ব্ৰিটেইনে আশ্ৰয় প্ৰদান নকৰালৈকে ভাৰতত থাকিব শ্বেখ হাছিনা

Story by  atv | Posted by  [email protected] • 1 Years ago
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
 
নতুন দিল্লী

প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ দেখি দেশ ত্যাগ কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰত চৰকাৰে সাময়িকভাৱে আশ্ৰয় গ্ৰহণৰ অনুমতি দিছে।  সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, ব্ৰিটেইনে ৰাজনৈতিক আশ্ৰয় প্ৰদান নকৰালৈকে হাছিনাক ভাৰতে ৰখাৰ দায়িত্ব লৈছে। অৱশ্যে, তেওঁক ভাৰতত থকাৰ অনুমতি সাময়িকভাৱেহে দিয়া হৈছে। ব্ৰিটেইন চৰকাৰৰ পৰা সেউজসংকেত লাভৰ পিছতে হাছিনাই ভাৰত এৰি লণ্ডনলৈ যাব লাগিব।
 
ডেইলী ছানে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৰাজনৈতিক আশ্ৰয় প্ৰদানৰ সন্দৰ্ভত ব্ৰিটেইন চৰকাৰৰ পৰা কোনো নিশ্চয়তা পোৱা নাই। হাছিনাই ব্ৰিটেইনত আশ্ৰয় বিচাৰিছে। তেওঁৰ সৈতে আছে ব্ৰিটেইনৰ নাগৰিক ভগ্নী ৰেহানা।
ইফালে, ভাৰত চৰকাৰৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে নতুন দিল্লীয়ে ঢাকাত চলি থকা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।ইয়াৰ পূৰ্বে, বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে  সোমবাৰে ঘোষণা কৰিছিল যে প্ৰধানমন্ত্ৰী হাছিনাই পদত্যাগ কৰিছে আৰু সেনা বাহিনীয়ে অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছে।