তিনি দশক ধৰি সন্ত্ৰাসবাদক প্ৰতিপালন কৰি অহাৰ কথা স্বীকাৰ পাকিস্তান প্ৰতিৰক্ষা মন্ত্ৰীৰ

Story by  atv | Posted by  [email protected] • 13 d ago
পাকিস্তান প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ
পাকিস্তান প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ
 
নতুন দিল্লী
 
কাশ্মীৰসহ ভাৰতত পাকিস্তান সমর্থিত সন্ত্রাসবাদ চলাই অহা সন্ত্রাসবাদী কাৰ্যকলাপৰ মূলতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্রিটেইন আৰু আন একাংশ পশ্চিমীয়া শক্তি। স্বয়ং পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রী খোৱাজা আছিফে ৰাজহুৱাকৈ এই কথা প্রকাশ কৰি কৈছে যে পশ্চিমীয়া শক্তিৰ স্বাৰ্থতে দেশখনে সন্ত্রাসবাদীসকলক সাহায্য আৰু প্রশিক্ষণ দি আহিছিল।
 
বিগত তিনিটা দশক ধৰি পাকিস্তানে এই কাম কৰি আহিছিল বুলি স্বীকাৰ কৰি পাকিস্তানৰ মন্ত্রীজনে এই কার্যক ভুল বুলি অনুশোচনাও কৰে। পেহেলগাম ঘটনাৰ পৰিপ্ৰেক্ষিতত পোহৰলৈ আহিছে এই নির্মম সত্য। 'আমি এই ঘৃণ্য কাম যোৱা তিনি দশক ধৰি কৰি আহিছো। এই কাম পাকিস্তানে কৰি আহিছে আমেৰিকা, ব্রিটেইনসহ পশ্চিমীয়া দেশসমূহৰ কথামতে। এয়া আমাৰ ভুল সিদ্ধান্ত আছিল। যাৰ ফল আমি ভোগ কৰিবলগা হৈছে।
 
আমাৰ সেই অতীতৰ বাবে আপুনি (সাংবাদিক) আমাক প্রশ্ন কৰিছে।' স্কাই টিভিৰ সাংবাদিকক দিয়া সাক্ষাৎকাৰটোত মন্ত্রী আছিফে এই কথাও স্বীকাৰ কৰে যে পাকিস্তানে যিসকল মুজাদিহীন সন্ত্রাসবাদীক প্রশিক্ষণ দিছিল, সেইসকলক আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানত ৰাছিয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল। আক্ষেপৰ সুৰত পাক মন্ত্রীজনে কয়- 'যদিহে আমি ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে আৰু ইয়াৰ পিচত ৯/১১ৰ পৰৱৰ্তী যুদ্ধত যোগ নিদিলোহেঁতেন, তেন্তে পাকিস্তানৰ ইতিহাস আন ধৰণৰ হ'লহেঁতেন।' স্মৰণীয় যে দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত দ্বিমেৰুকৃত বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ মাজত শীতল যুদ্ধ আৰম্ভহয়।
 
এই সময়ত পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পক্ষত থাকি ছোভিয়েট ৰাছিয়াৰ বিৰোধী কার্যকলাপত জড়িত হৈছিল। আফগানিস্তানত থকা ছোভিয়েট সেনাবাহিনীৰ বিৰুদ্ধে আমেৰিকাৰ নির্দেশমতে পাকিস্তানে সন্ত্রাসবাদী বাহিনীক ব্যৱহাৰ কৰিছিল। মন্ত্রী আছিফে কয়- 'আফগানিস্তানত ছোভিয়েটৰ বিৰুদ্ধে পাকিস্তানক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল আমেৰিকাই।' বিগত আশীৰ দশকত আফগানিস্তানত যিসকল মুজাহিদীনক পাকিস্তান তথা আমেৰিকাই ব্যৱহাৰ কৰিছিল, সেইখিনি সন্ত্রাসবাদীয়েই পিচত তালিবান আৰু অল কায়দাত পৰিণত হৈছিল।
 
ফ্রেংকেনস্টাইনৰ দৰে আমেৰিকাই সৃষ্টি কৰা সন্ত্রাসবাদীয়ে ৯/১১ কাণ্ড সংঘটিত কৰাৰ পিচতহে আমেৰিকা যুক্তৰাষ্ট্ৰই তালিবান আৰু অল কায়দাৰ বিৰোধী স্থিতি ল'বলৈ বাধ্য হৈছিল।


শেহতীয়া খবৰ