VIDEO
শৈশৱতে প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত হৈছিলো
২০২১ চনৰ পৰাই উজেইৰে কোডিং আৰু এপ ডেভেলপমেণ্টৰ যাত্ৰা আৰম্ভ কৰিছিল। সেই সময়ত তেওঁ মোবাইল এপ আৰু ৱেবচাইটে কেনেকৈ কাম কৰে সেয়া বুজিবলৈ চেষ্টা কৰি আছিল। তেওঁৰ ঘৰৰ ওচৰতে, তেওঁৰ পিতৃৰ এজন বন্ধুৱে এটা এপ প্ৰস্তুত কৰি থকা দেখি তেওঁ প্ৰথম অনুপ্ৰেৰণা লাভ কৰিছিল। সেই মুহূৰ্ততে উজেইৰৰ মনত এই প্ৰশ্নৰ উদয় হয় যে "স্ক্ৰীণৰ আঁৰত কি চলি আছে?" উজাৰে কয়, "মই জানিবলৈ বৰ আগ্ৰহী আছিলো যে, এই সকলোবোৰে কেনেকৈ কাম কৰে। আৰু সেই কৌতূহলে মোক নিজকে নিজে শিকিবলৈ প্ৰেৰণা প্ৰদান কৰিছিল।"
আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে, ইণ্টাৰনেট শ্ৰেণীকোঠালৈ পৰিণত হ’ল
কোনো আনুষ্ঠানিক প্ৰশিক্ষণ বা প্ৰতিষ্ঠানিক সহায় অবিহনে, উজেইৰে ইন্টাৰনেটৰ সহায়ত শিক্ষা গ্ৰহণ কৰিছিল। ইউটিউব টিউটোৰিয়েল, অনলাইন লাৰ্নিং প্লেটফৰ্ম আৰু উন্নত পাঠ্যক্ৰম তেওঁৰ শ্ৰেণীকোঠাৰ দৰে হৈ পৰিছিল। বিগত কেইবছৰমানৰ পৰা তেওঁ ৱেব ডেভেলপমেণ্ট আৰু ম'বাইল এপ্লিকেশ্যন ডেভেলপমেণ্টৰ সৈতে জড়িত সহস্ৰাধিক অনলাইন পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।
তেওঁ কয় যে, "আৰম্ভণি ইমানো সহজ নাছিল। মই যথেষ্ট সৰু আছিলো আৰু বহুতো ধাৰণাক বুজিবলৈ মোৰ বাবে কঠিন আছিল, কিন্তু আই টিৰ প্ৰতি থকা মোৰ আকৰ্ষণৰ বাবে মই হতাশ হৈ পৰা নাছিলো।"
হোটেল বুকিঙৰ পৰা এআই চেটবটলৈকে
হোটেল আৰু বাহন বুকিঙৰ সৈতে জড়িত মিনি এপ তৈয়াৰ কৰি উজেইৰে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল। এই এপসমূহৰ উদ্দেশ্য আছিল স্থানীয় লোকসকলক ঘৰৰ পৰাই হোটেল বা বাহন বুকিং কৰাৰ সুবিধা প্ৰদান কৰা। বৰ্তমান কেইবাটাও হোটেল ভিত্তিক এপ্লিকেচনৰ পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে আৰু অতি সোনকালে এপ ষ্ট’ৰত লাইভ হোৱাৰ সম্ভাৱনা আছে।
কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ উজেইৰে চেটবট বিকাশৰ ক্ষেত্ৰতো কাম কৰিছে। এতিয়ালৈকে তেওঁ অতি কমেও সাতটা এআই চেটবট নিৰ্মাণ কৰিছে, যিবোৰে মৌলিক কথোপকথনৰ পৰা আৰম্ভ কৰি ইউটিলিটি-ভিত্তিক সহায়কৰ ভূমিকাত অৱতীৰ্ণ হৈছে। উজেইৰে কয় যে, এআই হ'ল ভৱিষ্যৎ। মই জানিব বিচাৰিছিলো যে ই কেনেদৰে কাম কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰি মানুহক সহায় কৰিব পাৰি।"
উজেইৰ মালিক
বিদ্যালয়ৰ বাবে ডিজিটেল সমাধান
উজেইৰৰ প্ৰকল্পবোৰ কেৱল বাণিজ্যিক নহয়। তেওঁ দুখন বিদ্যালয়ৰ বাবে SIS (স্কুল ইনফৰমেচন ছিষ্টেম) প্ৰস্তুত কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে বিদ্যালয়সমূহে অনলাইন উপস্থিতি, মাচুল ব্যৱস্থাপনা, বাকী থকা মাচুল অনুসৰণ আৰু ঘৰুৱা কাম জমা কৰাৰ দৰে কামবোৰ ডিজিটেল পদ্ধতিৰে কৰিব পাৰিব। বৰ্তমান এই এপসমূহ কেৱল আমন্ত্ৰণ সাপেক্ষে আৰু সীমিত ব্যৱহাৰৰ বাবেহে উপলব্ধ।
ফ্ৰীভান্স: এক কমিশনবিহীন প্লেটফৰ্ম
উজেইৰৰ আটাইতকৈ উচ্চাভিলাষী প্ৰকল্পটো হৈছে 'ফ্ৰীভান্স', যিটো বৰ্তমান ৱেব-আধাৰিত প্লেটফৰ্মত উপলব্ধ আৰু শীঘ্ৰে ম'বাইল এপ হিচাপে মুকলি কৰা হ'ব। ফ্ৰীভান্স এটা কমিশনবিহীন মডেলৰ ওপৰত ডিজাইন কৰা হৈছে।
