উম্মাহ আৰু জাতিৰ প্ৰতি আনুগত্যৰ অৱসান

Story by  atv | Posted by  Munni Begum • 34 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আমিৰ ছুহেইল ৱানি
 
ইৰানৰ নতুন আধ্যাত্মিক নেতা ছৈয়দ মুজতবা হোছেইনী খামেনেইয়ে ইৰান আৰু আমেৰিকাৰ মাজত যুদ্ধ সমাপ্তিৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত এক অতি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল। ইৰানৰ জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত তেওঁ 'জাতি' (Nation) শব্দটো চাৰিবাৰকৈ ব্যৱহাৰ কৰিছিল।
 
তেওঁ স্পষ্ট কৰি দিছিল যে, যদিও তেওঁৰ ব্যক্তিগত মত বেলেগ আছিল, তথাপি কেৱল ইৰানী জাতিৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ এই চুক্তিত সন্মতি জনাইছিল। 'জাতি' শব্দটোৰ ওপৰত তেওঁ দিয়া গুৰুত্বই তেওঁৰ বাস্তৱসন্মত দৃষ্টিভংগীকে প্ৰতিফলিত কৰিছিল। ইয়াৰ দ্বাৰা এই কথাটোৱেই প্ৰমাণিত হয় যে সকলোতকৈ ঊৰ্ধ্বত হৈছে জাতি বা ৰাষ্ট্ৰৰ স্বাৰ্থ।
 
 
আধুনিক মুছলমান ৰাজনৈতিক চেতনাত, বিশেষকৈ মুছলমান সম্প্ৰদায় (উম্মাহ) আৰু নিজৰ ৰাষ্ট্ৰৰ প্ৰতি থকা আনুগত্যৰ মাজত যি সংঘাত দেখা যায়, তাৰ পটভূমিত এই বাৰ্তাটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে।
 
ভাৰতৰ দৰে বহু গণতান্ত্ৰিক দেশত সংখ্যালঘু হিচাপে বসবাস কৰা মুছলমানসকলৰ মাজত এই সংঘাত বিশেষভাৱে দৃশ্যমান। এনে এক ধাৰণা প্ৰচলিত আছে যে মুছলমানসকলে প্ৰথমতে উম্মাহৰ প্ৰতি আনুগত্য স্বীকাৰ কৰে আৰু তাৰ পিছতহে নিজৰ ৰাষ্ট্ৰৰ কথা ভাবে।
 
এখন ইছলামিক ৰাষ্ট্ৰৰ এগৰাকী আধ্যাত্মিক নেতাৰ পৰা অহা এই মন্তব্যই বাস্তৱ পৃথিৱীত মুছলমানৰ প্ৰাথমিকতা কি হোৱা উচিত, তাৰ এক আকৰ্ষণীয় দৃষ্টিকোণ দাঙি ধৰিছে।
 
ঐতিহাসিকভাৱে, সপ্তম শতিকাৰ আৰৱত হজৰত মহম্মদৰ নেতৃত্বত ইছলামৰ প্ৰাৰম্ভিক সময়ছোৱাত উম্মাহৰ ধাৰণাটোৰ জন্ম হৈছিল। মদিনাৰ আদিম মুছলমান সমাজখন কেৱল এক ধৰ্মীয় সমাৱেশেই নাছিল, বৰং ই আছিল উমৈহতীয়া বিশ্বাস আৰু পাৰস্পৰিক দায়বদ্ধতাৰ আধাৰত গঢ় লৈ উঠা এক আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সত্তা।
 
উম্মাহৰ ধ্ৰুপদী ইছলামিক ধাৰণাটো- অৰ্থাৎ ভৌগোলিক সীমাৰ পৰিৱৰ্তে বিশ্বাসৰ দ্বাৰা বান্ধ খাই থকা বিশ্বাসীসকলৰ এক সাৰ্বজনীন সম্প্ৰদায়— সেই সময়ত ৰাজনৈতিকভাৱে অৰ্থপূৰ্ণ আছিল, য'ত ৰাজনৈতিক কৰ্তৃত্ব প্ৰায়ে ধৰ্মীয় পৰিচয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল।
 
প্ৰসিদ্ধ 'মদিনাৰ সংবিধান'-এ এনে এখন সমাজ প্ৰতিষ্ঠা কৰিছিল যি কেৱল বিশ্বাসৰ দ্বাৰাই নহয়, বৰং চুক্তি আৰু নাগৰিক দায়বদ্ধতাৰ দ্বাৰাও পৰিচালিত হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে, এই চুক্তিয়ে মুছলমান আৰু মদিনাৰ ইহুদী জনজাতিসমূহক এটা উমৈহতীয়া ৰাজনৈতিক সম্প্ৰদায়ৰ অন্তৰ্গত বুলি বৰ্ণনা কৰাৰ লগতে প্ৰতিটো গোটকে নিজৰ নিজৰ ধৰ্মীয় পৰিচয় বজাই ৰখাৰ অধিকাৰ দিছিল। ইয়াৰ এটা দফাত উল্লেখ আছেঃ “বানু আউফৰ ইহুদীসকল বিশ্বাসীসকলৰ সৈতে একেখন সমাজৰে অংশ; ইহুদীসকলৰ নিজৰ ধৰ্ম আছে আৰু মুছলমানসকলৰ নিজৰ।”
 
