ইংৰাজী ভাষাত লিখা অসমৰ নতুন প্ৰজন্মৰ উদীয়মান কবি শ্বাহিন আখতাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
শ্বাহিন আখতাৰ
শ্বাহিন আখতাৰ
মুন্নী বেগম / গুৱাহাটী

জীৱনৰ বাস্তৱ আৰু তিতা-মিঠা অভিজ্ঞতাক শব্দৰ জৰিয়তে প্ৰকাশৰ মাধ্যমে হৈছে কবিতা। নতুন প্ৰজন্মৰ প্ৰতিভাৱান কবি শ্বাহিন আখতাৰেও নিজৰ কবিতাৰ জৰিয়তে বাস্তৱ জীৱনৰ এক সুন্দৰ ছবি প্ৰকাশ কৰিছে। শীতৰ এক সুন্দৰ সন্ধিয়াত বৃহস্পতিবাৰে 'অসম গ্ৰন্থমেলা'ৰ বাকৰিত শ্বাহিনৰ 'ৱৰ্ডছ ফৰ্ম ডাষ্ট'(Words From Dust) শীৰ্ষক ইংৰাজী কবিতা পুথিখনৰ তৃতীয় সংস্কৰণ পঢ়ুৱৈ সমাজৰ বাবে উন্মোচন কৰা হয়। 
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উদীয়মান কবিগৰাকীয়ে কয়, "কবিতা ৰচনা কৰাটো মোৰ এক আবেগ। কবিতাৰ জৰিয়তে মই মোৰ বাস্তৱ জীৱনৰ কিছু ভাল-বেয়া অভিজ্ঞতা প্ৰকাশ কৰি আহিছো। বাস্তৱ জীৱনৰ আলম লৈয়ে মই সদায় উকা কাগজত লেখা মেলা কৰি আহিছো। 'ৱৰ্ডছ ফৰ্ম ডাষ্ট'ৰ মাধ্যমেৰে মই মোৰ জীৱনৰ বাস্তৱতাক ন-সাজেৰে পাঠক তথা শুভাকাংক্ষীৰ মাজলৈ লৈ আহিছো। মুঠ ৩০ টা কবিতা সন্নিৱিষ্ট 'ৱৰ্ডছ ফৰ্ম ডাষ্ট' নামৰ  কবিতা পুথিখনৰ তৃতীয় সংস্কৰণটো আজি উন্মোচন কৰা হৈছে।" 
উল্লেখ্য যে, শৈক্ষিক দিশত মেধাৰ পৰিচয় দিয়া শ্বাহিনে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত সৃষ্টিশীল লেখা আৰু অনুবাদত পি জি ডিপ্লোমা সম্পূৰ্ণ কৰিছে। তেওঁ ইণ্টেছ’লৰ দ্বাৰা প্ৰমাণিত ই এছ এল (ইংৰাজী দ্বিতীয় ভাষা হিচাপে) শিক্ষক প্ৰশিক্ষণো সম্পূৰ্ণ কৰিছে। 
কবিতাৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰি শ্বাহিনে কয়, "২০১৫ চনত মই প্ৰথম কবিতা লিখা আৰম্ভ কৰিছিলো, যেতিয়া মোৰ দেউতা স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল। সম্পূৰ্ণ এবছৰ তেওঁ বহু কষ্ট ভোগ কৰিছিল আৰু ২০১৬ চনত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ এই কষ্ট দেখি মই মনত খুব কষ্ট অনুভৱ কৰিছিলো। মোৰ মনৰ এই দুখ প্ৰকাশ কৰাৰ বাবে মই লিখিবলৈ আৰম্ভ কৰিছিলো আৰু কব নোৱাৰাকৈয়ে সেই লেখাবোৰ কবিতাৰ ৰূপ লৈছিল। মোৰ দেউতাৰ বেমাৰৰ পৰা অৰম্ভ কৰি তেওঁৰ মৃত্যুলৈকে সম্পূৰ্ণ এবছৰৰ সময়ছোৱা আৰু ইয়াৰ পিছৰ সময়ছোৱাৰ অভিজ্ঞতা মই কবিতা আকাৰে প্ৰকাশ কৰিছিলো। ২০২২ চনত মোৰ কবিতাৰ পুথি "ৱৰ্ডছ ফৰ্ম ডাষ্ট"ৰ প্ৰথম সংস্কৰণটি মুকলি কৰা হৈছিল। আৰু আজি তৃতীয় সংস্কৰণ মুকলি কৰা হৈছো।" 
 
