অনিকা মহেশ্বৰী / নতুন দিল্লী
যি সময়ত চৌদিশে ধৰ্ম আৰু জাতিৰ নামত বিভাজনৰ কথা বেছি শুনিবলৈ পোৱা যায়, তেনে পৰিস্থিতিত ৰাজস্থানৰ এনে এটি মৰমেৰে ভৰা কাহিনীয়ে সমাজলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে যে, মানৱতা এতিয়াও জীয়াই আছে। য'ত এগৰাকী মুছলমান ভগ্নীয়ে তেওঁৰ হিন্দু ধৰ্মাৱলম্বী ভাতৃৰ ঘৰত উপস্থিত হৈ সমগ্ৰ গাওঁবাসীক আৱেগিক কৰি তুলিছে।
এই কাহিনী কেৱল ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ কথা নহয়, বৰং ই মানুহৰ মাজত থকা বিশ্বাস, সন্মান আৰু আন্তৰিকতাৰ এক জীৱন্ত উদাহৰণ। যি সময়ৰ লগে লগে আৰু অধিক শক্তিশালী হৈ গৈ আছে। ২১ বছৰ ধৰি অটুট হৈ থকা এই সম্পৰ্কই প্ৰমাণ কৰিছে যে, প্ৰকৃত মৰম আৰু মানৱতা কেতিয়াও ধৰ্ম বা জাতিৰ সৰু সীমাৰ ভিতৰত আবদ্ধ হৈ নাথাকে।
VIDEO
ৰাজস্থানৰ বিকানেৰ জিলাৰ লুংকৰ্ণাছাৰ অঞ্চলৰ মুছলমান শিক্ষয়িত্ৰী নজৰা পাৰবীনে তেওঁৰ ২১ বছৰীয়া সম্পৰ্কক সন্মান জনাই হিন্দু পৰম্পৰা অনুসৰি তেওঁৰ ধৰ্ম-ভাতৃ মণিৰাম গোদাৰাৰ ঘৰলৈ গৈ ‘মাইৰে’(বিবাহ)ৰ বাবে নিমন্ত্ৰণ জনায়। বহুবছৰ পূৰ্বে নজৰা পাৰবীনে মণিৰাম গোদাৰাক নিজৰ ধৰ্ম-ভাতৃ বুলি গণ্য কৰিছিল। সময়ৰ লগে লগে বহু পৰিৱৰ্তন হ'ল, যদিও তেওঁলোকৰ মাজৰ সম্পৰ্কৰ মধুৰতা আৰু সন্মান কেতিয়াও কমি যোৱা নাছিল।
যেতিয়া নজৰা পাৰবীনৰ পৰিয়ালত বিবাহ অনুষ্ঠানৰ শুভ ক্ষণ আহিল, তেতিয়া তেওঁ ভাতৃত্ববোধৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে, যিটো সৰ্বত্ৰে আলোচনাৰ বিষয় হৈ পৰিছিল। তেওঁ তেওঁৰ ভাতৃৰ ঘৰলৈ গৈ তিলক লগাই আৰু সন্মানেৰে তেওঁক ‘মাইৰে’ (বিবাহ)ৰ বাবে নিমন্ত্ৰণ জনায়। দুয়োটা পৰিয়ালৰ মুখৰ আনন্দ স্পষ্ট হৈ পৰিছিল, আৰু পৰিৱেশটো আৱেগিক হৈ পৰিছিল।
গাঁৱৰ মানুহে যেতিয়া এই দৃশ্য দেখিলে, সকলোৱে এই সম্পৰ্কটোৰ গভীৰতা অনুভৱ কৰিলে। বহুতৰে চকু চকুলোৰে উপচি পৰিছিল। লোকসকলে কয় যে, এই সম্পৰ্ক কেৱল ভাতৃ-ভগ্নীৰ সম্পৰ্ক নহয়, বৰং ই প্ৰেম, বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ প্ৰতীক। বিগত ২১ বছৰ ধৰি দুয়োটা পৰিয়ালৰ মাজত যি আকৰ্ষণ আছে, সেয়া সমাজৰ বাবে প্ৰেৰণা হৈ পৰিছে।
নজৰা পাৰবীনে মণিৰাম গোদাৰাৰ ঘৰলৈ গৈ তিলক লগাই সন্মানেৰে তেওঁক ‘মাইৰে’ (বিবাহ)ৰ বাবে নিমন্ত্ৰণ জনোৱা এক মূহুৰ্ত
স্থানীয় লোকসকলৰ মতে, এনে ঘটনা আজিৰ দিনত অতি বিৰল। সমাজত ধৰ্মৰ নামত বিভাজনৰ কথা প্ৰায়ে উত্থাপিত হয়, কিন্তু নজৰা পাৰবীন আৰু মণিৰাম গোদাৰাই প্ৰমাণ কৰিলে যে, প্ৰকৃত সম্পৰ্ক কোনো ধৰ্ম বা জাতিৰ সীমাৰেখাৰে আবদ্ধ নহয়।
নজৰা পাৰবীনৰ এই উদ্যোগে পুনৰবাৰ এই বাৰ্তা প্ৰেৰণ কৰিছে যে, ভাৰতৰ প্ৰকৃত পৰিচয় ইয়াৰ গংগা-জুমুনি তেহজিব, ভাগ বতৰা কৰা সংস্কৃতি আৰু পাৰস্পৰিক ভ্ৰাতৃত্ববোধত নিহিত হৈ আছে। এই ঘটনাই কেৱল ৰাজস্থানতে নহয়, সমগ্ৰ দেশতে এই বাৰ্তা প্ৰেৰণ কৰিছে যে, প্ৰেম আৰু মানৱতাৰ উৰ্ধত আন কোনো ধৰ্ম নাই।