এই প্ৰাৰম্ভিক ব্যৱস্থাই প্ৰমাণ কৰে যে উম্মাহৰ ধাৰণাটোৰ জন্মগতভাৱেই এক নৈতিক আৰু নাগৰিক মাত্ৰা আছিল। যদি সেই সময় আৰু পৰিৱেশত এনে এক প্ৰস্তাৱনা সত্য আছিল, তেন্তে ই বৰ্তমানৰ ভাৰতীয় প্ৰেক্ষাপটতো প্ৰাসংগিক হোৱা উচিত।
 
দ্বাদশ আৰু ত্ৰয়োদশ শতিকাত খ্ৰীষ্টান, ইহুদী আৰু হিন্দুক ধৰি বিভিন্ন ধৰ্মীয় পটভূমিৰ লোকসকলে গ্ৰীক দৰ্শনক আৰৱী আৰু ফাৰ্চী ভাষালৈ অনুবাদ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যাতে মুছলমান পণ্ডিতসকলে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। মুছলমান চেতনা গঠন আৰু বিকাশত বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ অৱদান আছিল আৰু এই সত্যটোক অস্বীকাৰ কৰিব নোৱাৰি।
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰাৰম্ভিক পৰ্যায়ত, যেতিয়া হজৰত মহম্মদ আৰু তেওঁৰ সংগীসকলে পথ প্ৰদৰ্শক আছিল, উম্মাহৰ ধাৰণাটোৰ ব্যৱহাৰিক ৰাজনৈতিক অৰ্থ আছিল, কাৰণ ধৰ্মীয় পৰিচয় আৰু ৰাজনৈতিক কৰ্তৃত্ব ইটো সিটোৰ সৈতে গভীৰভাৱে জড়িত আছিল। পৰৱৰ্তী শতিকাবোৰত, যেতিয়া ইছলামিক সাম্ৰাজ্য বিশাল অঞ্চললৈ বিয়পি পৰিছিল, এক সাৰ্বজনীন মুছলমান সম্প্ৰদায়ৰ ধাৰণাটো এক শক্তিশালী নৈতিক আৰু আধ্যাত্মিক প্ৰতীক হৈয়েই থাকিল, যদিও ৰাজনৈতিক ক্ষমতা একাধিক ৰাজবংশ আৰু ৰাষ্ট্ৰৰ মাজত বিভাজিত হৈ পৰিছিল। মন কৰিবলগীয়া যে, মুছলমানসকলৰ ৰাজনৈতিক বিকাশ তেতিয়াহে সৰ্বোচ্চ পৰ্যায়ত আছিল যেতিয়া সমাজখন ঐক্যবদ্ধ হোৱাতকৈ খণ্ডিত অৱস্থাত আছিল।
 
মধ্যযুগত মুছলমান ৰাজনৈতিক ঐক্য বাস্তৱতকৈ এক আকাংক্ষাহে আছিল বেছি। অট্টোমান সাম্ৰাজ্য, পাৰস্যৰ ছাফাভিদ ৰাষ্ট্ৰ আৰু দক্ষিণ এছিয়াৰ মোগল সাম্ৰাজ্যৰ দৰে শক্তিবিলাকে মুছলমান বিশ্বৰ বিভিন্ন অঞ্চল স্বাধীনভাৱে শাসন কৰিছিল আৰু প্ৰায়ে সামৰিক আৰু আদৰ্শগতভাৱে ইখনে সিখনৰ সৈতে প্ৰতিযোগিতাত লিপ্ত হৈছিল। এই বিভাজনৰ পিছতো এখন বহল ইছলামিক সমাজৰ প্ৰতীকী ধাৰণাটো বৰ্তি আছিল কাৰণ সেই সময়ৰ ৰাজনৈতিক ব্যৱস্থা জাতীয়তাবাদৰ ওপৰত আধাৰিত নাছিল। আনুগত্য মূলতঃ আধুনিক অৰ্থৰ ৰাষ্ট্ৰীয় নহৈ ৰাজবংশীয়, সাম্ৰাজ্যিক বা ধৰ্মীয়হে আছিল। বেলেগ বেলেগ শাসকৰ অধীনত বাস কৰিলেও মুছলমানসকলে নিজকে তীৰ্থযাত্ৰা, জ্ঞান-চৰ্চা আৰু বাণিজ্যৰ দ্বাৰা সংযুক্ত এক সভ্যতাকেন্দ্ৰিক স্থানৰ অংশ হিচাপে কল্পনা কৰিব পাৰিছিল।
 
আধ্যাত্মিক স্তৰত, নবীগৰাকীয়ে বিশ্বাসীসকলক পাৰস্পৰিক কৰুণাৰ জৰিয়তে একত্ৰিত বুলি বৰ্ণনা কৰি কৈছিল যে তেওঁলোক “এটা শৰীৰৰ দৰেঃ যেতিয়া এটা অংগই কষ্ট পায়, তেতিয়া গোটেই শৰীৰটোৱেই নিদ্ৰাহীনতা আৰু জ্বৰত আক্ৰান্ত হয়” (চহীহ আল-বুখাৰী, চহীহ মুছলিম)। এই ৰূপকটোৱে এক কেন্দ্ৰীভূত ৰাজনৈতিক কৰ্তৃত্বৰ পৰিৱৰ্তে নৈতিক সংহতিৰ ওপৰতহে জোৰ দিছিল। আধুনিক জাতি-ৰাষ্ট্ৰ ব্যৱস্থাৰ উন্মেষে এই দৃশ্যপট নাটকীয়ভাৱে সলনি কৰিলে।
 
