নতুন দিল্লী
মানবীয় সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যুদ্ধবিধ্বস্ত গাজাত। পুষ্টিহীনতাত আৰু ছগৰাকীৰ মৃত্যুৰ পিচতে গাজাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। তাৰ মাজতে আজি ইজৰাইলে মানবীয় দৃষ্টিভংগীৰে গাজাত দৈনিক ১০ ঘণ্টা যুদ্ধবিৰতিৰ সিদ্ধান্ত লৈছে।
ইজৰাইলে কৈছে যে ক্ষুধাপীড়িত গাজাৰ বাসিন্দালৈ খাদ্য-সামগ্রী যোগান ধৰাৰ উদ্দেশ্যে এনেদৰে যুদ্ধবিৰতিৰ সিদ্ধান্ত লৈছে।
যোৱা ২৪ ঘণ্টাত পুষ্টিহীনতাৰ বাবে গাজাত ছগৰাকীয়ে প্রাণ হেৰুওৱা বুলি হামাছশাসিত স্বাস্থ্য ম্যালয়ে সদৰী কৰিছে। গাজালৈ আকাশমাৰ্গেৰে ইজৰাইলে খাদ্য যোগান ধৰাৰ প্ৰস্তাৱলৈ ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ খাদ্য আঁচনিৰ ফালৰ পৰা আদৰণি জনোৱা হৈছে। যুদ্ধ আৰম্ভ হোৱাৰে পৰা গাজাত মৃত্যুমুখত পৰিছে ক্ষুধাপীড়িত ১২৭ জন লোক।