মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে প্ৰাণ গ'ল ৫৭ জনৰ

Story by  atv | Posted by  [email protected] • 14 h ago
মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে প্ৰাণ গ'ল ৫৭ জনৰ
মৰক্কোৰ পৰা স্পেইনত প্ৰৱেশৰ চেষ্টা ৬০ হাজাৰ শৰণাৰ্থীৰ; বাটতে প্ৰাণ গ'ল ৫৭ জনৰ
 
নতুন দিল্লী
 
মৰক্কোৰ পৰা প্ৰায় ৬০ হাজাৰ শৰণাৰ্থীয়ে স্পেইনৰ দক্ষিণ আফ্ৰিকান ভূখণ্ড চেউটাত প্ৰৱেশ কৰিছে। সেইটোও মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে! খবৰ অনুসৰি, সীমান্ত পাৰ হৈ যোৱাৰ সময়তে মৃত্যু হৈছে ৫৭ জন লোকৰ।
 
স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে এইদৰে ঢলে ঢলে শৰণাৰ্থীৰ প্ৰৱেশক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ শৰণাৰ্থীৰ আগমনক স্পেইনৰ ওপৰত ‘আক্ৰমণ’ বুলি উল্লেখ কৰিছে। তেওঁ দেশবাসীক আশ্বাস দিছে যে সকলো শৰণাৰ্থীক অতি সোনকালে মৰক্কোলৈ ঘূৰাই পঠিওৱা হ’ব।
 
ইপিনে, ব্ৰিটেইন, ফ্ৰান্সকে ধৰি ইউৰোপৰ কেইবাখনো দেশে স্পেইনৰ শৰণাৰ্থী সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে সহায়ৰ প্ৰতিশ্ৰুতিও দিছে।
 
জনা যায় যে জিব্ৰাল্টাৰ জলদ্বীপে চেউটাক স্পেইনৰ মূল ভূখণ্ডৰ পৰা পৃথক কৰিছে। ইয়াৰ অৱস্থান মৰক্কোৰ উত্তৰ উপকূলত। শৰণাৰ্থীসকলে ইউৰোপত প্ৰৱেশ কৰিবলৈ প্ৰায়ে চেউটাক বাছি লয়। কিন্তু, হঠাতে স্পেইনলৈ দলে-বলে মানুহ আহিল কিয়, সেই বিষয়ে কোনো কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।