সাৰ্বভৌম জাতি-ৰাষ্ট্ৰ আৰু ভৌগোলিক সীমাৰে নিৰ্ধাৰিত নাগৰিকত্বক কেন্দ্ৰ কৰি গঢ় লৈ উঠা আধুনিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাই মুছলমানসকলে বসবাস কৰা আৰু তেওঁলোকৰ দায়বদ্ধতা বুজি পোৱাৰ প্ৰেক্ষাপটক সম্পূৰ্ণৰূপে সলনি কৰি দিছে। বৰ্তমান মুছলমানসকলে, বিশেষকৈ ভাৰতীয় মুছলমানসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান কেৱল ধৰ্মতাত্ত্বিক নহয়, সভ্যতাকেন্দ্ৰিকঃ ৰাষ্ট্ৰীয়তা, নাগৰিকত্ব আৰু সাংবিধানিক দায়বদ্ধতাৰ সুনিৰ্দিষ্ট ৰাজনৈতিক বাস্তৱতাৰ সৈতে এক আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় কল্পনাক কেনেকৈ একত্ৰিত কৰিব পাৰি।
 
সমসাময়িক বিশ্বত আধিপত্য বিস্তাৰ কৰা ৰাজনৈতিক ব্যৱস্থাটোৰ বৌদ্ধিক আৰু প্ৰতিষ্ঠানিক উৎপত্তি মূলতঃ 'Peace of Westphalia’ পৰাই হোৱা বুলি ধৰা হয়। ৱেষ্টফালিয়ান গাঁথনিয়ে এই নীতি প্ৰতিষ্ঠা কৰিছিল যে ৰাজনৈতিক কৰ্তৃত্ব ভৌগোলিকভাৱে নিৰ্ধাৰিত হ'ব লাগে আৰু স্পষ্টভাৱে নিৰ্ধাৰিত সীমাৰ ভিতৰত সাৰ্বভৌম হ'ব লাগে। সময়ৰ লগে লগে, এই ব্যৱস্থাটোৱে জাতীয়তাবাদৰ আধুনিক ধাৰণালৈ ৰূপান্তৰিত হ'ল, য'ত নাগৰিকসকলে ভূখণ্ড, ইতিহাস, ভাষা আৰু সাংবিধানিক দায়বদ্ধতাৰ ভিত্তিত এক ৰাজনৈতিক পৰিচয় ভাগ-বতৰা কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ঊনবিংশ আৰু বিংশ শতিকাত জাতীয়তাবাদৰ উত্থানে কেৱল ইউৰোপকেই নহয়, মুছলমান বিশ্বকো পুনৰ গঢ় দিছিল। ইউৰোপীয় মুছলমানসকলে নতুন বাস্তৱতাৰ সৈতে নিজকে খাপ খুৱাই ল'লে আৰু সংখ্যাগৰিষ্ঠই নিজৰ নিজৰ দেশৰ ধৰ্মনিৰপেক্ষ ব্যৱস্থাৰ সৈতে মিলি গ'ল। সাম্ৰাজ্যৰ পতন ঘটিল, ঔপনিৱেশিক শাসনৰ অন্ত পৰিল আৰু এছিয়া, আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যজুৰি ডজন ডজন নতুন জাতি-ৰাষ্ট্ৰৰ জন্ম হ'ল।
 
এই নতুন ৰাজনৈতিক গঠনসমূহত বসবাস কৰা মুছলমানসকলৰ বাবে পৰিচয়ৰ পুনৰ্গঠনৰ প্ৰয়োজন আছিল। আন্তঃৰাষ্ট্ৰীয় আইনে স্বীকৃতি দিয়া জাতি-ৰাষ্ট্ৰৰ হাতত সাৰ্বভৌমত্ব থকা এখন পৃথিৱীত উম্মাহই আৰু ৰাজনৈতিক গোট হিচাপে কাম কৰিব নোৱাৰিলে। ১৯৪৬ চনলৈকে ফ্ৰান্সে মুছলমানসকলক ইছলাম ত্যাগ নকৰিলে নাগৰিকত্ব দিবলৈ অস্বীকাৰ কৰিছিল। আনকি মুছলমান সংখ্যাগৰিষ্ঠ দেশবোৰতো, আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় সংহতিৰ ঠাইত ৰাষ্ট্ৰীয় পৰিচয় ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিল।
 
