মাউন্ট এভাৰেষ্ট আৰোহণৰ মাচুল বৃদ্ধি নেপালৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
মাউন্ট এভাৰেষ্ট আৰোহণৰ মাচুল বৃদ্ধি নেপালৰ
মাউন্ট এভাৰেষ্ট আৰোহণৰ মাচুল বৃদ্ধি নেপালৰ
 
নতুন দিল্লী
 
পৰ্বতাৰোহীসকলৰ বাবে দুঃখবৰ। বিশ্বৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টক আৱৰ্জনা প্রদূষণ মুক্ত কৰি ৰখাৰ প্ৰচেষ্টাৰ অংশ হিচাপে নেপালে ব্যবস্থা হাতত লৈছে। এই ব্যৱস্থাৰ অধীনত দেশখনে সর্বোচ্চ শৃংগটো আৰোহণৰ মাচুল একেকোবে প্রায় ৩৬ শতাংশ বৃদ্ধি কৰিছে।
 
বিদেশী পর্বতাৰোহীসকলে অহা এক ছেপ্টেম্বৰৰ পৰা আৰোহণৰ অনুমতিৰ বাবে বর্ধিত মাচুল দিব লাগিব। দেশখনে মার্চ-মে' মাহলৈ এভাৰেষ্ট আৰোহণৰ মাচুল পূৰ্বৰ প্রায় ৯.৫ লাখ টকাৰ (১১ হেজাৰ ডলাৰ) টকাৰ পৰা প্রায় ১৩ লাখ টকা (১৫ হেজাৰ ডলাৰ) লৈ বৃদ্ধি কৰিছে।
 
ছেপ্টেম্বৰ-নৱেম্বৰলৈ খোজাসকলে পূৰ্বৰ ৫,৫০০ পর্বতাৰোহণ কৰিব ডলাৰৰ পৰিবৰ্তে ছেপ্টেম্বৰৰ পৰা দিব লাগিব ৭,৫০০ ডলাৰ। জুন-আগষ্টলৈ শৃংগটো আৰোহণ কৰিব খোজা বিদেশী পৰ্বতাৰোহীসকলে পূৰ্বৰ ২,৭৫০ ডলাৰৰ পৰিবৰ্তে দিব লাগিব ৩,৭৫০ ডলাৰ।