মস্কো
বুধবাৰে পুৱাই প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায় ৰাছিয়া। ৮.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই সংঘটিত হয় ৰাছিয়াৰ কামচাটকাৰ দ্বীপপুঞ্জৰ পূব উপকূল অঞ্চল। ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই দেশৰ জনগণৰ লগতে ইয়াৰ উপকন্ঠ অঞ্চলৰ লোকসকলক ছুনামিৰ সতৰ্কবাণী দিছে। প্ৰশান্ত মহাসাগৰত ৰাছিয়া, জাপান, গুৱাম, হাৱাই আৰু আলাস্কাত ছুনামিৰ আশংকা প্ৰকাশ কৰা হৈছে।
এন চি এছৰ এটা পোষ্ট অনুসৰি, ভূমিকম্পটোৰ অভিকেন্দ্ৰ কামচাটকাৰ পূব উপকূলৰ ওচৰত ৫২.৫৬ ডিগ্ৰী উত্তৰে আৰু ১৬০.১০ ডিগ্ৰী পূবে আৰু ইয়াৰ গভীৰতা আছিল ৫৫ কিলোমিটাৰ। লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱাই (এন ডব্লিউ এছ) ছুনামিৰ সতৰ্কতা জাৰি কৰিছে। হাৱাই, গুৱাম আৰু উত্তৰ মাৰিয়ানা দ্বীপসমূহৰ বাবেও ছুনামি হোৱাৰ সতৰ্কতা জাৰি কৰা হৈছে।
যুক্তৰাষ্ট্ৰৰ ভূ-বিজ্ঞান সেৱাৰ মতে, ভূমিকম্পটো ৰাছিয়াৰ পেট্রোপাভ্লভস্কৰ ১৩৬ কিমি দক্ষিণ পূবত সংঘটিত হৈছে। বুধবাৰে পুৱা ৮.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত ৰাছিয়াৰ কুৰিল দ্বীপপুঞ্জ আৰু জাপানৰ উত্তৰ দিশৰ বৃহৎ দ্বীপ হোকাইডোৰ উপকূলীয় অঞ্চলতো ছুনামিৰ আশংকা কৰা হৈছে। হনোলুলুত ছুনামিৰ চাইৰেন বাজি উঠাৰ লগে লগে মানুহক ওখ ঠাইলৈ যাবলৈ কোৱা হৈছে।
ৰাছিয়াৰ আটাইতকৈ ডাঙৰ চহৰ পেট্ৰ’পাভলভস্ক-কামচাটস্কিৰ লোকসকলে যেনি-তেনি ঘৰৰ বাহিৰলৈ ওলাই আহে। বহু ঘৰৰ ভিতৰত কেবিনেট ভাঙি যোৱাৰ লগতে অট্টালিকাৰ বেলকনি আদিও কঁপি উঠে। কামচাটকা অঞ্চলৰ ৰাজধানীত বিদ্যুৎ বিচ্ছিন্ন আৰু ম'বাইল ফোন সেৱা বিকল হৈ পৰিছে।
আলাস্কাত অৱস্থিত নেচনেল ছুনামি ৱাৰ্নিং চেণ্টাৰে আলাস্কা আলেউচিয়ান দ্বীপপুঞ্জৰ কিছু অংশৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে। কেলিফৰ্ণিয়া, অৰেগ' আৰু ৱাশ্বিংটন, হাৱাইকে ধৰি পশ্চিম উপকূলৰ কিছু অংশৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে।
উল্লেখ্য় যে, ১৯৫২ চনৰ ৪ নৱেম্বৰত কামচাটকাত ৯.০ প্ৰাবল্যৰ ভূমিকম্পই ক্ষতিসাধন কৰিছিল যদিও হাৱাইত ৯.১ মিটাৰ (৩০ ফুট) দৈৰ্ঘ্যৰ ঢৌৰ সৃষ্টি হোৱাৰ পিছতো কোনো লোকৰ মৃত্যু হোৱা নাছিল।