ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক সোধা-পোছা কৰিবৰ বাবে কৰনাৰ্ছ ক'ৰ্টৰ অনুমতি জুবিনৰ পৰিয়ালক

Story by  atv | Posted by  [email protected] • 14 h ago
জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ
জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ
 
গুৱাহাটী
 
'ব্রাইট অসমীয়া' বুলি স্বীকৃতি দি অসম আৰক্ষীৰ এছ আই টিয়ে ৰেহাই দিয়া জুবিনৰ 'হত্যাকাণ্ড'ৰে নাম সাঙোৰ খোৱা ছিংগাপুৰৰ ১১ প্রবাসী অসমীয়াক এইবাৰ আদালতৰ কাঠগড়াত সোধা-পোছাৰ বাবে জুবিন গাৰ্গৰ পৰিয়ালক অনুমতি প্রদান কৰিছে ছিংগাপুৰৰ কৰনাৰ্ছ ক'র্টে।
 
অসমীয়াৰ প্ৰাণৰ শিল্পীজনৰ শেষ সময়ৰ য়টৰ সংগী ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনক এছ আই টিয়ে কেৱল 'সাক্ষী' কৰি একপ্ৰকাৰ সুৰক্ষা দিলেও জুবিনৰ পৰিয়ালৰ হাতত যেন এতিয়া পাশুপাত অস্ত্র তুলি দিছে ছিংগাপুৰৰ স্টেট কৰনাৰ্ছ আদালতৰ ন্যায়াধীশ আডাম নাখ'ডাই। অত্যাধিক সুৰাপান কৰোৱাই মন আৰু শৰীৰৰ সংযোগবিহীন হৈ পৰা জুবিনক অস্বাভাবিক অৱস্থাত ছিংগাপুৰৰ ৰহস্যবৃত লেজাৰাছ দ্বীপত সাঁতুৰিবলৈ এৰি দিয়া ১৫জন সংগীৰ ৪জনক অসম আৰক্ষীৰ এছ আই টিয়ে জুবিন গাৰ্গক হত্যা আৰু হত্যাৰ ষড়যন্ত্রত জড়িত থকাৰ অভিযোগত অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰিছে যদিও একমাত্র 'ব্রাইট অসমীয়া'ৰ ট্রেডমার্ক থকাৰ বাবেই আন ১১ ছিংগাপুৰৰ প্রবাসী অসমীয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থাই নল'লে স্মার্ট অসম আৰক্ষীয়ে।
 
আনকি এই ১১ ছিংগাপুৰীয়ান অসমীয়াৰ বাজিদ আলম আহমেদ নামৰ এন আৰ আইজনক ঘটনাটোক লৈ এবাৰো সোধা-পোছাৰ বাবেও প্রয়োজনবোধ নকৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগে। অথচ ছিংগাপুৰৰ দুই প্রবাসী অসমীয়াই অত্যধিক নিচাসক্ত জুবিনে খোজ কাঢ়িব নোৱৰা অৱস্থাত থকাৰ পাছতো দুয়োজনে জুবিনক বাহুত ধৰি মেৰিনাৰ কেপ্পেল বে'ত 'ক্রেজী মাংকী' নামৰ য়টখনত উঠাইছিল। য়টৰ ভিতৰতো আনৰ সহায় লৈ খোজকঢ়া ক্লান্ত জুবিনক তেনে বিপজ্জনক অবস্থাতো লাইফ জেকেট অবিহনে সাগৰত সাঁতুৰিবলৈ এৰি দিছিল এইকেইজন ছিংগাপুৰীয়ান অসমীয়াই।
 
