আফগানিস্তানত সংঘটিত বোমা বিস্ফোৰণত নিহত ১৬ জন আৰু আহত ২৪ জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
উত্তৰ আফগানিস্তানৰ বোমা বিস্ফোৰণৰ প্ৰতিনিধিত্বমূলক ছবি
উত্তৰ আফগানিস্তানৰ বোমা বিস্ফোৰণৰ প্ৰতিনিধিত্বমূলক ছবি
কাবুল
 
উত্তৰ আফগানিস্তানত বুধবাৰে সংঘটিত হোৱা বিস্ফোৰণত ১৬ জন লোক নিহত হোৱাৰ লগতে ২৪ জন আহত হয়।
 
ট’লো নিউজে প্ৰকাশ কৰা বাতৰি অনুসৰি বিয়লিৰ নামাজৰ সময়ত সমংগন চহৰৰ আয়বাকৰ জাহদিয়া চেমিনাৰীত সংঘটিত হয় এই বিস্ফোৰণ।
সমংগন প্ৰাদেশিক চিকিৎসালয়ৰ এজন চিকিৎসকে জনোৱা মতে, কমেও ১৫ জন মৃত আৰু আহত ২৭ জন লোকক এই চিকিৎসালয় লৈ অনা হৈছে।
তালিবানৰ এজন বিষয়াই জনোৱা মতে, উত্তৰ আফগানিস্তানৰ এখন ধৰ্মীয় বিদ্যালয়ত বোমা বিস্ফোৰণৰ ফলত কমেও ১০ জন ছাত্ৰ-ছাত্ৰী নিহত হৈছে। বিয়লিৰ নামাজৰ সময়ত সংঘটিত হৈছে এই বিস্ফোৰণ।
 
স্বৰাজ মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল নাফি টাকোৰে কয় যে উত্তৰ সমংগন প্ৰদেশৰ ৰাজধানী আয়বাকত সংঘটিত বিস্ফোৰণত আন কেইবাজনো লোক আহত হৈছে।
এতিয়ালৈ কোনো এটা গোট বা সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব লোৱা নাই। যোৱা বছৰ আমেৰিকা সমৰ্থিত অসামৰিক চৰকাৰখনক উৎখাত কৰাৰ পিছত তালিবানে দেশখন নিয়ন্ত্ৰণ কৰাৰ পিছৰে পৰা আফগানিস্তানত বিস্ফোৰণ আৰু হিংসা নিয়মীয়া হৈ পৰিছে।
অধিকাৰ সংগঠনসমূহে কয় যে তালিবানে মানৱ আৰু মহিলাৰ অধিকাৰক সন্মান জনোৱাৰ একাধিক প্ৰতিশ্ৰুতি ভংগ কৰিছে।