তুৰ্কীসকলে নিজকে প্ৰধানকৈ তুৰস্কৰ লগত, ইণ্ডোনেছিয়ানসকলে ইণ্ডোনেছিয়াৰ লগত, ইজিপ্তীয়সকলে ইজিপ্তৰ লগত আৰু পাকিস্তানীসকলে পাকিস্তানৰ লগত চিনাকি কৰাবলৈ ধৰিলে। প্ৰতিখন ৰাষ্ট্ৰই নিজা ৰাষ্ট্ৰীয় আখ্যান, ৰাজনৈতিক প্ৰতিষ্ঠান আৰু কৌশলগত স্বাৰ্থ গঢ়ি তুলিছিল। সেয়েহে, ব্যৱহাৰিক ক্ষেত্ৰত, উম্মাহৰ ঐক্য বহুলাংশে প্ৰতীকী হৈ পৰিল, যি অংশীদাৰী ৰাজনৈতিক কৰ্তৃত্বৰ পৰিৱৰ্তে ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু আৱেগিক সংহতিৰ জৰিয়তেহে প্ৰকাশিত হৈছিল।
 
ভাৰতৰ মুছলমানসকলৰ বাবে, ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে হোৱা সংগ্ৰামৰ সময়ত আনুগত্যৰ প্ৰশ্নটোৱে এক বিশেষ জটিলতাৰ সৃষ্টি কৰিছিল।
 
ভাৰতৰ স্বাধীনতা আন্দোলনে হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদিকে ধৰি বিভিন্ন সম্প্ৰদায়ক স্বাধীনতাৰ এক উমৈহতীয়া আকাংক্ষাৰ অধীনত একত্ৰিত কৰিছিল। বহু মুছলমান নেতাই এই সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু বহুত্ববাদ আৰু উমৈহতীয়া নাগৰিকত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক মিশ্ৰিত জাতীয়তাবাদী দৃষ্টিভংগী গঢ়ি তোলাত অৱদান যোগাইছিল। এই দৃষ্টিভংগীয়ে অৱশেষত ভাৰতৰ সংবিধানত প্ৰকাশ পালে, যিয়ে ধৰ্ম নিৰ্বিশেষে সকলোলৈকে সমান অধিকাৰ আৰু নাগৰিকত্বৰ নিশ্চয়তা প্ৰদান কৰে।
 
ইছলামিক নৈতিক দৃষ্টিভংগীৰ পৰা, সাংবিধানিক নাগৰিকত্বৰ প্ৰতি থকা প্ৰতিশ্ৰুতিকো চুক্তি আৰু অংগীকাৰ পালনৰ ওপৰত কোৰানে দিয়া গুৰুত্বৰ জৰিয়তে বুজিব পাৰি।
 
কোৰানে বিশ্বাসীসকলক নিৰ্দেশ দিয়েঃ “হে ঈমানদাৰসকল, তোমালোকে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰা” (কোৰান ৫:১), আৰু আকৌ, “যেতিয়া তোমালোকে ঈশ্বৰৰ চুক্তি গ্ৰহণ কৰিছা, তাক পূৰণ কৰা” (কোৰান ১৬:৯১)। এই অৰ্থত, এক সাংবিধানিক ব্যৱস্থাৰ ভিতৰত থকা নাগৰিকত্বক এক ধৰণৰ সামাজিক চুক্তি হিচাপে ব্যাখ্যা কৰিব পাৰি য'ত আনুগত্য আৰু দায়িত্ববোধৰ প্ৰয়োজন।
 
 প্ৰতিনিধিত্বমূলক ছবি
 
তথাপি, ১৯৪৭ চনৰ বিভাজনৰ যন্ত্ৰণাই পৰিচয় আৰু মৰ্যাদা সম্পৰ্কীয় নতুন উদ্বেগৰ সৃষ্টি কৰিছিল। ধৰ্মীয় জাতীয়তাবাদৰ ভিত্তিত পাকিস্তানৰ সৃষ্টিয়ে ভাৰতত থাকি যোৱা মুছলমানসকলৰ ৰাজনৈতিক মনস্তত্ত্বক জটিল কৰি তুলিছিল। যদিও সংখ্যাগৰিষ্ঠই ভাৰতক নিজৰ মাতৃভূমি হিচাপে বাছি লৈছিল আৰু ইয়াৰ গণতান্ত্ৰিক পৰিকাঠামোৰ প্ৰতি দায়বদ্ধতা স্বীকাৰ কৰিছিল, ধৰ্মীয় সংহতি আৰু ৰাষ্ট্ৰীয় নাগৰিকত্বৰ মাজৰ ধাৰণাগত সংঘাত মাজে মাজে ৰাজনৈতিক আলোচনাত পুনৰ আত্মপ্ৰকাশ কৰিছিল।
 
বৰ্তমানৰ বিশ্বায়িত যুগত, য'ত সংবাদ মাধ্যমে পেলেষ্টাইনৰ পৰা চিৰিয়ালৈ আৰু অন্যান্য সংঘাত জৰ্জৰিত অঞ্চলৰ দূৰৱৰ্তী ঘটনাসমূহ লগে লগে মানুহৰ মাজলৈ লৈ আহে, বহুতো মুছলমানে নিজৰ দেশৰ ভৌগোলিক সীমাৰ বাহিৰত ঘটা সংগ্ৰামৰ সৈতে আৱেগিক সম্পৰ্ক অনুভৱ কৰে। এনে সম্পৰ্ক মানৱীয় দৃষ্টিকোণৰ পৰা বুজিব পৰা যায় যদিও, ই কেতিয়াবা নৈতিক সহানুভূতি আৰু ৰাজনৈতিক আনুগত্যৰ মাজৰ পাৰ্থক্য অস্পষ্ট কৰি তুলিব পাৰে।
 
