মাৰ্চৰ আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়েঃ প্ৰতিবেদন

Story by  atv | Posted by  [email protected] • 2 h ago
মাৰ্চৰ আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়েঃ প্ৰতিবেদন
মাৰ্চৰ আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়েঃ প্ৰতিবেদন
 
অট’ৱা (কানাডা)
 
কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ৰয়টাৰ্ছৰ উদ্ধৃতিৰে মঙলবাৰে 'গ্লোব এণ্ড মেইল'-এ (Globe and Mail) এই খবৰ প্ৰকাশ কৰিছে।
 
কানাডাত নিযুক্ত ভাৰতৰ উচ্চায়ুক্ত দিনেশ পাটনায়কে এক সাক্ষাৎকাৰত জনোৱা অনুসৰি, কানাডাৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালত ইউৰেনিয়াম, শক্তি, খনিজ পদাৰ্থ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
 
কানাডাৰ শক্তি মন্ত্ৰী টিম হডছন এই সপ্তাহত ভাৰত ভ্ৰমণত আছে। তেওঁ নিশ্চিত কৰিছে যে প্ৰধানমন্ত্ৰী কাৰ্নিয়ে ভাৰত ভ্ৰমণ কৰিব, যদিও তেওঁ কোনো নিৰ্দিষ্ট তাৰিখৰ কথা উল্লেখ কৰা নাই। দেওবাৰে এক সাক্ষাৎকাৰত হডছনে কয়, "প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ কোনো এক সময়ত ভাৰত ভ্ৰমণ কৰাৰ পৰিকল্পনা আছে, ই আমাৰ কামৰ অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰিব।"
 
পাটনায়কৰ মতে, ভাৰতৰ সৈতে এক 'ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি'ৰ (CEPA) আনুষ্ঠানিক আলোচনাও মাৰ্চ মাহৰ পৰাই আৰম্ভ হ’ব লাগে। তেওঁ জনোৱা মতে, প্ৰধানমন্ত্ৰী কাৰ্নিয়ে পাৰমাণৱিক শক্তি, তেল আৰু গেছ, পৰিৱেশ, এআই (AI) আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে বিষয়ত সৰু সৰু চুক্তিৰ লগতে শিক্ষা আৰু সংস্কৃতিৰ চুক্তিত স্বাক্ষৰ কৰিব। ইয়াৰ ভিতৰত ১০ বছৰীয়া ২.৮ বিলিয়ন ডলাৰৰ ইউৰেনিয়াম যোগান ধৰাৰ চুক্তিয়েও গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।
 
শক্তি মন্ত্ৰী হডছনে ইউৰেনিয়াম চুক্তিৰ কথা নিশ্চিত কৰা নাই যদিও জনাইছে যে ভাৰতে যদি আন্তৰ্জাতিক শক্তি সংস্থাৰ (IEA) নীতি-নিৰ্দেশনাসমূহ মানি চলে, তেন্তে কানাডা-ভাৰত পাৰমাণৱিক সহযোগিতা চুক্তিৰ অধীনত কানাডাই ইউৰেনিয়াম বিক্ৰী কৰি সুখী হ'ব।
 
পাটনায়কৰ মতে, অতি সোনকালে ভাৰতৰ বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেল আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেও কানাডা ভ্ৰমণ কৰিব। ইয়াৰ উপৰি, ভাৰত আৰু কানাডাৰ মাজত চোৰাংচোৱা তথ্য আদান-প্ৰদান আৰু সুৰক্ষা ব্যৱস্থাৰ আলোচনাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অহা মাহত অট’ৱা ভ্ৰমণ কৰিব।
 
ইয়াৰ পূৰ্বে সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কানাডাৰ বৈদেশিক মন্ত্ৰী অনিতা আনন্দৰ সৈতে ভাৰত-কানাডা দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনা চলায়।
 
এই ঘটনাক্ৰমসমূহ এনে এক সময়ত আহিছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ সৈতে বাণিজ্যিক চুক্তি নকৰিবলৈ কানাডাক সকীয়াই দিছে। প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে কানাডাৰ অৰ্থনীতিক গোলকীয় ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ দেশবাসীক 'Buy Canadian' (কানাডাৰ সামগ্ৰী কিনক) বুলি আহ্বান জনাইছে। তেওঁ জনাইছে যে অহা দশকটোৰ ভিতৰত কানাডাই আমেৰিকাৰ বাহিৰে আন দেশলৈ কৰা ৰপ্তানি দুগুণ বৃদ্ধি কৰিব বিচাৰে।
 
বিগত বৰ্ষৰ নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০২৬ চনৰ আৰম্ভণিতে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ কাৰ্নিয়ে গ্ৰহণ কৰিছিল। ২০২৫ চনৰ আগষ্টত দুয়োখন দেশৰ মাজত পুনৰ উচ্চায়ুক্তৰ আদান-প্ৰদান হোৱাৰ পিছত দুই প্ৰধানমন্ত্ৰীয়ে কূটনৈতিক সম্পৰ্ক আৰু মানুহৰ মাজত যোগাযোগ বৃদ্ধি কৰাৰ বাবে সন্মত হৈছিল।
 
ভাৰত আৰু কানাডাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৫০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ইয়াৰ বাবে সন্মিলনৰ সময়ত মোদী আৰু কাৰ্নিয়ে 'ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি' (CEPA)ৰ আলোচনা আৰম্ভ কৰিবলৈ সন্মত হৈছে।