হিমালয়ত ভয়ংকৰ হিমস্খলন; গাইডসহ ৯ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Months ago
হিমালয়ত ভয়ংকৰ হিমস্খলন; গাইডসহ ৯ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু
হিমালয়ত ভয়ংকৰ হিমস্খলন; গাইডসহ ৯ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু
 
নতুন দিল্লী
 
চুবুৰীয়া দেশ নেপালত দুটা পৃথক হিমস্খলনৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত দুজন গাইডকে ধৰি ৯ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
 
সোমবাৰে পুৱা প্ৰায় ১০ বজাত গৌৰীশংকৰ গ্ৰাম্য পৌৰসভাৰ সমীপৰ মাউণ্ট ইয়ালুং ৰি (৬,৯২০ মিটাৰ)ত হোৱা হিমস্খলনত ৭ জন পৰ্বতাৰোহীক শৃংগটো বগাবলৈ চেষ্টা কৰি থকাৰ সময়তে সমাধিস্থ হয় বুলি আৰক্ষীয়ে জনায় । সাতজন পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰৰ বাবে যৌথ উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।
 
নিহতসকলৰ ভিতৰত আছে দুজন নেপালৰ নাগৰিক, দুজন ইটালীৰ পৰ্বতাৰোহী, এজন কানাডিয়ান, এজন ফৰাচী আৰু এজন জাৰ্মান। আন পাঁচজন (তিনিজন নেপালী আৰু দুজন ফৰাচী) আহত অৱস্থাত বিমানযোগে কাঠমাণ্ডুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সামান্য আঘাতপ্ৰাপ্ত হৈ আৰু চাৰিজন পৰ্বতাৰোহীক হিমস্খলন স্থানৰ পৰা উদ্ধাৰ কৰা হয়।
 
ইফালে এক সুকীয়া ঘটনাত ইটালীৰ দুজন পৰ্বতাৰোহী  মাউণ্ট পাম্বাৰী (৬,৮৮৭ মিটাৰ)ৰ প্ৰথম কেম্পত থকা তেওঁলোকৰ তম্বুৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয়। ২৮ অক্টোবৰৰ পৰা প্ৰচণ্ড বৰফ পৰাৰ ফলত নিৰুদ্দেশ হৈ আছিল তেওঁলোক। মঙলবাৰে ৫,২৪২ মিটাৰ উচ্চতাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁলোকৰ সৈতে আবদ্ধ হৈ থকা আন এজন ইটালীৰ পৰ্বতাৰোহীক দেওবাৰে উদ্ধাৰ কৰা হয়।