প্ৰথমতে, বিশ্ব ব্যৱস্থাটো সাৰ্বভৌম জাতি-ৰাষ্ট্ৰক কেন্দ্ৰ কৰি গঠিত হৈছে যাৰ বৈধতা ধৰ্মীয় পৰিচয়ৰ পৰিৱৰ্তে ভৌগোলিক শাসন আৰু নাগৰিকত্বৰ পৰাই আহে। আন্তঃৰাষ্ট্ৰীয় আইন, কূটনীতি, অৰ্থনৈতিক সহযোগিতা আৰু সুৰক্ষা ব্যৱস্থা আটাইবোৰ এই গাঁথনিৰ ভিতৰতে পৰিচালিত হয়। বৰ্তমান এনে কোনো অতি-ৰাষ্ট্ৰীয় ইছলামিক ৰাজনৈতিক কৰ্তৃত্ব নাই যিয়ে বাস্তৱসন্মতভাৱে উম্মাহৰ ঐক্যক প্ৰতিনিধিত্ব কৰিব পাৰে।
 
আনকি মুছলমান সংহতিক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰা ‘অৰ্গেনাইজেচন অৱ ইছলামিক কোঅপাৰেচন’ৰ (OIC) দৰে সংস্থাসমূহেও বাধ্যতামূলক কৰ্তৃত্ব থকা ৰাজনৈতিক সংঘৰ পৰিৱৰ্তে প্ৰধানকৈ কূটনৈতিক মঞ্চ হিচাপেহে কাম কৰে।
 
দ্বিতীয়তে, মুছলমান বিশ্বৰ আভ্যন্তৰীণ বৈচিত্ৰ্যই এক ঐক্যবদ্ধ ৰাজনৈতিক উম্মাহৰ ধাৰণাটোক অবাস্তৱ কৰি তোলে। ভাষা, সংস্কৃতি, ৰাজনৈতিক ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ ক্ষেত্ৰত মুছলমানসকলৰ মাজত যথেষ্ট পাৰ্থক্য আছে। উদাহৰণস্বৰূপে, ইণ্ডোনেছিয়া, ছৌদি আৰৱ, ইৰান, তুৰস্ক আৰু মৰক্কোৱে কোনো সামূহিক ইছলামিক কাৰ্যসূচীৰ সলনি নিজৰ কৌশলগত হিচাপ-নিকাচৰ দ্বাৰা নিৰ্ধাৰিত নীতিহে অনুসৰণ কৰে। মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰসমূহৰ মাজত হোৱা সংঘাতেই এই বিভাজনৰ প্ৰমাণ দিয়ে। এই বাস্তৱতাই প্ৰমাণ কৰে যে বৰ্তমান উম্মাহৰ ঐক্য প্ৰতিষ্ঠানিক বা ৰাজনৈতিক নহৈ প্ৰধানকৈ আধ্যাত্মিক আৰু নৈতিকহে।
 
তৃতীয়তে, আধুনিক নাগৰিকত্বই কিছুমান দায়িত্ব কঢ়িয়াই আনে যাক আন্তঃৰাষ্ট্ৰীয় পৰিচয়ৰ নামত আওকাণ কৰিব নোৱাৰি। গণতান্ত্ৰিক সমাজত, নাগৰিকসকলে ভোটদান, নাগৰিক অংশগ্ৰহণ, ৰাজহুৱা বিতৰ্ক আৰু সাংবিধানিক আনুগত্যৰ জৰিয়তে ৰাজনৈতিক জীৱনত অংশগ্ৰহণ কৰে। এই দায়িত্বসমূহৰ বাবে এজন ব্যক্তিয়ে যিখন দেশত বাস কৰে, সেই দেশৰ মংগল, সুস্থিৰতা আৰু প্ৰগতিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱাটো প্ৰয়োজন। ভাৰতীয় মুছলমানসকলৰ বাবে ইয়াৰ অৰ্থ হ'ল ভাৰতৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু বহুত্ববাদী চৰিত্ৰ শক্তিশালী কৰাত বৌদ্ধিক, নৈতিক আৰু নাগৰিক শক্তি বিনিয়োগ কৰা। কোৰআনেই মানৱ সমাজৰ বহুত্ব আৰু জাতিসমূহৰ অৱস্থিতিক ঐশ্বৰিক ব্যৱস্থাৰ অংশ হিচাপে স্বীকৃতি দিছেঃ "হে মানৱ জাতি! আমি তোমালোকক এজন পুৰুষ আৰু এগৰাকী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ আৰু তোমালোকক জাতি আৰু জনজাতিত বিভক্ত কৰিছোঁ যাতে তোমালোকে ইজনে সিজনক জানিব পাৰা" (কোৰান ৪৯:১৩)। এই আয়াতটোৱে প্ৰমাণ কৰে যে সমাজ আৰু মানুহৰ বৈচিত্ৰ্য ঐশ্বৰিক ঐক্যৰ পৰিপন্থী নহয়, বৰঞ্চ ইয়াৰ এক প্ৰকাশহে।
 
