পেলনীয়া সামগ্ৰীৰে উৰাজাহাজ সাজি উলিয়ালে ৰঙিয়াৰ এজন যুৱকে

Story by  atv | Posted by  Munni Begum • 1 Years ago
বিবেক দাস
বিবেক দাস
আৰিফুল ইছলাম / গুৱাহাটী
 
প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাই একমাত্ৰ আহিলা হ'ব নোৱাৰে। এই কথাষাৰকে প্ৰমাণিত কৰিছে ৰঙিয়াৰ এজন যুৱকে। কোনো ধৰণৰ কাৰিকৰী শিক্ষা গ্ৰহণ নকৰাকৈ তেওঁ প্ৰস্তুত কৰি উলিয়াইছে এখন উৰাজাহাজ। পেলনীয়া সামগ্ৰীৰে উৰা জাহাজ সাজি উদ্ভাৱনী শক্তিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা এই যুৱকজনৰ নাম হ'ল বিবেক দাস।
 
এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বিবেক দাসে ঘৰৰ পেলনীয়া সামগ্ৰী আৰু কিছু সুলভ মূল্যৰ যন্ত্ৰৰে উৰা জাহাজখন সাজি উলিয়াইছে আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ১৯ বছৰীয়া বিবেকে মাত্ৰ ছয় হাজাৰ টকা খৰচ কৰি তৈয়াৰ কৰা এই উৰা জাহাজখন ৰিমোটেৰে পৰিচালনা কৰিব পাৰে আৰু জাহাজখন প্ৰায় পাঁচ কিলোমিটাৰ পৰ্যন্ত উৰুৱাব পৰা যায়।
 
 
৩৮০ গ্ৰাম ওজনৰ উৰা জাহাজ  পেলনীয়া থাৰ্মোকল , ব্ৰাছলেচ মটৰ এটা , লাইপু বেটাৰী এটা , চাৰভো মটৰ দুটা , ৰবৰ বেণ্ড , ৰিমোট কন্ট্ৰ'ল এটা আৰু ৰিচিভাৰ এটা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে । 
এই সন্দৰ্ভত প্ৰতিভাবান যুৱক বিবেক দাসে কয়; "মই সৰুৰে পৰা উৰিব পৰা বস্তু বনাই আৰু চাই বহুত ভাল পাইছিলোঁ। প্লাষ্টিকৰ হেলিকপ্টাৰ বা উৰা জাহাজ কিনি উৰাইছিলোঁ কিন্তু সেইবোৰ বেছিদিন নাথাকে। কম সময়তে ভাঙি যায় অথবা বিকৃতি ঘটে। তাৰপিছত মই ঘৰতে উৰা জাহাজ বনাব পাৰি নেকি বুলি ভাবিলোঁ। ইউটিউবত চাই শিকিছিলোঁ কিদৰে বনাব পাৰি। মই লাহে লাহে উৰা জাহাজ এখন বনোৱাৰ বাবে যাৱতীয় সামগ্ৰী সমূহ সংগ্ৰহ কৰা আৰম্ভ কৰিলোঁ।"
"ইলেকট্ৰনিকছৰ সকলো সামগ্ৰী সংগ্ৰহ কৰাৰ পিছত মই ভাবিলোঁ ইয়াৰ বডীটো কিদৰে বনাব পৰা যাব। মাছ কঢ়িওৱা থাৰ্মোক'লৰ বাকচ এটা দেখা পাই মই ভাবিলোঁ যে এই বাকচটোৰে জাহাজখন বনাব পৰা যাব। তেনেকৈ থাৰ্মোক'ল কাটি কাটি মই উৰা জাহাজৰ বডীটোৰ বাবে প্ৰয়োজন হোৱা সকলো সামগ্ৰী প্ৰস্তুত কৰিলোঁ। 
 
উৰা জাহাজ খনৰ লগত বিবেক দাস
 
উৰা জাহাজখন তৈয়াৰ হোৱাৰ পিছত প্ৰথম পৰীক্ষণতে বহুত ধুনীয়াকৈ উৰিছে। এনেকুৱা উৰা জাহাজৰ মই বহু কেইটা মডেল ইতিমধ্যে তৈয়াৰ কৰিছোঁ। ভৱিষ্যতে মই ইয়াতকৈ এখন ডাঙৰ উৰাজাহাজ বনাই এটা কেমেৰা লগোৱাৰো কথা ভাবিছোঁ," উৰা জাহাজখনৰ বিষয়ে বিবেক দাসে কয়।
 
বিবেক দাসে তৈয়াৰ কৰা উৰাজাহাজ খন
 
উল্লেখ্য যে, সৰুৰে পৰা পুতলা এৰোপ্লেনৰ সৈতে খেলি ভাল পাইছিল বিবেক দাসে। বজাৰৰ পৰা কিনি অনা উৰা জাহাজ বা অন্য পুতলা বেছি দিন ভালে নাথাকে বাবে বিবেকে ইউটিউব চাই হ'লেও নিজেই প্ৰস্তুত কৰাৰ কথা ভাবিছিল। তীক্ষ্ণ বুদ্ধিসম্পন্ন বিবেকে নিজ হাতে প্ৰস্তুত কৰা উৰা জাহাজখনৰ আৰু বহু কেইটা মডেল আছে। ভৱিষ্যতে আৰু ডাঙৰ উৰা জাহাজ এখন বনাই তাত কেমেৰা লগুৱাৰো কথা ভাবিছে বিবেকে। বিবেকৰ এই উদ্ভাৱনী শক্তি দেখি তেওঁৰ অভিভাৱক আৰু স্থানীয় ৰাইজ উল্লসিত হৈ পৰিছে। তেওঁলোকে প্ৰতিভাৱান যুৱকজনৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে।