গণ প্ৰহাৰৰ পৰা মহিলাক ৰক্ষা কৰা পাকিস্তানৰ সাহসী আৰক্ষী বিষয়াক সন্মানিত কৰিব ছৌদি আৰব চৰকাৰে

Story by  atv | Posted by  [email protected] • 4 Months ago
পাকিস্তানত থকা ছৌদি ৰাষ্ট্ৰদূত নৱাফ বিন ছাইদ আল-মালকীৰ সৈতে এ এছ পি চৈয়দা শ্বেহৰবানো নাকভি
পাকিস্তানত থকা ছৌদি ৰাষ্ট্ৰদূত নৱাফ বিন ছাইদ আল-মালকীৰ সৈতে এ এছ পি চৈয়দা শ্বেহৰবানো নাকভি
 
নতুন দিল্লী

লাহোৰত ‘নিন্দাসূচক পোছাক’ পিন্ধাৰ ‘দোষ’ৰ বাবে এগৰাকী মহিলাক সম্ভাৱ্য গণ প্ৰহাৰৰ পৰা ৰক্ষা কৰা পাকিস্তানী মহিলা আৰক্ষী বিষয়া ছেইদা শ্বেহৰবানো নাকভিক ছৌদি আৰৱ চৰকাৰে ৰাজকীয় ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে। জিঅ’ নিউজৰ মতে, পাকিস্তানত থকা ছৌদি আৰৱৰ ৰাষ্ট্ৰদূত নৱাফ বিন ছাইদ আল-মালকিয়ে কয় যে তেওঁৰ বীৰত্বপূৰ্ণ কাৰ্যৰ পুৰস্কাৰ হিচাপে এ এছ পি ছেইদা শ্বেহৰবানো নাকভি আৰু তেওঁৰ পৰিয়ালৰ বাবে ছৌদি আৰৱ ভ্ৰমণৰ ব্যৱস্থা কৰিব।
 
ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এই ঘটনাৰ ভিডিঅ’ অনুসৰি মহিলাগৰাকীয়ে আৰবী ভাষাৰ প্ৰিন্ট থকা কাপোৰেৰে নিৰ্মিত ট্ৰেণ্ডি কামিজ (টপ) পিন্ধিছিল। দেখা গৈছে যে ছৌদি আৰবকে ধৰি মুছলমান বিশ্বৰ এইটো এটা ফেশ্বন ট্ৰেণ্ড।
 
কিছুমান মানুহে এই বিশেষ মহিলাগৰাকীক লাহোৰৰ আচৰা মাৰ্কেটত দেখা পাইছিল আৰু অলপ সময়ৰ ভিতৰতে ভিৰ গোট খাই তেওঁক কোৰানৰ আয়াত থকা পোছাক পিন্ধাৰ তিৰস্কাৰ কৰিবলৈ ধৰে। কোৰণৰ আয়াত থকা পোছাক পিন্ধি তেওঁ আল্লাহক নিন্দা কৰা বুলিও তাত গোট খোৱা লোকসকলে অভিযোগ তোলে।
 
এনে সময়তে নাকভিয়ে উপস্থিত বুদ্ধিৰে মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে আইন হাতত তুলি ল’বলৈ চেষ্টা কৰা লোকসকলক গৰিহণা দিয়ে। ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ভিডিঅ’টোত দেখা গৈছে যে গণ প্ৰহাৰৰ বাবে লক্ষ্য কৰি লোৱা যুৱতীগৰাকীয়ে ভয়ত কঁপি আছে।
 