অন্য ফ্ৰীলেন্সিং প্লেটফৰ্মসমূহে ১০-২০ শতাংশ কমিশন আদায় লয়, যদিও ফ্ৰীভেন্সত মাত্ৰ ১০ টকা বা ২০ টকাকৈ মাচুল দি চাকৰিৰ বাবে আবেদন কৰিব পাৰে। ইয়াত গ্ৰাফিক ডিজাইন, ল'গ' ডিজাইন, ৱেব ডেভেলপমেণ্ট আৰু অন্যান্য আই টি দক্ষতাৰ সৈতে জড়িত চাকৰি উপলব্ধ আছে। ভৱিষ্যতে এই প্লেটফৰ্মত ডিজিটেল সম্পদ ক্ৰয়-বিক্ৰয়ৰ সুবিধা যোগ কৰা হ'ব।
উজেইৰে কয়, "মোৰ লক্ষ্য হ'ল সৰু অপাৰেটৰ আৰু যুৱক-যুৱতীসকলে যাতে কোনো অতিৰিক্ত বোজাৰ সন্মুখীন নহয়। প্ৰযুক্তিৰ সহায়ক হ'ব লাগে, বাধা হ'ব নালাগে।"
কাশ্মীৰ, প্ৰযুক্তি আৰু যুৱশক্তি
কাশ্মীৰৰ সামাজিক পৰিৱেশৰ বিষয়ে উজেইৰে কয় যে, প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ পূৰ্বৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ। তেওঁ কয়, "আজি বহু যুৱকে ম'বাইল ফোনৰ অপব্যৱহাৰ কৰে বা বেয়া অভ্যাসত পৰি যায়। যদি একেটা স্মাৰ্টফোনক দক্ষতা আহৰণ আৰু সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হয়, তেন্তে প্ৰযুক্তি এক আশীৰ্বাদ হ'ব পাৰে।"
পৰিয়াল আৰু সমৰ্থন ব্যৱস্থা
উজেইৰে তেওঁৰ সফলতাৰ বাবে পিতৃ -মাতৃক কৃতিত্ব দিয়ে। প্ৰথম অৱস্থাত তেওঁৰ পৰিয়ালৰ লোকসকলে তেওঁৰ আবেগৰ গভীৰতা উপলব্ধি কৰা নাছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে তেওঁক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। তেওঁ কয়, "প্ৰত্যাহ্বান যিমানেই কঠিন নহওক কিয়, মোৰ পিতৃ-মাতৃয়ে মোক সদায় সহায় কৰি আহিছে।"
উজেইৰ মালিক
আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক আৰু বয়সক লৈ বিতৰ্ক
ফ্ৰীভেন্স আৰু অন্যান্য প্ৰকল্পৰ যোগেদি উজেইৰে কানাডা আৰু আমেৰিকাৰ গ্ৰাহকৰ সৈতেও সংযোগ স্থাপন কৰিছে। তেওঁৰ মতে বয়সতকৈ দক্ষতাই বেছি গুৰুত্ব লাভ কৰে। তেওঁ কয়, "বিদেশৰ মানুহে বয়সৰ ওপৰত গুৰুত্ব নিদিয়ে, তেওঁলোকে কামৰ গুণগত মানৰ ওপৰতহে গুৰুত্ব দিয়ে।"
ভৱিষ্যতৰ সপোন: আই আই টি আৰু এ আই এডিটিং এপ
উজেইৰে আই আই টিত নামভৰ্তি কৰি নিজৰ কাৰিকৰী জ্ঞান আৰু অধিক শক্তিশালী কৰাৰ আশা মনত পুহি ৰাখিছে। তদুপৰি তেওঁ এআই-ভিত্তিক ভিডিঅ' এডিটিং এপৰ ওপৰতো কাম কৰি আছে, য'ত ব্যৱহাৰকাৰীয়ে প্ৰম্পট দি ভিডিঅ' এডিট কৰিব পাৰিব।
যুৱ প্ৰজন্মৰ বাবে বাৰ্তা
যুৱকসকলৰ বাবে উজেইৰৰ এক স্পষ্ট বাৰ্তা হৈছেঃ কেতিয়াও ভাবিব নালাগে যে মই নোৱাৰিম। নিষ্ঠা থাকিলে সকলো সম্ভৱ। তেওঁ তথ্য প্ৰযুক্তিৰ দক্ষতা অৰ্জনৰ বাবে 'আপনা কলেজ' নামৰ ইউটিউব চেনেলটোৰ পৰামৰ্শ দিয়ে।
বয়স নহয়, উদ্ভাৱনহে গুৰুত্বপূৰ্ণ।
১৩ বছৰ বয়সতে ৩১টা এপ আৰু এটা ৱেবছাইট তৈয়াৰ কৰি মালিক উজাইৰে প্ৰমাণ কৰিছে যে উদ্ভাৱনৰ ক্ষেত্ৰত বয়স কোনো বাধা নহয়। শ্ৰীনগৰৰ ছাইদপোৰা ঈদগাহৰ পৰা উদ্ভৱ হোৱা এই কাহিনীটো প্ৰতিভাৰ অধিকাৰী, কিন্তু দিশ আৰু আত্মবিশ্বাসৰ অভাৱত ভুগি থকা হাজাৰ হাজাৰ যুৱকৰ বাবে প্ৰেৰণা। উজেইৰে প্ৰমাণ কৰিছে যে, কৌতুহল, কঠোৰ পৰিশ্ৰম, আৰু সঠিক ব্যৱহাৰৰ দ্বাৰা আনকি স্মাৰ্টফোন এটাও ভৱিষ্যত সলনি কৰাৰ আহিলা হ’ব পাৰে।