এই বিস্ফোৰক তথ্য ইতিমধ্যে ছিংগাপুৰৰ কৰনাৰ্ছ আদালত দিয়া সাক্ষ্যত প্রকাশ কৰিছে জুবিনে উঠি যোৱা 'ক্রেজী মাংকী' নামৰ য়টখনৰ কেম্পাইন চ্যু কক্ কিয়ঙে। এক কথাত নিজেই খোজ কাঢ়ি য়টত উঠিব পৰাকৈ সুস্থ হৈ নথকা শিল্পীজনক মনোৰঞ্জনৰ পুতলা হিচাপে ব্যৱহাৰ কৰি ছিংগাপুৰৰ প্রবাসী অসমীয়াকেইজনে সাগৰত সাঁতুৰিবলৈ এৰি দিছিল। সম্মুখত মৃত্যু নিশ্চিত দেখিও জুবিনক কার্যতঃ সাগৰত এৰি দিয়া শেষ মুহূৰ্তৰ য়টৰ সংগীকেইজনো আন অভিযোগ নালাগে, একমাত্র জুবিনক কৰা অৱহেলাৰ বাবেই সম্পূর্ণ দায়ী যদিও বহস্যজনক কাৰণত এছ আই টিয়ে তেওঁলোকক অভিযুক্ত কৰাৰ পৰা বিৰত থাকিল। এছ আই টিৰ এই আইনী সুৰুঙাৰ বাবেই এতিয়া বাগা আৰু হাফলং কাৰাগাৰত বন্দী হৈ থকা সিদ্ধার্থ-শ্যামকানু বাহিনী সাৰি যোৱাৰ আশংকা ব্যক্ত কৰিছে আইনজ্ঞমহলে। ইতিমধ্যে অভিযুক্ত অমৃতপ্রভা মহন্তই নিয়োগ কৰা অধিবক্তাই এছ আই টিৰ অভিযোগনামাৰ এই গুৰুতৰ আইনী আসোঁৱাহক লৈ মুকলি প্রশ্ন উত্থাপন কৰাও দেখা গৈছে।
 
অৱশ্যে, অসম আৰক্ষীৰ এছ আই টিয়ে সুৰক্ষা দিয়া ছিংগাপুৰৰ ১১ প্রবাসী অসমীয়া তথা প্ৰাণৰ শিল্পীজনৰ অন্তিম মুহূৰ্তৰ য়ট সংগীকেইজনক আদালতৰ কাঠগড়াত জেৰা কৰাৰ বাবে জুবিনৰ পৰিয়ালক সোণালী সুযোগ প্রদান কৰিছে ছিংগাপুৰৰ কৰনাৰ্ছ আদালতে। যদিও ছিংগাপুৰৰ কৰনাৰ্ছ আদালতে জুবিন মৃত্যুৰ গোচৰটোৰ বিচাৰ নকৰে বা উক্ত আদালতখনৰ দোষীক শাস্তি দিয়াৰ কর্তৃত্ব নাই, কিন্তু জুবিনৰ পৰিয়ালে ১৯ ছেপ্টেম্বৰৰ ঘটনাৰ আগত বা পাছত কি হৈছিল নাইবা জুবিনৰ কেনেকৈ মৃত্যু হৈছিল তাক লৈ মনত থকা প্রশ্ন সুধি কৰনাৰ্ছ আদালতৰ কাঠগড়াত ১১ প্রবাসী অসমীয়াক জবাবদিহি কৰিব পাৰিব।
 
হয়তো জুবিনৰ পৰিয়ালৰ প্ৰশ্নৰ বিপৰীতে ছিংগাপুৰৰ প্রবাসী অসমীয়াকেইজনে আদালতৰ কাঠগড়াত দিবলৈ বাধ্য হোৱা স্বীকাৰোক্তি তথা উত্তৰত বহু বিস্ফোৰক তথ্য ফাদিল হোৱাৰো আশংকা নুই কৰিব নোৱাৰি। এনে তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ এছ আই টিয়ো তদন্তত নতুন সমল বিচাৰি পাব পাৰে। স্বাভাবিকতেই এতিয়া বিগত ১৪ জানুৱাৰীত ছিংগাপুৰৰ কৰনাৰ্ছ ক'ৰ্টত জুবিনৰ মৃত্যুক লৈ হোৱা গোচৰৰ শুনানিত জুবিন গাৰ্গৰ পৰিয়ালক যেন দিলে এপাত ব্রহ্মাস্ত্র। যি ব্রহ্মাস্ত্রই শিল্পীজনৰ অনুৰাগীসকলৰ মনতো আশাৰ সঞ্চাৰ অনাৰ সম্ভাৱনা দেখা গৈছে।
 