দৰাচলতে, বহুতো ইছলামিক পণ্ডিতে যুক্তি দিছে যে দেশপ্ৰেম ধৰ্মীয় ভক্তিৰ সৈতে খাপ খায়। ইছলামৰ নৈতিক শিক্ষাই ন্যায়, বিশ্বাসযোগ্যতা, সামাজিক সম্প্ৰীতি আৰু চুক্তিসমূহৰ প্ৰতি সন্মান জনোৱাৰ ওপৰত জোৰ দিয়ে- যিবোৰ নীতিয়ে স্বাভাৱিকতে দায়িত্বশীল নাগৰিকত্বক সমৰ্থন কৰে। কোৰআনে বিশ্বাসীসকলক ন্যায়ৰ সপক্ষে দৃঢ়তাৰে থিয় দিবলৈ নিৰ্দেশ দি কৈছে: "হে বিশ্বাসীসকল! তোমালোকে আল্লাহৰ সাক্ষী হিচাপে ন্যায়ৰ সপক্ষে দৃঢ়তাৰে থিয় দিয়া, আনকি ই নিজৰ বা পিতৃ-মাতৃ বা আত্মীয়ৰ বিৰুদ্ধে গ'লেও" (কোৰান ৪:১৩৫)। ই লগতে মুছলমানসকলৰ সৈতে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰা লোকসকলৰ প্ৰতি সদয় আৰু ন্যায়সংগত আচৰণ কৰিবলৈ উৎসাহিত কৰে: "যিসকলে ধৰ্মৰ বাবে তোমালোকৰ সৈতে যুদ্ধ কৰা নাই বা তোমালোকক ঘৰৰ পৰা বিতাৰিত কৰা নাই, তেওঁলোকৰ প্ৰতি সদয় আৰু ন্যায়সংগত হোৱাত আল্লাহে তোমালোকক বাধা নিদিয়ে" (কোৰান ৬০:৮)। এই শিক্ষাসমূহে বহুত্ব সমাজত শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে এক শক্তিশালী নৈতিক ভেটি প্ৰদান কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
নিজৰ মাতৃভূমিৰ প্ৰতি ভালপোৱা মানুহৰ আৱেগৰ পৰাও স্বাভাৱিকভাৱে আহে। যেতিয়া হজৰত মহম্মদক মদিনালৈ প্ৰব্ৰজন কৰাৰ সময়ত মক্কা ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল, তেতিয়া তেওঁ নিজৰ জন্মস্থানৰ প্ৰতি গভীৰ অনুৰাগ প্ৰকাশ কৰি কৈছিল: "আল্লাহৰ শপত, তুমি মোৰ বাবে আটাইতকৈ প্ৰিয় ভূমি, আৰু যদি তোমাৰ মানুহে মোক উলিয়াই নিদিলেহেঁতেন, তেন্তে মই তোমাক কেতিয়াও এৰি নগ’লোঁহেঁতেন" (ছুনান আল-তিৰমিজী)। এই মন্তব্যই প্ৰমাণ কৰে যে মাতৃভূমিৰ প্ৰতি থকা টান এক স্বাভাৱিক আৰু বৈধ মানৱীয় আৱেগ যি ধৰ্মীয় বিশ্বাসৰ পৰিপন্থী নহয়।
 
বিশেষকৈ ভাৰতীয় মুছলমানসকলৰ বাবে, ৰাষ্ট্ৰীয় আনুগত্যক অগ্ৰাধিকাৰ দিয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে উম্মাহৰ আধ্যাত্মিক ধাৰণাটোক পৰিত্যাগ কৰিব লাগিব। উম্মাহ গোটেই বিশ্বৰ মুছলমানসকলক উমৈহতীয়া ৰীতি-নীতি, দান-বৰঙণি আৰু বৌদ্ধিক আদান-প্ৰদানৰ জৰিয়তে সংযোগ কৰা এক নৈতিক আৰু সাংস্কৃতিক বান্ধোন হৈ থাকিব পাৰে। কিন্তু এই বান্ধোনে নাগৰিকত্বৰ বাস্তৱ ৰাজনৈতিক বাধ্যবাধকতাক অতিক্ৰম কৰিব লাগে বুলি থকা ধাৰণাটোক পুনৰ বিবেচনা কৰাটো প্ৰয়োজন। যিখন পৃথিৱীত শাসন, আইন আৰু নিৰাপত্তা ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচালিত হয়, তাত এক অতি-ৰাষ্ট্ৰীয় ৰাজনৈতিক উম্মাহক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাই ঐক্যৰ সলনি বিভ্ৰান্তিৰহে সৃষ্টি কৰিব পাৰে।
 