ৱিজেন মংক প্ৰকাশনৰ প্ৰকাশক ভাৰ্গৱ ভৰালীৰ সৈতে শ্বাহিন আখতাৰ
 
কবিতাৰ উপৰিও শ্বাহিনে চুটিগল্প, প্ৰবন্ধ আৰু গ্ৰন্থ সমালোচনাও লিখি আহিছে। তেওঁৰ লেখাসমূহ 'দ্য আছাম ট্ৰিবিউন', 'দ্য চেণ্টিনেল' আৰু 'দ্য আছাম পোষ্ট' নামৰ ইংৰাজী দৈনিক কাকতত প্ৰকাশ পাই আহিছে। ইয়াৰোপৰি তেওঁ অন্যান্য অনলাইন প্লেটফৰ্মতো সক্ৰিয়ভাৱে অৱদান আগবঢ়াই আহিছে।  
শ্বাহিনে কয়, "মই কোনো নিৰ্দিষ্ট বিষয়বস্তুক লৈ লিখা মেলা নকৰো।  মোৰ মনত যি অনুভৱ কৰো সেয়া মই কবিতা আকাৰে প্ৰকাশ কৰো। মই মোৰ কবিতাবোৰত অতি সহজ সৰল ভাষাৰ ব্যৱহাৰ কৰো। যাতে পাঠকে সহজে বুজি পায়। বৰ্তমান ইংৰাজী সাহিত্যৰো পঢ়ুৱৈৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। 'ৱৰ্ডছ ফৰ্ম ডাষ্ট' মোৰ কবিতাপুথিখন সকলো বয়সৰ পাঠকে আকোৱালি লৈছে। পুথিখনৰ পূৰ্বৰ দুটি সংস্কৰণৰ পঢ়ূৱৈ সহাঁৰি যথেষ্ট উৎসাহজনক আছিল, যাৰ বাবে তৃতীয় সংস্কৰণটি মুকলি কৰিবলৈ বাধ্য হলো। মোৰ কবিতাবোৰত পাঠকে জীৱনৰ বাস্তৱ সত্য, প্ৰকৃত ভালপোৱা, প্ৰকৃতিৰ এক আভাস পাব।"
ৱিজেন মংক প্ৰকাশনৰ প্ৰকাশক ভাৰ্গৱ ভৰালীয়ে কয়, "আমি নতুন প্ৰজন্মৰ লেখকসকলৰ ব্যতিক্ৰমী ধৰণৰ লেখাবোৰ প্ৰকাশ কৰাৰ বাবে চেষ্টা কৰি আহিছো। কবি শ্বাহিনৰ কবিতা পুথিখন বাস্তৱ জীৱনৰ ওপৰত আধাৰিত এখন ইংৰাজী ভাষাৰ কবিতাপুথি। এই কিতাপখনত জীৱনৰ বহু তিতা-মিঠা অভিজ্ঞতা কবিতা আকাৰে প্ৰকাশ কৰা হৈছে। এই কিতাপখন পঢ়ুৱৈ সমাজেও আদৰি লৈছে।"
 
ৱিজেন মংক প্ৰকাশনৰ বিপণীত শ্বাহিন আখতাৰৰ কবিতাপুথি 'ৱৰ্ডছ ফৰ্ম ডাষ্ট'
 
উল্লেখ্য যে, কবি তথা সাহিত্যিক শ্বাহিনে অনুপ্ৰেৰণামূলক উদ্ধৃতি লিখিবলৈ খুৱ ভাল পায়। ২০২১ চনৰ ১৫ আগষ্টত গুজৰাট সাহিত্য একাডেমীৰ সহযোগত মোটিভেশ্বনেল ষ্ট্ৰিপছ-ৱৰ্ল্ড মোষ্ট এক্টিভ ৰাইটাৰ্ছ ফ'ৰামে অসমৰ যুৱ কবি-সাহিত্যকগৰাকীক নিজৰ সৃষ্টিশীল কামৰ বাবে 'স্বাধীনতা দিৱস সাহিত্য সন্মান' প্ৰদান কৰিছিল। ২০১৯ চনত ছোৱাইপ পেজ (চেন্নাই)ৰ দ্বাৰা প্ৰকাশিত 'দ্য বুক অফ ৫০০ বেষ্ট পোয়েমছ-ইণ্ডিয়াজ বিগেষ্ট এন্থোলজি' শীৰ্ষক সংকলনত তেওঁৰ ছটা কবিতা প্ৰকাশ পাইছিল।
 
২০২২ চনত গুৱাহাটীৰ ডন বস্কো হাইস্কুলত অনুষ্ঠিত এক কবিতা আবৃত্তি প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহন কৰাৰ সুযোগ লাভ কৰা শ্বাহিনে 'ব্যতিক্ৰম মাছডো'ৰ দ্বাৰা আয়োজিত ‘আন্তঃৰাষ্ট্ৰীয় লেখকৰ বৈঠক’ শীৰ্ষক অনুষ্ঠানৰ দৰে বিভিন্ন সাহিত্যিক কাৰ্য্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।