এই বীৰত্বৰ বাবে ছৌদি ৰাষ্ট্ৰদূতে নিজৰ দূতাবাসত ছেইদা শ্বেহৰবানোক আতিথ্য প্ৰদান কৰে। নৱাফ বিন ছাইদত হোৱা আদান-প্ৰদানৰ সময়ত আল-মালকিয়ে আৰক্ষী বিষয়াগৰাকীৰ সাহসৰ শলাগ লৈ কয় যে তেওঁৰ পৰিয়ালৰ সৈতে ছৌদি ভ্ৰমণৰ সকলো খৰচ ছৌদি চৰকাৰে ৰাজকীয় অতিথি হিচাপে বহন কৰিব।
পিছত নাকভিয়ে বিদেশী সংবাদ মাধ্যমৰ আগত কয় যে দোকানৰ ভিতৰত আশ্ৰয় লোৱা মহিলাগৰাকীক উদ্ধাৰৰ বাবে আৰ্মাৰ্ড বাহনলৈ ফোন কৰাৰ পৰা বিৰত আছিলো। "মই তেওঁলোকক কৈছিলো যে এইধৰণৰ কামেৰে আমি এটা বেয়া নজিৰ স্থাপন কৰিবলৈ গৈ আছো। গতিকে তোমালোক আঁতৰি দিয়া। তোমালোকক এইবোৰ কৰিবলৈ নিদিও। মই যুৱতীগৰাকীক ভিৰৰ মাজৰ পৰা উলিয়াই আনিম। ইয়াৰ পিছত যুৱতীগৰাকীয়ে মোৰ কাষত সৰু কেঁচুৱাৰ দৰে আঁকোৱালি লৈছিল। মই তেওঁৰ অসহায় ৰূপ কেতিয়াও পাহৰিব নোৱাৰো।" নাকভিয়ে কয়। 
 
উপস্থিত বুদ্ধিৰ পৰিচয় দাঙি ধৰি নাকভিয়ে যুৱতীগৰাকীৰ ৰঙীন চুলিবোৰ বান্ধি দিয়ে, যাতে তেওঁক উদ্ধাৰ কৰাৰ সময়ত কোনেও তেওঁৰ চুলিখিনি টানিব নোৱাৰে। আৰবী আখৰবোৰ দেখি যাতে উন্মত্ত লোকসকল আকৌ উত্তেজিত নহয়, তাৰ বাবে তেওঁক আৰবী প্ৰিন্টৰ কামিজটোও গুচাই দিছিল। আৰক্ষী বিষয়া নাকভিয়ে যুৱতীগৰাকীৰ মুখখন চাদৰেৰে ঢাকি দিয়ে আৰু তেওঁক উদ্ধাৰ কৰি থকাৰ সময়ত এখন আবায়া পিন্ধাই দিছিল।
 
“যুৱতীগৰাকী কঁপি উঠিছিল। তেওঁ মোক কৈছিল যে মানুহবোৰে তেওঁক মাৰি পেলাব, গতিকে তেওঁক উলিয়াই নিদিব।"-নাকভিয়ে কয়। তেওঁ নিয়মীয়াকৈ এনে গোচৰৰ সৈতে মোকাবিলা কৰে। যোৱা দুসপ্তাহত তেওঁ কৰ্তব্যৰ সময়ত তিনিটা এনে গোচৰৰ সৈতে মোকাবিলা কৰিছিল।
 
অস্থিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিষ্ঠা আৰু পেছাদাৰিত্ব প্ৰদৰ্শন কৰাৰ বাবে এ এছ পি ছেইদা শ্বেহৰবানো নাকভিক প্ৰশংসা কৰে ছৌদি ৰাষ্ট্ৰদূতগৰাকীয়ে। ছৌদি আৰৱ চৰকাৰে শেহতীয়াকৈ দেশখনৰ মহিলাসকলক গাড়ী চলোৱা, পুৰুষ সংগী অবিহনে ভ্ৰমণ কৰাৰ অধিকাৰ দিছে।উল্লেখ্য যে, এ এছ পি নাকভিয়ে পাকিস্তান সেনা প্ৰধান জেনেৰেল চৈয়দ অসীম মুনিৰকো সাক্ষাৎ কৰিছে, যিয়ে তেওঁৰ নিষ্ঠা আৰু কৰ্তব্যবোধৰ শলাগ লৈছে।