ভাৰতৰ ওপৰত ২০ শতাংশৰ পৰা ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ইংগিত ট্ৰাম্পৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
 
ৱাশ্বিংটন
 
শুল্ক কাৰ্যকৰী হোৱাৰ পূৰ্বে স্বয়ংক্ৰিয়ভাৱে আৰোপ কৰা ১ আগষ্টৰ সময়সীমাৰ মাত্ৰ এদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিখন “অতি ভাল কাম কৰি আছে” বুলি উল্লেখ কৰিছে, যদিও নতুন দিল্লীৰ ওপৰত ২০ শতাংশৰ পৰা ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ইংগিতও দিছে। 
 
মঙলবাৰে (স্থানীয় সময়) এয়াৰ ফৰ্চ ৱানত সংবাদ মাধ্যমৰ সৈতে হোৱা এক গেগলৰ সময়ত ট্ৰাম্পে ভাৰতে ২০ৰ পৰা ২৫ শতাংশ শুল্কৰ বাবে সাজু হ’ব পাৰে বুলি প্ৰকাশ কৰা প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰতে আন দেশৰ তুলনাত আমেৰিকাৰ ওপৰত অধিক শুল্ক আৰোপ কৰি আহিছে। তেওঁ লগতে উল্লেখ কৰে যে, এতিয়া তেওঁ দায়িত্বত থকাৰ বাবে এই সকলোবোৰৰ অন্ত পৰিব।
 
অৱশ্যে ট্ৰাম্পে আন বহু ৰাষ্ট্ৰৰ বাবে কৰা দৰে নতুন দিল্লীৰ ওপৰত আৰোপ কৰা শুল্ক ঘোষণা কৰি ভাৰতলৈ কোনো পত্ৰ প্ৰেৰণ কৰা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, "ভাৰত ভাল বন্ধু হৈ আহিছে। কিন্তু ভাৰতে বছৰ বছৰ ধৰি প্ৰায় আন দেশতকৈ মূলতঃ অধিক শুল্ক আৰোপ কৰি আহিছে। কিন্তু এতিয়া মই দায়িত্বত। আৰু আপোনালোকে কেৱল তেনেকুৱা কৰিব নোৱাৰে। মই ভাবো  যে, বাণিজ্যিক চুক্তিসমূহ বহুত ভালকৈয়ে কাম কৰি আছে, আশাকৰোঁ সকলোৰে বাবে, কিন্তু আমেৰিকাৰ বাবে তেওঁলোকআৰু অধিক ভাল হব।"
 
ইয়াৰ পূৰ্বে ২২ এপ্ৰিলত ট্ৰাম্পে আমেৰিকালৈ আমদানি কৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছিল, তাৰ পূৰ্বে এইআৰওপৰত বিৰতি ঘোষণা কৰিছিল। ইফালে, দেওবাৰে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালে কয় যে, ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা “অতি ভাল”কৈ চলি আহিছে। 
 
তেওঁ কয়, "ভাৰতে আজি শক্তিশালী অৱস্থানৰ পৰা, আত্মবিশ্বাসৰ স্থিতিৰ পৰা আলোচনা কৰে। এই আত্মবিশ্বাসেই আমাক ভাল মুক্ত বাণিজ্য চুক্তি কৰিবলৈ অহৰহ উৎসাহিত কৰে। আমেৰিকাৰ সৈতে আমাৰ আলোচনা অতি ভালদৰে আগবাঢ়িছে।"
 
যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী মোদীৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়েও কয় যে, ভাৰতে আমেৰিকাৰ সৈতে সম্ভাৱ্য দ্বিপাক্ষিক বাণিজ্য চুক্তি (বিটিএ) সম্পৰ্কে আলোচনাত সক্ৰিয়ভাৱে জড়িত হৈ আছে, আমেৰিকাত অংশীদাৰ দেশসমূহৰ সৈতে চলি থকা যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।