উল্লেখযোগ্য যে, ছিংগাপুৰৰ কৰনাৰ্ছ ক'ৰ্টত মাঘ বিহুৰ দিনা হোৱা জুবিনৰ মৃত্যুক লৈ পঞ্জীয়নভুক্ত CI-003480-2025 নম্বৰৰ গোচৰটোৰ প্ৰথমটো শুনানিত ছিংগাপুৰ আৰক্ষী তদন্তকাৰী বিষয়া এএছপি ডেভিদ লিমে দাখিল কৰা তদন্তৰ প্রতিবেদনত নিচাগ্রস্ত অৱস্থাত লাইফ জেকেট নিপিন্ধাকৈ সাগৰত সাঁতোৰাৰ বাবেই জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হোৱা বুলি প্রকাশ কৰিছিল। এই শুনানিৰ সময়ত ছিংগাপুৰৰ কৰনাৰ্ছ আদালতত উপস্থিত আছিল জুবিনৰ খুড়াক মনোজ কুমাৰ বৰঠাকুৰ। আদালতত জুবিনৰ খুড়াক বৰঠাকুৰে ন্যায়াধীশ আডাম নাখ'ডাক এটা লিখিত বক্তব্য পাঠ কৰাৰ বাবে অনুমতি বিচাৰে। যেতিয়া ৰাজ্যিক কৰনাৰ আডাম নাখ'ডাই মনোজ বৰঠাকুৰক আপোনালোকে কি বক্তব্য প্রদান কৰিব বিচাৰে বুলি প্রশ্ন কৰাত খুড়াকে জুবিনৰ মৃত্যুৰ ঘটনাটো কেনেকৈ সংঘটিত হ'ল আৰু প্ৰকৃততে কি ঘটিছিল তাক জানিব বিচাৰো বুলি ন্যায়াধীশগৰাকীৰ হাতত লিখিত বক্তব্যৰ এটা টোকা তুলি দিছিল।
 
ন্যায়াধীশ নাখ'ডাই প্রথমে টোকাটো নিজেই পঢ়ি লৈ খুড়াক মনোজ বৰঠাকুৰক আদালতত সেই টোকাটো পঢ়ি শুনাবলৈ অনুমতি দিয়ে। ইয়াৰ পাছতেই আদালতত খুড়াক মনোজ বৰঠাকুৰে টোকাটো পাঠ কৰি ১৯ ছেপ্টেম্বৰত হোটেলৰ কোঠাৰ পৰা সুস্থ অৱস্থাত ওলাই যোৱা জুবিন গাৰ্গৰ দিনটোৰ শেষত মৃত্যু হোৱালৈ ঘটনাক্ৰমৰ সন্দৰ্ভত আদালতৰ পৰা স্পষ্টতা বিচৰাৰ লগতে জুবিনে নিজেই পানীত নামিছিল নে, পানীত নামিবলৈ বাধ্য কৰোৱা হৈছিল তাক জানিব বিচাৰে। মনোজ বৰঠাকুৰে কয়- 'মাননীয় কৰনাৰ, মোৰ বাবে আটাইতকৈ চিন্তাজনক বিষয় হৈছে জুবিন গার্গে কেনেকৈ আৰু কিয় সাগৰত নামিল? মই সম্মানসহকাৰে সুধিছোঁ যে তেওঁ সম্পূৰ্ণৰূপে নিজৰ ইচ্ছাৰে নামিছিল নে, তেওঁৰ অনিচ্ছা স্বত্বেও আনৰ দ্বাৰা উৎসাহিত বা বলপূর্বক লৈ যোৱা হৈছিল? মই বিশেষকৈ য়টত কথা-বতৰা হোৱা কেইটামান শব্দৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ এজনে কৈছিল, 'জুবিনক লৈ সাগৰলৈ যোৱা', আৰু আন এজনে মন্তব্য কৰিছিল- 'সি তালৈ গ'ল, কিন্তু উভতি আহিব পাৰিব নেকি?' সেই শব্দবোবে তাৎপর্য বহন কৰে।
 
