২০ বছৰ ধৰি সন্ধানহীন হৈ থকা ভাৰতীয় মহিলাক বাংলাদেশত উদ্ধাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
২০ বছৰ ধৰি সন্ধানহীন হৈ থকা ভাৰতীয় মহিলাক বাংলাদেশত উদ্ধাৰ
২০ বছৰ ধৰি সন্ধানহীন হৈ থকা ভাৰতীয় মহিলাক বাংলাদেশত উদ্ধাৰ
 
নতুন দিল্লী

২০ বছৰ পূৰ্বে পশ্চিমবংগত গংগাসাগৰ মেলাৰ সময়ত সন্ধানহীন হোৱা মধ্য প্ৰদেশৰ ৰাধিকা নামৰ মহিলাগৰাকীক বাংলাদেশত উদ্ধাৰ কৰা হৈছে। মহিলাগৰাকীক ভাৰতলৈ ঘূৰাই অনাৰ বাবে আৰু তেওঁৰ পৰিয়ালৰ সৈতে পুনৰ মিলনৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। সংবাদ মাধ্যম NDTV-এ শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে।
 
পশ্চিম বংগৰ ৰেডিঅ' ক্লাবৰ ৰেডিঅ' অপাৰেটৰসকলে ৰাধিকাৰ সন্ধান লাভ কৰে। এই অপাৰেটৰসকলে সন্ধানহীন লোকসকলক বিচাৰি উলিয়ায় আৰু তেওঁলোকক পৰিয়ালৰ সৈতে লগ কৰি দিয়াৰ কাম কৰে।
 
সংস্থাৰ সচিব অম্বৰিশ নাগ বিশ্বাসে কয়, "বাংলাদেশত আমাৰ সূত্ৰই জানিবলৈ দিয়ে যে ৰাধিকা নামৰ ৭০ বছৰীয়া মহিলাগৰাকীক ৰাজপথত ভিক্ষা কৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। যেতিয়া তেওঁৰ স্বামীৰ নাম সোধ হয়, তেওঁ একো উত্তৰ নিদি, কেৱল 'সাগৰ' শব্দটো উচ্চাৰণ কৰে। আমি প্ৰথমতে পশ্চিমবংগৰ 'সাগৰ’ দ্বীপটোত অনুসন্ধান চলাও, কিন্তু তাত কোনো মহিলা নিৰুদ্দেশ হোৱা নাছিল। তাৰপাছত আমি আন ঠাইত বিচাৰিবলৈ আৰম্ভ কৰোঁ।"
 
ৰেডিঅ' ক্লাবৰ অপাৰেটৰসকলে ভাৰতৰ সকলো "সাগৰ" নামৰ ঠাইতে অনুসন্ধান চলাইছিল। এই সময়তে তেওঁলোকে মধ্যপ্ৰদেশৰ সাগৰ সংমণ্ডলৰ খজৰা গাঁৱত ৰাধিকাৰ নিৰুদ্দেশৰ খবৰ পাইছিল।
 
নাগ বিশ্বাসে কয়, "ৰাধিকা গংগাসাগৰ মেলালৈ তীৰ্থযাত্ৰীৰ দল এটাৰ লগত গৈছিল, কিন্তু তেওঁ সেই দলটোৰ পৰা আঁতৰি ভুলবশতঃ এটা বাংলাদেশীৰ দলত সোমাই পৰে। এই দলটোৰ সৈতে তেওঁ ট্ৰেলাৰত উঠি বাংলাদেশলৈ যায়, তাত তেওঁ অসহায় হৈ পৰে আৰু ভিক্ষা মাগিবলৈ আৰম্ভ কৰে।"
 
ৰাধিকাৰ স্বামী আৰু তিনি পুত্ৰ মধ্য প্ৰদেশত বাস কৰিছিল। তেওঁৰ স্বামী বলীৰাম আৰু পুতেক পুৰনৰ ইতিমধ্যে মৃত্যু হৈছে। বাকী দুই পুত্ৰ ৰাজেশ আৰু গণেশ দিল্লীত থাকে আৰু তেওঁলোকে তাত কাম কৰে।
 
নাগ বিশ্বাসে পুনৰ কয়, "ৰাধিকাৰ ফটোখন আমি যেতিয়া পাইছিলো, তেতিয়া তেওঁক বয়সস্থ আৰু মলিন দেখা গৈছিল। আমি তেওঁক পাৰ্লাৰলৈ লৈ চাফ-চিকুণ কৰোঁ। আমি যেতিয়া মহিলাগৰাকীৰ ফটোখন ৰাজেশক দেখুৱাও, ৰাজেশে লগে লগে মাতৃক চিনাক্ত কৰে।’’
 
ৰাজেশ আৰু তেওঁৰ পৰিয়ালে ২০ বছৰৰ মূৰত মাতৃক লগ পাই স্বস্তি আৰু আনন্দ প্ৰকাশ কৰে।
 
NDTV-ৰ বাতৰি অনুসৰি, বাংলাদেশৰ উচ্চায়ুক্ত আৰু ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ক এই বিষয়ে অৱগত কৰা হৈছে। দুয়োপক্ষই মহিলাগৰাকীক ভাৰতলৈ অনাৰ বাবে সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে।