এইবাৰ গুগল, মেটা আৰু এমাজ’নক টাৰ্গেট ইৰানৰ

Story by  atv | Posted by  [email protected] • 12 h ago
এইবাৰ গুগল, মেটা আৰু এমাজ’নক টাৰ্গেট ইৰানৰ
এইবাৰ গুগল, মেটা আৰু এমাজ’নক টাৰ্গেট ইৰানৰ
 
নতুন দিল্লী
 
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীন ভ্ৰমণ সামৰি আমেৰিকাত উপস্থিত হোৱাৰ পাছতে ইৰানে আন এক সতৰ্কবাণী প্ৰেৰণেৰে সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰিছে। মধ্য প্ৰাচ্যৰ এই যুদ্ধৰ মাজতে হৰমুজ প্ৰণালীৰে তেল আৰু গেছ পৰিবাহী জাহাজৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছিল ইৰানে।
 
সেই নিষেধাজ্ঞাৰ ফলত এছিয়াকে ধৰি আন বহু দেশত ইন্ধনৰ মূল্যবৃদ্ধি, নাটনি এক ডাঙৰ প্ৰত্যাহ্বান হৈ ধৰা দিছিল। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পূৰ্বে ইৰানে এইবাৰ মাৰ্কিন নৌবাহিনী আৰু ইজৰাইলক মূলতঃ লক্ষ্য কৰি ঘোষণা কৰিছে যে, তেওঁলোকে হৰমুজৰ তলেৰে যোৱা গুগল, এমাজন, মেটা আদি মাৰ্কিন প্ৰতিষ্ঠানসমূহৰ ইণ্টাৰনেট ব্যৱস্থাত আঘাত হানিব।
 
ইৰানৰ শেহতীয়া লক্ষ্য যে, এতিয়া সাগৰৰ তলত স্থাপন কৰা ইণ্টাৰনেটৰ কেবোলসমূহ সেয়া নিশ্চিত হৈছে। যদিহে ইৰানে এই কেবোলসমূহ ধ্বংস কৰি দিয়ে, তেন্তে সমগ্ৰ বিশ্বতে ইণ্টাৰনেট সেৱাৰ প্ৰতি তীব্ৰ ভাবুকি আৰু প্ৰত্যাহ্বান আহিব।
 
ইফালে ইৰানে এইটোও কৈছে যে, সাগৰতলিত থকা এই কেবুলসমূহৰ বাবদ মাৰ্কিন প্ৰতিষ্ঠানসমূহে শুল্ক দিব লাগিব। ইৰানত এই সন্দৰ্ভত আনুষ্ঠানিক আলোচনাও হৈছে। ইৰানৰ ৰেভুলেশ্যনাৰী গাৰ্ডৰ মুখপাত্ৰ ইব্ৰাহীম জুলফাৰ গাদীৰে এই কথা সদৰী কৰিছে।
 
উল্লেখযোগ্য যে, শুল্ক আদায় দিলে এই কেবুলসমূহৰ দায়িত্ব ইৰানবাহিনীয়ে ল’ব বুলি মন্তব্য কৰিছে। যদি সঁচাকৈয়ে মাৰ্কিন আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ইৰানে সাগৰ তলিত থকা কেবুলসমূহ নষ্ট কৰে তেন্তে সমগ্ৰ বিশ্বই কাৰ্যতঃ অচল হৈ পৰিব।