নতুন দিল্লী
আমেৰিকাৰ বিত্ত সচিব স্কট বেচেণ্টৰ মতে, আমেৰিকাৰ বিত্ত বিভাগে শুকুৰবাৰে এক "অস্থায়ী ৩০ দিনীয়া ৰেহাই জাৰি কৰিছে যাতে ভাৰতীয় তেল শোধনগাৰসমূহে ৰাছিয়াৰ তেল ক্ৰয় কৰিব পাৰে।
শুকুৰবাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'X'-ত এটা বিবৃতি যোগে বেচেণ্টে কয় যে পশ্চিম এছিয়াত চলি থকা যুদ্ধই তেলৰ যোগান ব্যাহত কৰাৰ পৰিপ্ৰেক্ষিতত বিশ্ববজাৰত তেলৰ প্ৰবাহ অটুট ৰখাই এই পদক্ষেপৰ লক্ষ্য।
বেচেণ্টে কয়, "এইটো এটা ইচ্ছাকৃতভাৱে লোৱা হ্ৰস্বকালীন ব্যৱস্থা যিয়ে ৰাছিয়া চৰকাৰক কোনো উল্লেখযোগ্য বিত্তীয় লাভ নিদিয়ে, কাৰণ ই কেৱল সাগৰত আৱদ্ধ হৈ থকা তেলৰ লেনদেনৰহে অনুমতি দিছে।"
তেওঁ লগতে কয়, "এই সাময়িক ব্যৱস্থাটোৱে বিশ্বৰ শক্তিখণ্ডক পণবন্দী কৰিবলৈ ইৰানে কৰা প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা চাপ হ্ৰাস কৰিব।"
তেওঁ লগতে উল্লেখ কৰে যে আমেৰিকাই আশা কৰে ভাৰতে আমেৰিকান তেলৰ ক্ৰয় বৃদ্ধি কৰিব, কাৰণ ভাৰত হৈছে এক "অত্যাৱশ্যকীয় অংশীদাৰ"।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল কিনাৰ বাবে ভাৰতৰ ওপৰত ২৫% শাস্তিমূলক শুল্ক আৰোপ কৰিছিল; প্ৰশাসনে দাবী কৰিছিল যে দিল্লীৰ এই ক্ৰয়ে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধত ইন্ধন যোগাইছে। যোৱা মাহত আমেৰিকা আৰু ভাৰতে ঘোষণা কৰিছিল যে তেওঁলোক বাণিজ্য সম্পৰ্কীয় এক অন্তৱৰ্তীকালীন বুজাবুজিৰ চুক্তিত উপনীত হৈছে। ইয়াৰ পিছতে ট্ৰাম্পে এক কাৰ্যবাহী নিৰ্দেশ জাৰি কৰি ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শাস্তিমূলক শুল্ক আঁতৰাই দিছিল। তাত উল্লেখ কৰা হৈছিল যে দিল্লীয়ে মস্কোৰ পৰা শক্তি সামগ্ৰী আমদানি বন্ধ কৰিবলৈ আৰু আমেৰিকাৰ শক্তি সামগ্ৰী ক্ৰয় বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
শেহতীয়া চৰকাৰী পৰিসংখ্যা অনুসৰি, ভাৰতে ধাৰাবাহিকভাৱে ৰাছিয়াৰ তেল আমদানি হ্ৰাস কৰি আহিছে আৰু ইয়াৰ পৰিৱৰ্তে ২০২৬ চনৰ জানুৱাৰীত উপসাগৰীয় দেশ আৰু আমেৰিকাৰ পৰা অধিক তেল সংগ্ৰহ কৰিছে। ২০২২ চনৰ মে' মাহৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ তেল আমদানিৰ ক্ষেত্ৰত ৰাছিয়াৰ অংশ ২০%তকৈ কম লৈ হ্ৰাস পাইছে।
অৱশ্যে, আমেৰিকাৰ সৈতে হ’বলগীয়া সম্ভাব্য বাণিজ্যিক চুক্তিখন — যিখনক ভাৰতে ৰাছিয়াৰ সুলভ তেলৰ আমদানি হ্ৰাস কৰাৰ মূল কাৰণ বুলি ধৰা হৈছিল — বৰ্তমান অনিশ্চয়তাৰ মাজত আছে। ২০ ফেব্ৰুৱাৰীত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ 'পাৰস্পৰিক শুল্ক' (reciprocal tariffs) বাতিল কৰাৰ সিদ্ধান্তৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে।
মিষ্টাৰ বেচেণ্টৰ টুইটৰ অলপ পিছতে বিত্ত বিভাগৰ পৰা '৫ মাৰ্চ, ২০২৬ লৈকে জাহাজত বোজাই কৰা ৰাছিয়ান ফেডাৰেচনৰ উৎসৰ খাৰুৱা তেল আৰু পেট্ৰ'লিয়াম সামগ্ৰী ভাৰতলৈ বিতৰণ আৰু বিক্ৰীৰ অনুমতি' শীৰ্ষক এক বিবৃতি প্ৰদান কৰা হয়। ইয়াত কোৱা হৈছে যে ৰাছিয়ান ফেডাৰেচনৰ উৎসৰ খাৰুৱা তেল বা পেট্ৰ'লিয়াম সামগ্ৰী বিক্ৰী, বিতৰণ বা খালাছ কৰাৰ বাবে যিবোৰ লেনদেন নিষিদ্ধ আছিল, সেই সকলোবোৰৰ অনুমতি দিয়া হৈছে। এই অনুমতি ৫ মাৰ্চ, ২০২৬-ৰ পূব মানক সময় অনুসৰি নিশা ১২:০১ বজাৰ আগতে বোজাই কৰা জাহাজবোৰৰ বাবে ৪ এপ্ৰিল, ২০২৬-ৰ নিশা ১২:০১ বজালৈকে (পূব দিবা সময়) বৈধ থাকিব। চৰ্ত এয়ে যে এই খাৰুৱা তেল বা পেট্ৰ'লিয়াম সামগ্ৰীসমূহ ভাৰতৰ কোনো বন্দৰত খালাছ কৰিব লাগিব আৰু ইয়াৰ ক্ৰেতা ভাৰতীয় আইনৰ অধীনত গঠিত কোনো প্ৰতিষ্ঠান হ'ব লাগিব।