সেইবোৰে এনে সন্দেহ সৃষ্টি কৰে যিবোৰক অগ্রাহ্য কৰিব নোৱাৰি। যদি তেওঁ নিৰাপদে উভতি অহাৰ সক্ষমতাক লৈ সন্দেহ আছিল, তেন্তে কিয় এনে কৰা হৈছিল? আৰু যদি এনে সন্দেহেই হৈছিল, তেন্তে কিয় তেওঁক পানীৰ মাজলৈ যোৱাৰ বাবে জোৰ দিয়া হৈছিল? পৰৱৰ্তী মুহূৰ্তবোৰ যেতিয়া জুবিন গাৰ্গক অন্তিমবাৰৰ বাবে সক্রিয় দেখিছিল, যেতিয়া অসুবিধা প্রথমবাৰৰ বাবে লক্ষ্য কৰা হৈছিল, আৰু যেতিয়া উদ্বেগ প্রকাশ কৰা হৈছিল সেইবোৰ অতি গুৰুত্বপূর্ণ। সেইবোৰে কেৱল সময়সীমাকেই নুবুজায়, ইয়াৰ জৰিয়তে মানবীয় দায়িত্ববোধ আৰু সময়ত কৰিবলগীয়া হস্তক্ষেপৰ প্ৰসংগও আনে। মই আদালতৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰোঁ যে ইয়াত অসমৰ কেইবাজনো ব্যক্তি উপস্থিত আছিল আৰু ছিংগাপুৰত থকা ব্যক্তিও য়টত আছিল। সেইসকলৰ মাজত গোস্বামী উপাধিৰ এগৰাকী মহিলাও আছিল। মই সসম্মানেৰে তেওঁৰ উপস্থিতি, ভূমিকা আৰু যোগাযোগৰ বিষয়ে স্পষ্ট হ'ব বিচাৰিছোঁ, আৰু তেওঁক- আন সকলো উপস্থিত ব্যক্তিৰ সৈতে সম্পূর্ণৰূপে চিনাক্ত কৰা, পৰীক্ষা কৰা আৰু জুবিনক উপযুক্ত আৰু সময়মত চিকিৎসা প্রদান কৰাত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিৰ সৈতে তেওঁলোক জড়িত হৈ থাকিব পাৰে নেকি সেই বিষয়ে তদন্ত কৰিবলৈ আহ্বান জনাইছো।'
 
অৱশ্যে জুবিনৰ খুড়াকৰ এই বক্তব্যৰ পাছতেই ন্যায়াধীশগৰাকীয়ে কৰনাৰ্ছ আদালতৰ কর্তৃত্বৰ সন্দৰ্ভত কয়-'কৰনাৰৰ অনুসন্ধানৰ উদ্দেশ্য হৈছে মৃত্যুৰ কাৰণ আৰু মৃত্যুলৈ যোৱা পৰিস্থিতিসমূহ নির্ধাৰণ কৰা, কোনো পক্ষৰ ওচৰত দোষ আৰোপ কৰা নহয়। জুবিনৰ পৰিয়ালে জানিব বিচৰা কিছুমান তথ্য-শিল্পীজন মৃত্যুলৈ যোৱা পৰিস্থিতিৰ সৈতে প্রাসংগিক নহয়। মৃত্যুৰ ঠিক আগতে অথবা মৃত্যুৰ ঠিক পাছত সংঘটিত ঘটনাবোৰ স্থিৰ কৰিবলৈ পৰিয়ালে বিচৰা বিশদ তথ্যৰ বিষয়বোৰ কৰনাৰ্ছ আদালতৰ বাবে অপ্রাসংগিক।' এক কথাত জুবিনৰ পৰিয়ালে বিচৰা বহু প্ৰশ্নৰ উত্তৰ বা তদন্ত কৰিবলৈ কৰনাৰ্ছ আদালতৰ কর্তৃত্ব নাই বুলি স্পষ্ট কৰি দি ন্যায়াধীশ আডামে জুবিনৰ মৃত্যুৰ ঘটনাটো স্বাভাৱিক নে অস্বাভাবিক সেয়াহে কৰনাৰ্ছ আদালতে ৰায় দিব বুলিও ইংগিত দিয়ে।
 
