আক্ৰমণৰ এদিন পিছত চিকিৎসালয়ত মৃত্যু হয় খামেনেইৰ, ভাৰতভিত্তিক সহায়কৰ দাবী

Story by  atv | Posted by   Imtiaz Ahmed • 1 d ago
আয়াতুল্লাহ আলী খামেনেই
আয়াতুল্লাহ আলী খামেনেই
নতুন দিল্লী

ভাৰতত থকা ইৰাণৰ প্ৰতিনিধি আব্দুল মজিদ হাকিম ইলাহীয়ে মঙলবাৰে ভাৰতৰ এটা ব্যক্তিগত টেলিভিছন চেনেলক জনাইছে যে আমেৰিকা-ইজৰাইলৰ বিমান আক্ৰমণৰ কেইঘন্টামানৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই চিকিৎসাৰ সময়ত চিকিৎসালয়ত মৃত্যুবৰণ কৰে। এনডিটিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এলাহীয়ে লগতে কয় যে তেওঁৰ দেশে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ যত্ন লৈছে, আৰু তেওঁলোক উভতি আহিব বিচাৰিলে নিৰাপদে ঘূৰাই পঠিওৱা হ’ব।

ইলাহীয়ে কয়, "আক্ৰমণৰ সময়ত আয়াতুল্লাহ খামেনেইৰ জোঁৱাই আৰু কন্যাৰ থিতাতে মৃত্যু হয়। অৱশ্যে সেই মুহূৰ্তত আয়াতুল্লাহ খামেনেই শ্বহীদ হোৱা নাছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, আৰু পিছদিনা তাত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।"

ইলাহীয়ে কয়, "আয়াতুল্লাহ খামেনেইৰ শ্বহীদ হোৱাটো আমাৰ সকলোৰে বাবে অপৰিসীম দুখৰ মুহূৰ্ত।"

তেওঁ লগতে কয় যে, "মই আশা কৰিছো যে যিসকলে অত্যাচাৰৰ বিৰুদ্ধে মাত মাতে তেওঁলোকে তেওঁৰ পথটো মনত ৰাখিব আৰু সেই পথত আগবাঢ়ি যাব। আয়াতুল্লাহ খামেনেই সদায় নিপীড়িতসকলৰ সৈতে থিয় দিছিল, আৰু তেওঁ বিচাৰিছিল যে মুছলমান আৰু অমুছলমানৰ মাজত সদায় ঐক্য বিৰাজমান হওক।"

ইৰাণৰ ৪০ বছৰতকৈও অধিক সময় ধৰি সৰ্বোচ্চ নেতা হিচাপে কৰ্মৰত খামেনেইৰ মৃত্যু হয় যেতিয়া তেওঁ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি আছিল আৰু ইজৰাইল আৰু আমেৰিকাই যৌথ অভিযান আৰম্ভ কৰে। এই আক্ৰমণত প্ৰায় ১০ জন শীৰ্ষ সামৰিক আৰু প্ৰশাসনিক বিষয়াৰ মৃত্যু হৈছিল।

ইৰানে ইউ এ ই, বাহৰেইন, কুৱেইট, চৌদি আৰব, কাটাৰ, ইৰাক, ওমান, জৰ্ডানকে ধৰি চুবুৰীয়া দেশসমূহৰ ইজৰাইল আৰু আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি প্ৰতিআক্ৰমণ কৰাৰ লগে লগে পৰিস্থিতি তীব্ৰতৰ হৈ পৰে আৰু ইৰাণত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকল আবদ্ধ হৈ পৰে।

"আমাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা। সদায়ৰ দৰেই আমি এই ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিত স্থানত ৰাখি তেওঁলোকৰ যত্ন লৈছো। যেতিয়াই তেওঁলোকে ঘূৰি আহিব বিচাৰে তেতিয়াই আমি সম্পূৰ্ণ প্ৰস্তুতি চলাম আৰু তেওঁলোকৰ বাবে সকলো ব্যৱস্থা নিশ্চিত কৰিম।"- এলাহীয়ে কয়।

মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ পৰিস্থিতি আমেৰিকা আৰু চিয়োনবাদী শাসন (ইজৰাইল)ৰ বাবেই হৈছে বুলিও তেওঁ কয়, আৰু তেওঁলোকৰ বাবেই সকলোৱে ক্ষতিগ্ৰস্ত হৈছে বুলি কয়।