নতুন দিল্লী
ভাৰত সীমান্তৱৰ্তী দক্ষিণ নেপালৰ ৩ জিলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ছুনছাৰি জিলাত অনিৰ্দিষ্টকালৰ বাবে জাৰি কৰা হৈছে সান্ধ্যআইন। সংঘৰ্ষত নিৰাপত্তাৰক্ষীসহ অতি কমেও ৩ জন লোক নিহত আৰু ২২জন লোক আহত হয়। সংঘৰ্ষৰ সূত্ৰপাত দেওবাৰৰ এটা ঘটনাৰ পিছত। এটা ধৰ্মীয় শোভাযাত্ৰাৰ উচ্চস্তৰৰ সংগীত আৰু ধৰ্মীয় পতাকাক লৈ বিতৰ্ক।
ছুনছাৰিৰ কপ্তাগঞ্জত এটা সম্প্ৰদায়ে বাধা প্ৰদান কৰে ধৰ্মীয় শোভাযাত্ৰাটোত। দেওবাৰে কানোৱাৰ যাত্ৰাৰ সময়তে পৰিস্থিতি উত্তপ্ত হৈ পৰে কপ্তাগঞ্জত। কপ্তাগঞ্জত আৰম্ভ হোৱা এই সংঘৰ্ষ বিয়পি পৰে দাঁতিকাষৰীয়া জিলা দুখনলৈ।
পৰিস্থিতি অৱনমিত হোৱাত নেপাল সেনা মোতায়েন কৰে প্ৰশাসনে। নিৰাপত্তাৰক্ষীয়ে ঠায়ে ঠায়ে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়। সংঘৰ্ষত ছিৰাহাত এটি কিশোৰ আৰু ছুনছাৰিত এজন যুৱকসহ ৩জনৰ মৃত্যু ঘটে।
প্ৰশাসনে ছুনছাৰি, ছিৰাহা আৰু ধনুচা জিলাত আইনী প্ৰতিবন্ধকতা জাৰি কৰিছে। ৪জনতকৈ অধিক মানুহ সমবেত হোৱাত বাধা দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা। প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠক আহ্বান কৰে। লগতে টেলিভিশ্যনযোগে দিয়া বাৰ্তাত দেশবাসীক ক্ষান্ত হৈ থকাৰ বাবে আহ্বান জনায়।