নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে সোমবাৰে লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।
বিগত ১১ বছৰত সাধন হোৱা ভাৰতৰ দ্ৰুত অৰ্থনৈতিক ৰূপান্তৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধন, নীতিৰ পূৰ্বানুমান, সুস্থিৰ ৰাজনীতি আৰু ইজ অৱ ডুয়িং বিজনেছে চালিত কৰা ভাৰত বিশ্বৰ অতিশয় দ্ৰুত-বৰ্ধমান বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।
উদ্ভাৱন, ডিজিটেল বিপ্লৱ, ষ্টাৰ্ট-আপ আৰু ভৱিষ্যতৰ আন্তঃগাঁথনি উন্নয়নত প্ৰদান কৰা অগ্ৰাধিকাৰত গুৰুত্ব আৰোপেৰে তেখেতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি ভাৰত কেইবছৰমানৰ ভিতৰতে তৃতীয় সৰ্ববৃহৎ হ’বলৈ সুস্থিৰ অৱস্থাত আছে বুলি কয়। তেওঁ কয় যে ভাৰতৰ অসামৰিক বিমান পৰিবহণ, বন্দৰ, জাহাজ নিৰ্মাণ, ডিজিটেল পেমেন্ট আৰু সেউজ উন্নয়ন খণ্ডৰ অবিৰত বৃদ্ধিয়ে চাইপ্ৰাছৰ কোম্পানীসমূহৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব স্থাপনৰ অসংখ্য সুযোগ মুকলি কৰিছে।
তেওঁ আৰু ভাৰতৰ দক্ষ প্ৰতিভা আৰু ষ্টাৰ্ট-আপ বাতাবৰণৰ শক্তিত আলোকপাত কৰে আৰু উৎপাদন, এআই, কোৱান্টাম, অৰ্ধপৰিবাহী আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহক ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা যোগোৱা নতুন আৰু উদীয়মান ক্ষেত্ৰ হিচাপে অভিহিত কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চাইপ্ৰাছ ভাৰতৰ বাবে বিশেষকৈ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ খণ্ডত এক উল্লেখযোগ্য অৰ্থনৈতিক অংশীদাৰ আৰু তেখেতে ভাৰতীয় অৰ্থনীতিত নতুন বিনিয়োগৰ বাবে চাইপ্ৰাছৰ ব্যাপক আগ্ৰহক আদৰণি জনায়। বিত্তীয় সেৱা খণ্ডত ব্যৱসায়িক সংযোগৰ সম্ভাৱনাত আলোকপাতেৰে দুয়োগৰাকী নেতাই এনএছই ইন্টাৰনেচনেল এক্সচেঞ্জ গিফ্ট চিটি, গুজৰাট আৰু চাইপ্ৰাছ ষ্টক এক্সচেঞ্জৰ মাজত বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কাৰ্য্যক আদৰণি জনায়।
এনআইপিএল (এনপিচিআই ইন্টাৰনেচনেল পেমেন্টছ লিমিটেড) আৰু ইউৰোবেংক চাইপ্ৰাছ দুয়োখন দেশৰ মাজত সীমান্ত অতিক্ৰমি পেমেন্টৰ বাবে ইউপিআই প্ৰৱৰ্তনৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হয়, যিয়ে পৰ্যটক আৰু ব্যৱসায়ীসকলক উপকৃত কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত–গ্ৰীচ–চাইপ্ৰাছ (IGC) ব্যৱসায় আৰু বিনিয়োগ পৰিষদৰ গঠন কাৰ্য্যকো আদৰণি জনায়, যিয়ে জাহাজ, লজিষ্টিক, নবীকৰণযোগ্য শক্তি, অসামৰিক বিমান পৰিবহণ আৰু ডিজিটেল সেৱাৰ দৰে খণ্ডত ত্ৰিপাক্ষিক সহযোগিতা প্ৰশস্ত কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে একাধিক ভাৰতীয় কোম্পানীয়ে চাইপ্ৰাছক ইউৰোপৰ প্ৰৱেশদ্বাৰ আৰু আইটি সেৱা, বিত্তীয় ব্যৱস্থাপনা আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে গ্ৰহণ কৰা কাৰ্য্যক আদৰণি জনায়।