যুদ্ধবিৰতিৰ পিছত গাজাত পুনৰ আৰম্ভ হ'ল যুদ্ধ

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
শুকুৰবাৰে পুৱা ইছৰাইল আৰু হামাছৰ মাজত অস্থায়ী যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পিছত ইজৰাইলে গাজাত পুনৰ স্থল অভিযান আৰম্ভ কৰিছে। এতিয়ালৈ কোনো পক্ষই যুদ্ধবিৰতি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা নাই।   
 
উল্লেখযোগ্য যে ২৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা আৰু দুবাৰকৈ বৃদ্ধি কৰা সাতদিনীয়া যুদ্ধবিৰতিৰ ফলত গাজাত পণবন্দী হৈ থকা ১০৫ জন আৰু ইজৰাইলৰ কাৰাগাৰত ৰখা ২৪০ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়াৰ অনুমতি দিয়া হৈছিল। 
 
ইয়াৰ উপৰিও গাজাত মানৱীয় সাহায্যৰ প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছিল। সংবাদ সংস্থা ৰয়টাৰৰ মতে, বৃহস্পতিবাৰে কাটাৰ আৰু ইজিপ্তে যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধিৰ বাবে তীব্ৰ প্ৰচেষ্টা চলাইছে। 
 
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ উপদেষ্টা মাৰ্ক ৰেগেভে চিএনএনৰ সৈতে হোৱা কথা-বতৰাত কৈছিল, আমি সকলো সম্ভাৱনাৰ বাবে সাজু। 
 
২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে দক্ষিণ ইজৰাইলত ৰকেট আক্ৰমণৰ ধাৰাবাহিকতা চলাই ১২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ২৪০ জন পণবন্দী কৰিছিল। 
 
পিছলৈ ইজৰাইলে ইয়াৰ প্ৰতিশোধ লোৱাৰ বাবে তীব্ৰ বোমাবৰ্ষণ আৰু গাজাত স্থলপথত আক্ৰমণ কৰে, যাৰ ফলত ১৫ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হয়।