ডুবাইত দশেৰাৰ পূৰ্বে মুকলি হ’ব নতুন হিন্দু মন্দিৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
ডুবাইত সিন্ধী গুৰু দৰবাৰ মন্দিৰ
ডুবাইত সিন্ধী গুৰু দৰবাৰ মন্দিৰ
ডুবাই
 
ডুবাইৰ জেবেল আলীত দশেৰা উৎসৱৰ এদিন পূৰ্বে মঙলবাৰে এটি নতুন হিন্দু মন্দিৰ মুকলি হ’ব। খালীজ টাইমছৰ বাতৰি অনুসৰি এই মন্দিৰটো ইউ এ ইৰ অন্যতম পুৰণি হিন্দু মন্দিৰ সিন্ধী গুৰু দৰবাৰ মন্দিৰৰ সম্প্ৰসাৰণ। 
 
উল্লেখ্য যে, ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ ভেটি স্থাপন কৰা হৈছিল। মন্দিৰটো মুকলি হ'লে অঞ্চলটোৰ হিন্দু লোকসকলৰ বহু দশকৰ অপেক্ষাৰ অন্ত পৰিব। ৫ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে জনসাধাৰণৰ বাবে মুকলি হ’বলগীয়া এই মন্দিৰটোৱে সকলো ধৰ্মৰ লোকক প্ৰৱেশৰ অনুমতি দিব। মন্দিৰটোত ১৬ জন দেৱতাৰ প্ৰতিমূৰ্তি আছে বুলি গালফ নিউজে প্ৰকাশ কৰিছে।
বগা মাৰ্বলেৰে নিৰ্মিত মন্দিৰটো ইতিমধ্যে ২০২২ চনৰ ১ ছেপ্টেম্বৰত আংশিকভাৱে মুকলি হৈছে আৰু হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে মন্দিৰটোৰ অপূৰ্ব সুন্দৰ গাঁথনিৰ আভাস লাভ কৰিছে। ইয়াৰ স্তম্ভসমূহক বিভিন্ন অলংকাৰেৰে সুসজ্জিত কৰা হৈছে আৰু সন্মুখভাগ আৰবী আৰু হিন্দু জ্যামিতিক আকাৰত ডিজাইন কৰা হৈছে। 
মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি, মুকলিৰ প্ৰথম দিনাৰ পৰাই মন্দিৰটোত বহু দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে। ভিৰ ব্যৱস্থাপনা আৰু সামাজিক দূৰত্ব সুনিশ্চিত কৰিবলৈ QR ক’ডযুক্ত এপইণ্টমেণ্টৰ জৰিয়তে মন্দিৰত প্ৰৱেশৰ সুব্যৱস্থা কৰা হৈছে।
 
মন্দিৰৰ ভিতৰত ভক্ত
 
বেছিভাগ দেৱতা মূল প্ৰাৰ্থনা গৃহত স্থাপন কৰা হৈছে আৰু কেন্দ্ৰীয় গম্বুজটোৰ ওপৰত এটা বৃহৎ থ্ৰীডি প্ৰিণ্টেড গোলাপী পদুম ওলোমাই ৰখা হৈছে।
 
মন্দিৰৰ ভিতৰত দেৱ-দেৱীৰ মূৰ্তি
 
মন্দিৰৰ অফিচিয়েল ৱেবছাইট অনুসৰি ডুবাইৰ নতুন হিন্দু মন্দিৰটো পুৱা ৬:৩০ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব। ডুবাইৰ মন্দিৰটোত দৈনিক প্ৰায় ১০ ৰ পৰা ১২০০ উপাসকক সহজে স্থান দিয়াৰ ক্ষমতা আছে। 
 
উল্লেখ্য যে, গীৰ্জা আৰু গুৰু নানক দৰবাৰ গুৰুদ্বাৰ থকা 'উপাসনা গাঁও' হিচাপে পৰিচিত জেবেল আলীত অৱস্থিত এই মন্দিৰটোত আগষ্ট মাহত শিখসকলৰ পবিত্ৰ পুথি গুৰু গ্ৰন্থ চাহাবো স্থাপন কৰা হৈছে।