সিন্ধু জল চুক্তি সন্দৰ্ভত পাকিস্তানৰ বিৰুদ্ধে সৰৱ ভাৰত; আৰ্বিট্ৰেচন ক’ৰ্টক ‘অবৈধভাৱে গঠিত’ বুলি আখ্যা

Story by  atv | Posted by  Munni Begum • 23 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
সিন্ধু জল চুক্তিৰ সৈতে জড়িত আৰ্বিট্ৰেচন ক’ৰ্টে শেহতীয়াকৈ দিয়া এক ৰায় সন্দৰ্ভত পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ পত্ৰ প্ৰেৰণ কৰাক লৈ মঙলবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ভাৰতে সংশ্লিষ্ট ন্যায়াধিকৰণটো অবৈধভাৱে গঠিত বুলি উল্লেখ কৰাৰ লগতে পাকিস্তানে মিছা তথ্য প্ৰচাৰ কৰি থকা বুলিও অভিযোগ কৰে।
 
সাপ্তাহিক সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “পাকিস্তানে নিজৰ উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰৰ স্বাৰ্থত তথ্য বিকৃত কৰা আৰু মিছা কথা প্ৰচাৰ কৰাৰ অভ্যাস আছে। প্ৰথম কথা, পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে যিদৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে, সেই তথাকথিত ৰায়টো স্থায়ী আৰ্বিট্ৰেচন ক’ৰ্টৰ ৰায় নহয়; বৰং ই এক অবৈধভাৱে গঠিত আদালতৰ সিদ্ধান্ত।” 
 
তেওঁ লগতে কয়, “আমি ইয়াক পাকিস্তানৰ বাস্তৱতা বিকৃত কৰাৰ আন এক প্ৰয়াস হিচাপে দেখিছোঁ। এই বিষয়ত আমাৰ স্থিতি একেবাৰে স্পষ্ট আৰু আমি কেইবাবাৰো সেই কথা পুনৰ ব্যক্ত কৰিছোঁ।”
 
ভাৰতে ধাৰাবাহিকভাৱে এই আৰ্বিট্ৰেচন ক’ৰ্টক নাকচ কৰি আহিছে। নতুন দিল্লীৰ মতে, সিন্ধু জল চুক্তি উলংঘা কৰি এই আদালত গঠন কৰা হৈছিল আৰু ভাৰতে কেতিয়াও এই সংস্থাক স্বীকৃতি দিয়া নাই বা ইয়াৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰা নাই। ভাৰতৰ স্থিতি হৈছে, ভাৰতৰ সাৰ্বভৌম সিদ্ধান্তৰ ওপৰত এই ন্যায়াধিকৰণৰ কোনো অধিকাৰক্ষেত্ৰ নাই আৰু ইয়াৰ কোনো ঘোষণাই ভাৰতৰ কাৰ্যকলাপত প্ৰভাৱ পেলাব নোৱাৰে। 
 
যোৱা বছৰৰ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন লোক নিহত হোৱাৰ পিছত ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল। নতুন দিল্লীয়ে কৈ আহিছে যে, সীমান্তপাৰ সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে বিশ্বাসযোগ্য আৰু অপৰিৱৰ্তনীয়ভাৱে সমৰ্থন বন্ধ নকৰালৈকে চুক্তিখন স্থগিত অৱস্থাতে থাকিব। 
 
৩১ আগষ্টত আৰ্বিট্ৰেচন ক’ৰ্টে দিয়া এক সিদ্ধান্তত কয় যে, সিন্ধু জল চুক্তি এতিয়াও কাৰ্যকৰী হৈ আছে আৰু ভাৰতে একপক্ষীয়ভাৱে ইয়াক স্থগিত ৰাখিব নোৱাৰে। ইয়াৰ পিছতে ভাৰতে এই সিদ্ধান্ত প্ৰত্যাখ্যান কৰি আৰ্বিট্ৰেচন ক’ৰ্টক “অবৈধভাৱে গঠিত” বুলি অভিহিত কৰাৰ লগতে ভাৰতৰ সাৰ্বভৌম সিদ্ধান্তৰ ওপৰত ইয়াৰ কোনো অধিকাৰক্ষেত্ৰ নাই বুলি স্পষ্ট কৰে। 
 
সংবাদমেলত জয়ছোৱালে কয় যে, পাকিস্তানে সীমান্তপাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে “বিশ্বাসযোগ্য পদক্ষেপ” গ্ৰহণ কৰিব লাগিব, তেতিয়াহে আন্তঃৰাষ্ট্ৰীয় মহলে ইছলামাবাদে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব বুলি বিশ্বাস কৰিব পাৰিব। তেওঁ কয়, “পাকিস্তানে নিজৰ পদক্ষেপ আৰু দৃঢ় প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিব লাগিব। বিশ্বই পাকিস্তানে নিজৰ কথামতে কাম কৰিব বুলি বিশ্বাস কৰাৰ পূৰ্বে দেশখনে সীমান্তপাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বাসযোগ্য পদক্ষেপ গ্ৰহণ কৰিব লাগিব।”