কানাডাত বিচ্ছিন্নতাবাদীসকলে হিন্দু-কানাডিয়ানসকলক ভাবুকি দি আছেঃ ট্ৰুডোৰ দলৰ সাংসদৰ অভিযোগ

Story by  atv | Posted by  [email protected] • 10 Months ago
সাংসদ চন্দ্ৰ আৰ্য্য
সাংসদ চন্দ্ৰ আৰ্য্য
 
অটোৱা

ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সম্পৰ্ক ক্ৰমান্বয়ে অধিক তিক্ততাপূৰ্ণ হোৱাৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ লিবাৰেল পাৰ্টিৰ সাংসদ চন্দ্ৰ আৰ্য্যই দেশখনৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। সাংসদজনে কয় যে তেওঁৰ দেশত গা কৰি উঠা বিচ্ছিন্নতাবাদীসকলে হিন্দু-কানাডিয়ানসকলক ভাৰতলৈ উভতি যাবলৈ ভয়-ভাবুকি দি আহিছে আৰু ইয়াক লৈ তেওঁ অত্যন্ত হতাশ।
 
শেহতীয়াকৈ কানাডাৰ খালিস্তান আন্দোলনৰ নেতা তথা শিখছ ফৰ জাষ্টিছৰ সভাপতি গুৰপতৱন্ত সিং পান্নুনে হিন্দু-কানাডিয়ানসকলক কানাডা এৰি ভাৰতলৈ উভতি যাবলৈ আহ্বান জনোৱা ঘটনাৰ ওপৰত আলোকপাত কৰি চন্দ্ৰ আৰ্য্যই এই মন্তব্য আগবঢ়ায়। এই ঘটনাই বহু হিন্দু-কানাডিয়ানক শংকিত কৰি তুলিছে।
 
‘মই বুজিব পৰা নাই যে বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ নামত সন্ত্ৰাসবাদৰ মহিমামণ্ডিত বা কোনো ধৰ্মীয় গোটক লক্ষ্য কৰি ঘৃণাজনিত অপৰাধৰ অনুমতি কেনেকৈ দিয়া হয়। কানাডাত যদি কোনো বগা শ্ৰেষ্ঠত্ববাদীয়ে বৰ্ণবাদী কানাডিয়ানৰ যিকোনো গোটক আক্ৰমণ কৰি আমাৰ দেশৰ পৰা ওলাই আহিবলৈ কয়, তেন্তে কানাডাত ক্ষোভৰ সৃষ্টি হ’ব। কিন্তু এই খলিস্তানী নেতাজনে ঘৃণাজনিত অপৰাধৰ পৰা কেনেকৈ হাত সাৰিব পাৰে।’-সাংসদজনে কয়।
 
আৰ্য্যই হিন্দু-কানাডিয়ানসকলক শান্তি বজাই ৰখাৰ লগতে সজাগ হৈ থাকিবলৈ আহ্বান জনায় আৰু হিন্দু-বিদ্বেষৰ যিকোনো ঘটনা সংঘটিত হ’লে স্থানীয় আৰক্ষীক খবৰ দিবলৈ কয়। খালিস্তান আন্দোলনৰ নেতা পান্নুনে হিন্দু কানাডিয়ানসকলক উচটনি দি দেশখনৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ মাজত বিভাজন সৃষ্টি কৰাৰ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে।
 
আৰ্য্যই এই কথাও উল্লেখ কৰে যে কানাডাৰ গৰিষ্ঠসংখ্যক শিখে খালিস্তান আন্দোলনক সমৰ্থন নকৰে। হিন্দু-কানাডিয়ান আৰু শিখ-কানাডিয়ানসকলৰ পাৰিবাৰিক সম্পৰ্ক আৰু সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে।
 
“মই স্পষ্টকৈ কওঁ যে আমাৰ কানাডাৰ শিখ ভাই-ভনীসকলৰ বিপুল সংখ্যকে খালিস্তান আন্দোলনক সমৰ্থন নকৰে। বেছিভাগ শিখ কানাডিয়ানে হয়তো কেইবাটাও কাৰণত খালিস্তান আন্দোলনক ৰাজহুৱাভাৱে নিন্দা নকৰে যদিও তেওঁলোক হিন্দু-কানাডিয়ান সম্প্ৰদায়ৰ সৈতে গভীৰভাৱে জড়িত। কানাডাৰ হিন্দু আৰু শিখসকল পাৰিবাৰিক সম্পৰ্ক আৰু উমৈহতীয়া সামাজিক-সাংস্কৃতিক সম্পৰ্কৰ জৰিয়তে সংযুক্ত হৈ আছে।’-আৰ্য্যই কয়।
 
শেহতীয়াকৈ হিন্দু মন্দিৰত সংঘটিত আক্ৰমণ আৰু সন্ত্ৰাসবাদীয়ে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যাৰ ঘটনাক উদযাপন কৰা কাৰ্যকো সাংসদজনে গৰিহণা দিয়ে। মত প্ৰকাশৰ স্বাধীনতাৰ নামত চৰকাৰে সন্ত্ৰাসবাদক সমৰ্থন জনোৱা আৰু ঘৃণাজনিত অপৰাধৰ অনুমতি দিয়াত তেওঁ ক্ষোভ প্ৰকাশ কৰে।
 
উল্লেখ্য যে, শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক উত্তেজনাই দেশদুখনৰ মাজত সম্পৰ্ক আৰু অধিক জটিল কৰি তুলিছে। প্ৰধানমন্ত্ৰী ট্ৰুডোৱে অভিযোগ উত্থাপন কৰিছিল যে ভাৰতে বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদী ঘোষণা কৰা হৰদীপ নিজ্জাৰৰ হত্যাৰ আঁৰত ভাৰতৰ হাত আছে। ইয়াৰ উত্তৰত কানাডাই এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰে আৰু ভাৰতে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কানাডাৰ এজন জ্যেষ্ঠ কূটনীতিবিদক বহিষ্কাৰ কৰে।
 
ভাৰতে এই অভিযোগক “অৰ্থহীন” আৰু “উদ্দেশ্য প্ৰণোদিত” বুলি গণ্য কৰি ইয়াক নাকচ কৰিছে। যোৱা ১৮ জুনত কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ গুৰদ্বাৰাৰ বাহিৰত খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী নিজ্জাৰক হত্যা কৰা হৈছিল।