অৱশ্যে কৰনাৰ্ছ আদালতৰ ন্যায়াধীশগৰাকীয়ে আইনী সীমাবদ্ধতাৰ কথা প্রকাশ কৰিও জুবিনৰ পৰিয়ালক দিয়ে এক বিশেষ সুযোগ। এই সন্দর্ভত ন্যায়াধীশ আচাম নাখ'ডাই কয় যে এই আদালতত শুনানি চলি থকাৰ সময়ত ৩৫ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। জুবিনৰ পৰিয়ালে সাক্ষ্য দিবলৈ অহা সাক্ষীসকলক প্রশ্ন সোধাৰ সম্পূর্ণ অধিকাৰ থাকিব। সাক্ষীসকলৰ ভিতৰত আৰক্ষী বিষয়া, পেথ'লজিষ্ট, য়টৰ কেপ্টেইন আৰু য়টৰ সহযাত্রীসকল আছে।'
 
উল্লেখ্য, জুবিনৰ মৃত্যুৰ গোচৰটোত ছিংগাপুৰ আদালতে য়টত থকা ১১গৰাকী প্রবাসী অসমীয়াকো সাক্ষী হিচাপে চমন জাৰি কৰিছে। ১৪ জানুৱাৰীৰ কৰনাৰ্ছ আদালতত প্রবাসী অসমীয়া ৰূপকমল কলিতাই সাক্ষ্য প্রদান কৰে। অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত বাকী প্রবাসী অসমীয়া ক্রমে অভিমন্যু তালুকদাৰ, প্রীতম শৰ্মা, বাজিদ আলম আহমেদ, ভাস্কৰজ্যোতি দাস, জিয়লান্সাৎ নাৰ্জাৰী, সুস্মিতা গোস্বামী, দেৱজিত হাজৰিকা, তন্ময় ফুকন, পৰীক্ষিত শর্মাকে ধবি অন্যান্য কেইজনে সাক্ষ্য প্রদান কৰিব। কৰনাৰ্ছ আদালতে জুবিনৰ পৰিয়ালক কার্যতঃ আদালতৰ কাঠগড়াত ছিংগাপুৰৰ প্রবাসী অসমীয়াকেইজনক জেৰা কৰিবলৈ অনুমতি দিয়াত স্বাভাবিকতেই এক যেন ব্রহ্মাস্ত্র লাভ কৰিছে গৰিমা গাৰ্গ আৰু তেওঁৰ পৰিয়ালে। কৰনাৰ্ছ আদালতত এই ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিলে হয়তো অসম আৰক্ষীৰ এছ আই টিৰ তদন্তই ঢুকি নোপোৱা বহু সমল ওলাই অহাৰ সম্ভাৱনা আছে।
 
অৱশ্যে, কৰনাৰ্ছ আদালতৰ ন্যায়াধীশ আডাম নাখ'ডাই দিয়া এই সোণালী সুযোগ জুবিনৰ পৰিয়ালে গ্রহণ কৰিব নে নাই, সেয়া অহা ২-৩ ফেব্ৰুৱাৰীৰ শুনানিতহে স্পষ্ট হ'ব।
 
আনহাতে বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু  কৰিলে গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ সন্দৰ্ভত চ'ছিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দিছিল শিখা শৰ্মাই। দিছপুৰ থানাত  আন এখন এজাহাৰ দিব জুবিনৰ ভগ্নী পামী বৰঠাকুৰে। জুবিন ফেন ক্লাৱেও দাখিল কৰিব আন এখন এজাহাৰ শিখাৰ বিৰুদ্ধে।