ভূমিকম্প বিধ্বস্ত তুৰস্কৰ ঐতিহাসিক চহৰ এণ্টিয়াকত সাহায্য সামগ্ৰী বিতৰণ জমিয়ত উলেমা-ই-হিন্দৰ

Story by  atv | Posted by  [email protected] • 3 Years ago
তুৰস্কৰ ন্যায় মন্ত্ৰী বেকিৰ বেজদাগক সাক্ষাৎ জমিয়ত প্ৰতিনিধিৰ
তুৰস্কৰ ন্যায় মন্ত্ৰী বেকিৰ বেজদাগক সাক্ষাৎ জমিয়ত প্ৰতিনিধিৰ

 

মালিক আছঘৰ হাচমী / নতুন দিল্লী

 

দক্ষিণ আৰু মধ্য তুৰ্কীত সংঘটিত বিধ্বংসী ভূমিকম্পত আক্ৰান্ত লোকসকলক তাৎক্ষণিকভাৱে খাদ্য আৰু আশ্ৰয়ৰ প্ৰয়োজনহৈছে। এই ভয়ংকৰ ভূমিকম্পত আধা নিযুততকৈও অধিক ঘৰ ধ্বংস হৈছে। প্ৰলয়ংকৰী ভূমিকম্পই এখন বা দুখন চহৰত নহয়, প্ৰায় ১০খন চহৰত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

 

দেশখনৰ ভূমিকম্পপীড়িত লোকসকলক সহায় কৰিবলৈ শেহতীয়াকৈ জমিয়ত উলেমা-ই-হিন্দৰ এটা প্ৰতিনিধি দলে ঐতিহাসিক চহৰ এণ্টিয়াকৰ পৰা সাহায্য অভিযান আৰম্ভ কৰিছে।

 

উল্লেখ্য যে, সদাব্যস্ত এণ্টিয়াক চহৰখন এতিয়া নিৰ্জন হৈ পৰিছে। চহৰখনত কোনো এটা ঘৰ বসবাসৰ উপযোগী হৈ থকা নাই। চহৰখনৰ জনসাধাৰণে প্ৰচণ্ড ঠাণ্ডাৰ মাজত হাজাৰ হাজাৰ সাহায্য শিবিৰত অনিশ্চিত ভৱিষ্যতৰ ক্ষণ গণিছে।

 

এই অসহায় জনসাধাৰণৰ কাষত থিয় দিছে জমিয়ত উলেমা-ই-হিন্দৰ এটা প্ৰতিনিধি দল। তেওঁলোকে অনাথ শিশুসহ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাক্ষাৎ কৰে আৰু সাহায্য সামগ্ৰী প্ৰদান কৰে। জমিয়তৰ প্ৰতিনিধি দলটোত আছিল মুফতি মহম্মদ আনৱাৰ কাছমী বাস্তাৱী দেওবন্দ, চয়দ শ্বাহবাজ আৰু মহম্মদ আব্দুল্লা আদি।

 

 

ইয়াৰ মাজতে জমিয়তৰ প্ৰতিনিধি দলটোৱে তুৰস্কৰ ন্যায় মন্ত্ৰী বেকিৰ বেজদাগক সাক্ষাৎ কৰে। তেওঁলোকে এই ভয়াবহ দুৰ্যোগক লৈ ভাৰতীয় মুছলমানসকলৰ হৈ শোক প্ৰকাশ কৰে। প্ৰতিনিধি দলটোৱে জনোৱা মতে, এই সংকটৰ সময়ত তুৰস্কৰ সৈতে থিয় দিছে জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ আছাদ মাদানীয়ে।

 

ইয়াত জমিয়তে সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ কাম কৰিব। ন্যায় মন্ত্ৰীগৰাকীয়ে জমিয়তে কৰি থকা সাহায্য পদক্ষেপকআদৰণি জনাই স্থানীয় পৰ্যায়ত তেওঁৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

 

জমিয়তৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া মৌলানা হাকিমুদ্দিন কাছমীয়ে তেওঁৰ প্ৰতিবেদনত এই তথ্য দিছে যে ইয়াত ভূমিকম্পবন্ধ হোৱাৰ নাম লোৱা নাই। ইটোৰ পিছত সিটো সৰু সৰুভূমিকম্প হৈআছে। তেওঁ কয় যে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত সমগ্ৰ অঞ্চলটো কেইবাকিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে। সকলো প্ৰত্যাহ্বান নেওচি জমিয়তৰ প্ৰতিনিধি দলটোৱে আৰ্তজনৰ কাষ চাপিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে।