ৰাজপথত যান-জঁট নিয়ন্ত্ৰণ, দূৰ্ঘটনা ৰোধৰ বাবে আনিছা-মেহেৰ খাতুনৰ অভিনৱ উদ্ভাৱন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ৰাজপথত পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্য নিৰ্মান  কৰা মাইক্ৰ’ কণ্ট্ৰোলাৰ আধাৰিত সুৰক্ষা যন্ত্ৰটোৰ সৈতে আনিছা আৰু মেহেৰ খাতুন
ৰাজপথত পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্য নিৰ্মান কৰা মাইক্ৰ’ কণ্ট্ৰোলাৰ আধাৰিত সুৰক্ষা যন্ত্ৰটোৰ সৈতে আনিছা আৰু মেহেৰ খাতুন
মুন্নী বেগম/ গুৱাহাটী
 
সম্প্ৰতি দেশৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত হৈছে ক্ৰমবৰ্ধিত যান-জঁট আৰু সঘনাই সংঘটিত হোৱা পথ দূৰ্ঘটনা। দেশত প্ৰতি ৬ মাহত দৈনিক ১৪,৩৮৬ টা পথ দূৰ্ঘটনা সংঘটিত হয়। এনে সময়তে দেশত পথ দূৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে দিল্লী চহৰৰ দুগৰাকী ছাত্ৰীয়ে প্ৰস্তুত কৰি উলিয়াইছে এটা বিশেষ যন্ত্ৰ। ছাত্ৰী দুগৰাকী হৈছে আনিছা আৰু মেহেৰ খাতুন। দুয়োগৰাকী ছাত্ৰীয়ে ৰাজপথত পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্য নিৰ্মান কৰি উলিয়াইছে মাইক্ৰ’ কণ্ট্ৰোলাৰ আধাৰিত সুৰক্ষা যন্ত্ৰ। গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ‘৪৯সংখ্যক ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২’-ত এই যন্ত্ৰটো প্ৰদৰ্শিত কৰা হৈছে। 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নতুন দিল্লীৰ এছ কে বি ধাক্কা বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আনিছাই কয়, "বৰ্তমান ভাৰতবৰ্ষৰ এক জ্বলন্ত সমস্যা বুলি কলে আমি যান-জঁট আৰু পথ দূৰ্ঘটনাৰ কথায়ে আমাৰ মনলৈ ভাহি আহে। বিশেষকৈ আমিবাস কৰা চহৰ দিল্লীচৰ ৰাজপথত দৈনিক সকলো সময়তে যান-জঁটৰ সমস্যাই ব্যপক ৰূপ ধাৰন কৰা দেখা যায়। যাৰ ফলত বিভিন্ন সময়ত দিল্লীৰ ৰাজপথত সৰুৰ পৰা ডাঙৰ বহু পথ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে। আমি কেতিয়াও পথ দুৰ্ঘটনা নোহোৱা কৰিব নোৱাৰো, কিন্তু ইয়াৰ সংখ্যা হ্ৰাস কৰাৰ কথা চিন্তা কৰিব পাৰো। সেয়েহে মই আৰু মোৰ বান্ধৱী মেহেৰে যুটীয়াকৈ পথ দুৰ্ঘটনা ৰোধ কৰাৰ উপায় হিচাপে বাহনৰ বাবে এটা মাইক্ৰোকণ্ট্ৰোলাৰ আধাৰিত সুৰক্ষা যন্ত্ৰ প্ৰস্তুত কৰি ওলিয়াইছো। এই যন্ত্ৰটোৱে বাহনৰ পৰা কমেও ৩০ চেণ্টিমিটাৰৰ পৰা আধিক দৈৰ্ঘ্যৰ সমীপলৈ অহা যিকোনো সামগ্ৰী চিনাক্ত কৰিব আৰু গাড়ী চালকক সাৱধান কৰি দিয়াৰ বাবে এলাৰ্ম বাজি উঠিব। যাতে চালকে নিজৰ বাহনখনৰ গতি কম কৰিব পাৰে বা নিয়ন্ত্ৰণ কৰিব পাৰে।" 
 
 
উল্লেখ্য যে, আনিছা আৰু মেহেৰ খাতুনে নিৰ্মান কৰি উলিওৱা মাইক্ৰোকণ্ট্ৰোলাৰ আধাৰিত সুৰক্ষা যন্ত্ৰৰ মডেলটো মাণ্ডলিক পৰ্যায়, কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰদৰ্শনীত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে বৰ্তমান ৪৯ সংখ্যক ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২ক লৈও যথেষ্ট আশাবাদী।  
আনিছাই কয়, "মাইক্ৰোকণ্ট্ৰোলাৰ আধাৰিত সুৰক্ষা যন্ত্ৰৰ মডেলটো প্ৰথমে আমি নৱম শ্ৰেণীত পঢ়ি থকা সময়তে নিৰ্মান কৰিছিলো। প্ৰথমে আমাৰ এই মডেলটোত কেৱল সন্মুখৰ অংশতহে চেঞ্চৰ লগোৱা আছিল। যিয়ে বাহনৰ কেৱল সন্মুখত কোনো বাহন, ব্যক্তি বা অন্য কোনো বস্তুৰ উপস্থিতি চিনাক্ত কৰে আৰু চালক গৰাকীক সতৰ্ক কৰি দিয়াৰ বাবে লগে লগে এলাৰ্ম বাজি উঠিছিল। কিন্তু ৪৯ সংখ্যক ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী ২০২ ৰ বাবে আমি আমাৰ এই মডেলটোত কিছু উন্নত কৰিছো। মডেলটোৰ সন্মুখৰ অংশত থকাৰ দৰে পিছৰ অংশ, সোঁফাল বাওঁফাল সকলো দিশতে চেঞ্চৰৰ লগতে এল ই ডি লাইটৰ ব্যৱস্থা কৰিছো।"  
মনকৰিবলগীয়া যে, ২০২১ চনত দিল্লী চহৰত মুঠ পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৪,৭২০। পথ দূৰ্ঘটনাৰ ফলত ১,২৩৯ জন লোকৰ মৃত্যু হৈছিল আৰু ৪,২৭৩ জন লোক আহত হৈছিল। ২০২০ চনৰ তুলনাত ২০২১ চনত দুৰ্ঘটনাৰ সংখ্যা ৩.৬ শতাংশ বৃদ্ধি হৈছিল। চৰকাৰী তথ্য অনুসৰি, ২০২১ চনত দিল্লী চহৰত ১,১৯৯ টা ভয়াবহ দূৰ্ঘটনা সংঘটিত হৈছিল আৰু ১,২৩৮ জন লোকৰ মৃত্যু হৈছিল। ২০২২ চনৰ প্ৰথম ৫ মাহত ২,৩০০ টা পথ দূৰ্ঘটনা সংঘটিত হৈছিল আৰু ৫০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।   
 
মাইক্ৰ’ কণ্ট্ৰোলাৰ আধাৰিত সুৰক্ষা যন্ত্ৰ
 
মেহেৰ খাতুনে কয়, "বৰ্তমান আমি স্কুলীয়া ছাত্ৰী। তথাপিও আমি যেতিয়া স্কুল বা টিউচনৰ বাবে উলাই আহো তেতিয়া প্ৰায়ে এটা দৃশ্যই আমাৰ চকুৰ সন্মুখত দেখো, সেয়া হৈছে যান-জঁটৰ সমস্যা আৰু দিল্লীৰ ৰাজপথত ঘনাই হোৱা পথ দূৰ্ঘটনা। এই সমস্যাৰ বাবে একেঠাইতে ৰাজপথত বহু দীঘলীয়া সময়ৰ বাবে যাতায়তকাৰীসকলে অপেক্ষা কৰিবলগীয়া হয়। ইয়াৰোপৰি বহু গাড়ী চালক আছে যিসকলে দীৰ্ঘ সময়ৰ বাবে একেৰাহে গাড়ী চলাই থাকে। যাৰ ফলত এটা সময়ত তেওঁলোক ভাগৰুৱা হৈ পৰে আৰু ৰাজপথত গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই দূৰ্ঘটনা সংঘটিত হয়। তেনে ক্ষেত্ৰত বাহনৰ বাবে আমি নিৰ্মান কৰি উলিওৱা এই মডেলটোৱে গাড়ীৰ চালকৰ বাবে যথেষ্ট সহায়ক হব। কিয়নো যিকোনো এখন বাহনৰ চৌদিশৰ যিকোনো অংশত কোনো অন্য বাহন, ব্যক্তি বা অন্য কোনো সামগ্ৰী থাকিলে বীপ কৈ এক এলাৰ্ম বাজি উঠিব আৰু চালকজনক সচেতন কৰি দিব আৰু তেওঁ নিজৰ বাহনখন নিয়ন্ত্ৰন কৰিব পাৰিব।"  
 
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ‘৪৯সংখ্যক ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২ৰ প্ৰৱেশদ্বাৰ
 
ছাত্ৰী আনিছা আৰু মেহেৰে দিল্লীৰ ৰাজপথত সঘনাই হৈ অহা পথ দুৰ্ঘটনাৰ মান হ্ৰাস কৰিবলৈ এক সামান্য চেষ্টা কৰিছে। তেওঁলোকে ভৱিষ্যতলৈ এই মডেলটো দুচকীয়া, চাৰিচকীয়া বা তাতোকৈ গধুৰ বাহনত ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্মান কৰাৰ পৰিল্পনা কৰিছে। কিয়নো, ৰাজপথত যিমানে পথ দূৰ্ঘটনা কমিব সিমানে জীৱন ৰক্ষা পৰিব আৰু সকলোৱে সুৰক্ষিত হৈ জীৱনটো উদযাপন কৰিব পাৰিব।