নতুন দিল্লী
মধ্য প্ৰাচ্যত বৃদ্ধি পোৱা তীব্ৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰানক লৈ এক তীব্ৰ আক্ৰমণাত্মক আৰু ডাঙৰ মন্তব্য আগবঢ়াইছে। ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী আৰু সামৰিক সমৰ্থনক ধ্বংস কৰাৰ উদ্দেশ্যে আমেৰিকান সেনাক প্ৰস্তুত থাকিবলৈ ট্ৰাম্পে নিৰ্দেশ দিছে।
ট্ৰাম্পে পোনপটীয়াকৈ সামৰিক বাহিনীক উদ্দেশ্যি কয় যে, যদি ইৰানে আমেৰিকা বা ইয়াৰ মিত্ৰ দেশসমূহৰ (বিশেষকৈ ইজৰাইল) ওপৰত কোনো ধৰণৰ দুঃসাহস দেখুৱাবলৈ চেষ্টা কৰে, তেন্তে ইৰানৰ ওপৰত এনে এক আক্ৰমণ হ’ব যি ইয়াৰ সমগ্ৰ সামৰিক ভেটি ধূলিসাৎ কৰি পেলাব। ট্ৰাম্পে সদৰী কৰা অনুসৰি, ইৰানে যাতে কোনো পৰিস্থিতিতে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰে। তাৰ বাবে আমেৰিকান সেনাই ইৰানৰ অতি সংবেদনশীল পাৰমাণৱিক প্ৰকল্পসমূহ লক্ষ্য কৰি আক্ৰমণ চলাবলৈ সাজু থাকিব লাগে।
ইৰান সমৰ্থক সশস্ত্ৰ গোটসমূহক (যেনে- হেজবুল্লা, হুথি) লেকাম লগাবলৈ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ 'পেণ্টাগন'ক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ট্ৰাম্পৰ এনে কাঢ়া মন্তব্যৰ পিছত ইজৰাইল আৰু ইৰানৰ মাজত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। ইৰানৰ বিৰুদ্ধে এনে সামৰিক কাৰ্যপন্থাৰ খবৰে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, ইউৰোপীয় ইউনিয়ন আৰু অন্যান্য বিশ্বশক্তিসমূহে এই উত্তেজনা হ্ৰাস কৰিবলৈ কূটনৈতিক আলোচনাৰ আহ্বান জনাইছে। তেওঁ লগতে কয়- ইৰানক কেতিয়াও পাৰমাণৱিক শক্তি হ’বলৈ দিয়া নহ’ব। যদি তেওঁলোকে সীমা অতিক্ৰম কৰে, তেন্তে সেনাক এনেদৰে প্ৰহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হ’ব যি ইতিহাসত পূৰ্বে কেতিয়াও দেখা নাই।”