তদুপৰি, ভাৰতৰ সাংবিধানিক ব্যৱস্থাই মুছলমানসকলক ধৰ্মীয় পৰিচয় আৰু ৰাষ্ট্ৰীয় আনুগত্যৰ মাজত কেনেকৈ এক সুন্দৰ সহাৱস্থান হ'ব পাৰে তাক প্ৰদৰ্শন কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে। ভাৰতীয় গণৰাজ্য ধৰ্মনিৰপেক্ষ শাসন, গণতান্ত্ৰিক অংশগ্ৰহণ আৰু সাংস্কৃতিক বহুত্ববাদৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এই নাগৰিক ব্যৱস্থাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ভাৰতীয় মুছলমানসকলে কেৱল দেশৰ প্ৰগতিত অৱদান যোগোৱাই নহয়, ইছলাম আৰু আধুনিকতাৰ বিষয়ে থকা ভুল ধাৰণাক প্ৰত্যাহ্বান জনোৱা সহাৱস্থানৰ এক বহল আৰ্হিও গঢ়ি তোলে।
 
সামাজিক দায়বদ্ধতাৰ ওপৰত থকা ইছলামিক শিক্ষায়ো এই দৃষ্টিভংগীক সুদৃঢ় কৰে। নবীগৰাকীয়ে সামাজিক প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দি কৈছিলঃ "মুছলমানসকল তেওঁলোকৰ চৰ্তাৱলীৰ দ্বাৰা আৱদ্ধ" (ছুনান আবু দাউদ)। সেয়েহে, সাংবিধানিক পৰিকাঠামোৰ ভিতৰত দায়িত্বশীলভাৱে জীৱন যাপন কৰাটোৱে নাগৰিক কৰ্তব্য আৰু ইছলামিক নৈতিকতা দুয়োটাৰে প্ৰতি থকা আনুগত্যকে প্ৰতিফলিত কৰে।
 
উম্মাহ আৰু জাতীয়তাবাদৰ মাজৰ এই সংগ্ৰাম এক ধৰ্মতাত্ত্বিক সমস্যালৈ নহয়, ই এক ঐতিহাসিক পৰিৱৰ্তনহে। যিখন পৃথিৱীয়ে উম্মাহৰ ধ্ৰুপদী ৰাজনৈতিক ধাৰণাটোৰ জন্ম দিছিল, সেয়া প্ৰায় নোহোৱা হৈ গৈছে, আৰু ইয়াৰ ঠাই লৈছে জাতি আৰু নাগৰিকত্বৰ দ্বাৰা নিৰ্ধাৰিত এক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাই। এই পৰিৱৰ্তনক স্বীকৃতি দিয়াৰ অৰ্থ ইছলামৰ আধ্যাত্মিক সাৰ্বজনীনতাক হ্ৰাস কৰা নহয়; বৰঞ্চ ই সমসাময়িক ৰাজনৈতিক জীৱনৰ বাস্তৱতাৰ মাজত মুছলমান পৰিচয়ক সঠিক স্থান দিয়াটোহে বুজায়। ভাৰতীয় মুছলমানসকলৰ বাবে, ধৰ্মীয় অখণ্ডতা বজাই ৰাখি জাতীয় সত্তাক আকোৱালি লোৱাটো কোনো আপোচ নহয়, এক পৰিপক্ব সংমিশ্ৰণ- যিয়ে ধৰ্ম আৰু মাতৃভূমি দুয়োটাকে এক ভাৰসাম্যপূৰ্ণ আৰু গঠনমূলক ৰূপত প্ৰতিষ্ঠা কৰে।
 
সাম্প্ৰতিক ইজৰাইল-গাজা যুদ্ধ আৰু পৰৱৰ্তী সময়ত ইৰাণ তথা কেইবাখনো উপসাগৰীয় ৰাষ্ট্ৰৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ ঘটনাই সমসাময়িক উম্মাহৰ প্ৰায় কাল্পনিক চৰিত্ৰটোক পুনৰ উন্মোচিত কৰিছে। গাজাত অভূতপূৰ্ব পৰিমাণৰ ধ্বংসলীলা, সাধাৰণ নাগৰিকৰ ব্যাপক দুৰ্দশা আৰু মুছলমান জনসাধাৰণৰ মাজত আৱেগিক গোলকীয় ক্ষোভৰ সৃষ্টি হোৱাৰ পিছতো মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰসমূহৰ সঁহাৰি প্ৰধানকৈ কূটনৈতিক বিবৃতি, মানৱীয় আৱেদন আৰু প্ৰতীকী নিদাতেই সীমাবদ্ধ থাকিল।
 
