নতুন দিল্লী
২০২৬ চনৰ বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ ফলাফলে শিৰোনাম দখল কৰিছে। এইবাৰ জামাত-ই-ইছলামীয়ে এতিয়ালৈকে প্ৰায় ৬৮ খন আসন লাভ কৰে, কিন্তু বিএনপিয়ে বৃহৎ জয় নিশ্চিত কৰি জামাত পাৰ্টিক পৰাস্ত কৰে।
বাংলাদেশত এতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান দেশৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে। এতিয়া এই সন্দৰ্ভত বলীউডৰ প্ৰখ্যাত গীতিকাৰ জাভেদ আখতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
জামাতৰ পৰাজয়ক লৈ সুখ প্ৰকাশ কৰি জাভেদ আখতাৰে টুইট কৰি কয়,‘বাংলাদেশৰ জামাত-ই-ইছলামী, যিটো তাৰ সোঁপন্থী মতাদৰ্শৰ মূল উৎস আৰু দেশখনত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে দায়ী বুলি গণ্য কৰা হয়,নিৰ্বাচনত বেয়াকৈ পৰাস্ত হৈছে।ইয়াৰ অৰ্থ হৈছে অধিকাংশ বাংলাদেশী জনতা জামাতৰ সংখ্যালঘুৰ বিৰুদ্ধে সাম্প্ৰদায়িক পক্ষপাতিত্ব স্বীকাৰ নকৰে। সেইটো ভাল খবৰ’।
উল্লেখযোগ্য যে, ৬০ বছৰীয়া তাৰিক ৰহমানে ১৭ বছৰ নিৰ্বাসনৰ অন্তত ২০২৫ চনৰ ডিচেম্বৰ মাহত লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহিছিল। মাতৃ খালেদা জিয়াৰ মৃত্যুৰ পিছত তেওঁ বিএনপিৰ অধ্যক্ষ হয়।