎ, গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰি ইউৰোপে নিজৰ বিৰুদ্ধেই এখন "যুদ্ধ"ৰ বাবে ধন যোগান ধৰিছে বুলি আমেৰিকাই মন্তব্য কৰিছে৷
 
আমেৰিকাৰ বিত্ত সচিব স্কট বেছেণ্টে কয় যে ইউৰোপে হয়তো মস্কোৰ সৈতে পোনপটীয়া সম্পৰ্ক বহু পৰিমাণে নোহোৱা কৰিছে, কিন্তু ভাৰতত পৰিশোধিত হোৱা ৰাছিয়াৰ তেল ক্ৰয় কৰি তেওঁলোকে পৰোক্ষভাৱে ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ধন যোগান ধৰিছে। উল্লেখনীয় যে ৱাশ্বিংটনে ইতিপূৰ্বে এই বিষয়ত নতুন দিল্লীক লক্ষ্য কৰি শুল্ক আৰোপ কৰিছে।
 
ভাৰত আৰু ইউৰোপীয় ইউনিয়নে তেওঁলোকৰ দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা মুক্ত বাণিজ্য চুক্তিৰ (Free Trade Agreement) আলোচনা সমাপ্ত কৰাৰ সময়তে বেছেণ্টে এই মন্তব্য কৰিছে। এই চুক্তিখন মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ কথা।
 
বেছেণ্টে এই বিষয়টোক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিৰ মাজত হোৱা ত্যাগৰ এক ভাৰসাম্যহীনতা হিচাপে বৰ্ণনা কৰিছে। তেওঁ যুক্তি দিয়ে যে ৱাশ্বিংটনে মস্কোৰ শক্তি বাণিজ্যক অস্থিৰ কৰিবলৈ হেঁচা প্ৰদান কৰাৰ সময়তে ইউৰোপে গোলকীয় তেল বাণিজ্যৰ সুৰুঙা ব্যৱহাৰ কৰি অৰ্থনৈতিকভাৱে উপকৃত হৈছে। ট্ৰাম্প প্রশাসনে ভাৰতৰ পৰা সামগ্ৰী আমদানিত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে, যাৰ ভিতৰত ৰাছিয়াৰ তেল কিনাৰ বাবে ২৫ শতাংশ শুল্কও অন্তর্ভুক্ত।
 
তেওঁ দাবী কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়া-ইউক্ৰেইন সংঘাত নিষ্পত্তিৰ বাবে আলোচনা চলাইছে আৰু ইউৰোপীয়সকলতকৈ আমেৰিকাই বহু বেছি ত্যাগ কৰিছে।
 
দেওবাৰে সংবাদ মাধ্যমক বেছেণ্টে কয়, "আমি ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক লগাইছোঁ। অনুমান কৰক যোৱা সপ্তাহত কি হৈছিল? ইউৰোপীয়সকলে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰে"
 
তেওঁ লগতে কয়, "আৰু এটা কথা স্পষ্ট কৰি দিওঁ, ৰাছিয়াৰ তেল ভাৰতলৈ যায়, তাত ই পৰিশোধিত হয় আৰু তাৰ পিছত ইউৰোপীয়সকলে সেই পৰিশোধিত তেল কিনে। তেওঁলোকে নিজৰ বিৰুদ্ধেই যুদ্ধখনৰ বাবে ধন যোগান ধৰিছে।" তেওঁ লগতে কয় যে ট্ৰাম্পৰ নেতৃত্বত "আমি অৱশেষত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ শেষ কৰিম।"
 
আমেৰিকাৰ শুল্কৰ বাবে গোলকীয় বাণিজ্যত হোৱা ব্যাঘাতৰ মাজতে ভাৰত আৰু ইউৰোপীয় ইউনিয়নে দুই অঞ্চলৰ মাজত অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি কৰাৰ উদ্দেশ্যে আজি এখন মুক্ত বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ কথা ঘোষণা কৰিব। এই আলোচনা ২০০৭ চনতে আৰম্ভ হৈছিল।
 
ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্ছুলা ভেন ডাৰ লিয়েন বৰ্তমান ভাৰতত আছে আৰু তেওঁ নতুন দিল্লীত অনুষ্ঠিত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। তেওঁ এই ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিখনক "এতিয়ালৈকে হোৱা আটাইতকৈ বৃহৎ, গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বাণিজ্যিক চুক্তি" বুলি অভিহিত কৰিছে৷