Tue Jul 08 2025 7:23:44 AM
  • Follow us on
  • Subcribe

হিন্দী ভাষাত দেৱালীৰ শুভেচ্ছা জ্ঞাপন ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
হিন্দী ভাষাত দেৱালীৰ শুভেচ্ছা জ্ঞাপন ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ
হিন্দী ভাষাত দেৱালীৰ শুভেচ্ছা জ্ঞাপন ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ
আবু ধাবি
 
ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে সোমবাৰে দেৱালী উদযাপন কৰা সকললৈ শান্তি আৰু সমৃদ্ধিৰ কামনাৰে হিন্দীকে ধৰি মুঠ তিনিটা ভাষাত শুভেচ্ছা জ্ঞাপন কৰিছে।
 
ইউএইৰ ৰাষ্ট্ৰপতিয়ে এক টুইট কৰি কয়, "ইউএই আৰু সমগ্ৰ বিশ্ববাসীক পোহৰৰ উৎসৱ, আৰু আগন্তুক বছৰটো সকলোৰে শান্তি, সমৃদ্ধি আৰু সুখৰ এক হওঁক বুলি শুভেচ্ছা জ্ঞাপন কৰিছে।"
 
ইউএইৰ ৰাষ্ট্ৰপতিৰ উপৰিও বিশ্বৰ আন কেইবাজনো নেতা আৰু ৰাষ্ট্ৰপ্ৰধানে দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। 
ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে এক টুইট কৰি কয়, "দেৱালী উদযাপন কৰা সকলোলৈ মোৰ শুভেচ্ছা থাকিল। এই উৎসৱে সকলোৰে বাবে পোহৰ, আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনক।"
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে বৰ্ণনা কৰিছিল যে কেনেকৈ দীপাৱলী উদযাপন আধুনিক অষ্ট্ৰেলীয়াই প্ৰতিনিধিত্ব কৰা শক্তিশালী আৰু সাংস্কৃতিক ৰাষ্ট্ৰৰ এক প্ৰমাণ। তেওঁ কয়, "আমাৰ ৰাষ্ট্ৰখন কেনেদৰে সমগ্ৰ বিশ্বৰ মানুহৰ পৰম্পৰা, বিশ্বাস আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্মিত, এইটো এক প্ৰদৰ্শন।"
 
হোৱাইট হাউচে সোমবাৰে আটাইতকৈ বৃহৎ দেৱালী অভ্যৰ্থনাৰ আয়োজন কৰিছিল। য'ত বিডেন প্ৰশাসনৰ কেইবাজনো ভাৰতীয় আমেৰিকান উপস্থিত আছিল।
হোৱাইট হাউচৰ অভ্যৰ্থনা অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে কয়, "আপোনাক আতিথ্য দি আমি সন্মানিত। এইটো হোৱাইট হাউচত অনুষ্ঠিত হ'বলগীয়া প্ৰথম দেৱালী অভ্যৰ্থনা। ইতিহাসত দেৱালী উদযাপনক আমেৰিকান সংস্কৃতিৰ এক আনন্দদায়ক অংশ কৰি তোলাৰ বাবে আমি আপোনাক ধন্যবাদ জনাব বিচাৰো।"
এক বিলিয়নতকৈও অধিক হিন্দু, জৈন, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলক এই পোহৰৰ উৎসৱ উদযাপন কৰি দেৱালী উদযাপনৰ শুভেচ্ছা জনাই বিডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এছিয়ান আমেৰিকান সম্প্ৰদায়ক দেৱালী উদযাপনক আমেৰিকান সংস্কৃতিৰ এক আনন্দদায়ক অংশ হিচাপে গঢ়ি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছেও দেৱালী উদযাপন উপলক্ষে হোৱাইট হাউচৰ পৰা মন্তব্য আগবঢ়ায়। তেওঁ কয়, "হোৱাইট হাউচ হৈছে জনসাধাৰণৰ ঘৰ। য'ত প্ৰতিজন আমেৰিকাই তেওঁলোকৰ সন্মান আৰু পৰম্পৰা উদযাপন কৰিব পাৰিব।"