প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে ভাৰতত উপস্থিত ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনি

Story by  atv | Posted by  [email protected] • 8 h ago
প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে ভাৰতত উপস্থিত ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনি
প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে ভাৰতত উপস্থিত ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনি
 
চেন্নাই (তামিলনাডু)
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ক্ৰমে ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনি বৃহস্পতিবাৰে চেন্নাইত উপস্থিত হয়। ২০২৫ চনৰ অক্টোবৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণ কালছোৱাত দুয়োখন দেশে তেওঁলোকৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিব। তেওঁৰ এই ভ্ৰমণ ১০ ফেব্ৰুৱাৰীলৈকে চলিব।
 
দুয়োখন দেশৰ মাজত থকা এই দীৰ্ঘদিনীয়া বন্ধুত্বৰ সন্দৰ্ভত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়াযোগে ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনায়।
 
Xত দিয়া এটা পোষ্টত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰমুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, "ভাৰত আৰু ছিচেলছৰ মাজৰ দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক সম্পৰ্কৰ ৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিক ভাৰত ভ্ৰমণৰ বাবে চেন্নাইত উপস্থিত হোৱাৰ সময়ত উষ্ম আদৰণি জনাইছো।’’
 
ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থজড়িত বিষয়ত আলোচনা কৰিব। তেওঁ চেন্নাই আৰু মুম্বাইত বিভিন্ন বাণিজ্যিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।
বিদেশ মন্ত্ৰ্যালয়ে জনোৱা মতে, ভাৰত মহাসাগৰীয় অঞ্চলত ছিচেলছ ভাৰতৰ এজন অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক চুবুৰীয়া দেশ। ভাৰতৰ 'MAHASAGAR' দৃষ্টিভংগী আৰু ‘গ্ল’বেল চাউথ’ৰ (Global South) প্ৰতি থকা দায়বদ্ধতাত ছিচেলছে এক বিশেষ স্থান দখল কৰি আহিছে।
 
২০২৫ চনৰ অক্টোবৰত যেতিয়া পেট্ৰিক হাৰ্মিনিয়ে ছিচেলছৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল, তেতিয়া ভাৰতৰ হৈ উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণণে সেই অনুষ্ঠানত অংশ লৈছিল। তেতিয়াই দুয়োখন দেশৰ মাজত শান্তি, স্থিৰতা আৰু সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা হৈছিল। এতিয়া ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা গভীৰ বন্ধুত্ব আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
 
ভাৰত আৰু ছিচেলছৰ সম্পৰ্ক অতি পুৰণি। মাত্ৰ ৫ জন ভাৰতীয় লোক কৃষি কৰ্মৰ বাবে শ্ৰমিক হিচাপে ছিচেলছলৈ গৈছিল আৰু তেওঁলোককেই সেই দ্বীপপুঞ্জটোৰ আদিম অধিবাসী হিচাপে গণ্য কৰা হয়।
 
এটা সময়ত ছিচেলছক ভাৰতৰ 'বোম্বাই প্ৰেচিডেন্সী'ৰ পৰাই শাসন কৰা হৈছিল আৰু ভাৰতৰ পৰাই তালৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছিল। বৰ্তমান ভাৰত আৰু ছিচেলছৰ সম্পৰ্ক ঘনিষ্ঠ বন্ধুত্ব, পাৰস্পৰিক বুজাবুজি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ এক উৎকৃষ্ট উদাহৰণ।