অৰ্গেনাইজেচন অৱ ইছলামিক কোঅপাৰেচন (OIC)ৰ দৰে সংস্থাসমূহে ইজৰাইলী কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ বিবৃতি প্ৰকাশ কৰিলে আৰু আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ দাবী জনালে, কিন্তু এই কথাবোৰে বাস্তৱ ক্ষেত্ৰত কোনো বিশেষ সামূহিক পদক্ষেপৰ ৰূপ নল'লে। বাৰে বাৰে আক্ষৰিক ঐক্যৰ কথা কোৱা সত্ত্বেও, ৰাজনৈতিক বাস্তৱতাই খণ্ডিত ৰূপ, কৌশলগত সতৰ্কতা আৰু পৰস্পৰ বিৰোধী ৰাষ্ট্ৰীয় স্বাৰ্থকহে প্ৰতিফলিত কৰিলে। কিছুমান ৰাষ্ট্ৰই অৰ্থনৈতিক সুস্থিৰতাক অগ্ৰাধিকাৰ দিলে, আন কিছুমানে ভূ-ৰাজনৈতিক মিত্ৰতাৰ বাট বাছি ল'লে আৰু বহুতেই প্ৰত্যক্ষ সংঘাত এৰাই চলিলে, যিয়ে এখন ৰাষ্ট্ৰ-কেন্দ্ৰিক বিশ্ব ব্যৱস্থাত আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় সংহতিৰ সীমাবদ্ধতাক উন্মোচিত কৰিলে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইৰান আৰু মুছলমান বিশ্বৰ ভিতৰত থকা ইয়াৰ প্ৰতিদ্বন্দ্বীসকলক লৈ উদ্ভৱ হোৱা উত্তেজনাই এই বিৰোধাভাসক অধিক গভীৰ কৰি তুলিছে। এক ঐক্যবদ্ধ মৰ্চা গঢ়ি তোলাৰ পৰিৱৰ্তে, মুছলমান সংখ্যাগৰিষ্ঠ দেশবোৰ আদৰ্শগত, সাম্প্ৰদায়িক আৰু কৌশলগত দিশত বিভক্ত হৈ আছে, য'ত প্ৰায়ে উম্মাহৰ ধাৰণাই একত্ৰিত কৰিব বিচৰা একেটা সভ্যতাকেন্দ্ৰিক স্থানৰ ভিতৰতে সংঘাত আৰু প্ৰতিদ্বন্দ্বিতা চলি থাকে। আনকি মুছলমান জনসাধাৰণৰ সৈতে জড়িত সংকটৰ মুহূৰ্ততো, সঁহাৰিসমূহ সামূহিক বাধ্যবাধকতাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বাৰ্থৰ দ্বাৰাহে পৰিচালিত হয়।
 
এই পৰিঘটনাসমূহে এক বাস্তৱ সত্যক দাঙি ধৰে: যদিও উম্মাহ এক শক্তিশালী নৈতিক আৰু আৱেগিক ধাৰণা হিচাপে কাম কৰি আছে, আধুনিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত ইয়াৰ প্ৰাতিষ্ঠানিক সুসংগতি আৰু ৰাজনৈতিক কৰ্তৃত্বৰ অভাৱ দেখা যায়। ব্যৱহাৰিক ক্ষেত্ৰত, জাতিগত বান্ধোন, ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু ভূ-ৰাজনৈতিক হিচাপ-নিকাচে নিশ্চিতভাৱে এক ঐক্যবদ্ধ মুছলমান সমাজৰ আদৰ্শক পিছ পেলাইছে, যাৰ ফলত উম্মাহ এক জীৱন্ত ৰাজনৈতিক বাস্তৱতাতকৈ উমৈহতীয়া বিশ্বাসৰ এক প্ৰতীকী প্ৰকাশতহে পৰিণত হৈছে।
 
এই অৰ্থত, মুছলমান ৰাজনৈতিক চিন্তাৰ ভৱিষ্যত উম্মাহ বনাম জাতিৰ বিতৰ্কৰ পৰা বাহিৰলৈ ওলাই অহাৰ মাজত নিহিত থাকিব পাৰে। ইছলামৰ নৈতিক মূলমন্ত্ৰই ন্যায়, অনুকম্পা আৰু মানৱীয় সংহতিক উৎসাহিত কৰে— যিবোৰ মূল্যবোধে ৰাষ্ট্ৰীয় সমাজৰ সৈতে প্ৰতিযোগিতাত লিপ্ত হোৱাৰ পৰিৱৰ্তে তাক শক্তিশালী কৰিব পাৰে।
 
যেতিয়া মুছলমানসকলে নিজৰ দেশক কেৱল এখন বাসস্থান হিচাপে নহয়, এক অংশীদাৰী নৈতিক প্ৰকল্প হিচাপে দেখে, তেতিয়া দেশপ্ৰেম নিজেই এক নৈতিক প্ৰতিশ্ৰুতিৰ ৰূপ লয়। ভাৰতীয় মুছলমানসকলৰ বাবে, বিশ্বৰ মুছলমান সমাজৰ সৈতে আধ্যাত্মিক বান্ধোন অটুট ৰাখি ভাৰতৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাটোৱে আধুনিক পৃথিৱীত আত্মবিশ্বাস, সুস্থিৰতা আৰু অৰ্থপূৰ্ণ অংশগ্ৰহণৰ এক সুগম পথ প্ৰশস্ত কৰে।
 
সমসাময়িক বাস্তৱতাৰ এক সঠিক বিশ্লেষণে এই কথা প্ৰমাণ কৰে যে আধুনিক বিশ্বত উম্মাহৰ ধ্ৰুপদী ৰাজনৈতিক ধাৰণাটো বহুলাংশে অপ্ৰাসংগিক। যদিও উমৈহতীয়া মানৱীয়তাৰ দিশৰ পৰা সমধৰ্মীসকলৰ প্ৰতি সহানুভূতিশীল হোৱাটো বাঞ্ছনীয়, তথাপি আধুনিক পৃথিৱীৰ নতুন বাস্তৱতাত এখন ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ স্বাৰ্থকেই সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াটো নিশ্চিতভাৱে প্ৰয়োজন।