খিলঞ্জীয়া মুছলমান গাওঁ দামপুৰৰ পৰা প্ৰথম গৰাকী মহিলা অসম আৰক্ষী বিষয়া

Story by  atv | Posted by  Munni Begum • 1 Years ago
চুমন চেহনাজ
চুমন চেহনাজ
আৰিফুল ইছলাম / গুৱাহাটী
 
শুই শুই দেখা সপোন কেতিয়াও দিঠক হ'ব নোৱাৰে। কেৱল দিঠক হয় সেই সপোন, যি সপোনে মানুহক শুৱ নিদিয়ে। সমগ্ৰ পৃথিৱী শুই থকাৰ সময়তে শুৱাপাতি ত্যাগ কৰে এগৰাকী যুৱতীয়ে। নিতৌ কাহিলী পুৱাতে আৰম্ভ কৰে সপোনক বাস্তৱায়িত কৰাৰ আখৰা। সপোন আৰু প্ৰচেষ্টাক মূল অস্ত্ৰ হিচাপে লৈ সফলতাৰ বাট মুকলালে দামপুৰৰ চুমন চেহনাজে।
 
হাজো সমষ্টিৰ অন্তৰ্গত দামপুৰৰ নিবাসী ছফিকৰ ৰহমান আৰু মনুজা  বেগমৰ কন্যা চুমন চেহনাজে সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত আৰক্ষী উপ-পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ লগে লগে চুমন চেহনাজ হৈ পৰিল অসমীয়া মুছলমান অধ্যুষিত অসমৰ সৰ্ববৃহৎ গাঁও দামপুৰৰ পৰা অসম আৰক্ষীত নিযুক্তি পোৱা প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া। দিন -হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ ছফিকৰ ৰহমানৰ পৰিয়ালটোলৈ এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে কন্যা চুমন চেহনাজে। লগতে তেওঁৰ পৰিয়াল আৰু গাঁওখনত দেখিব পোৱা গৈছে আনন্দৰ বন্যা।
আৱাজ-দ্য ভইছ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চুমন চেহনাজে কয়, "মই পুৱা প্ৰায় ৩.৩০ ত উঠিছিলোঁ আৰু আন্ধাৰ হৈ থাকোতেই দৌৰিছিলোঁ। মানুহে যাতে দেখা নাপাই সেইকাৰণে মই আন্ধাৰ হৈ থাকোতেই দৌৰিছিলোঁ। আৰক্ষী বিভাগৰ শাৰীৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ আগতেও মই দৌৰিছিলোঁ। যিহেতু মই অলপ শকত আছিলোঁ। যেতিয়া অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল তেতিয়া ইয়াত বানপানী হৈ আছিল। দৌৰিবৰ বাবে শুকান ঠাই পোৱা নাছিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰি যোৱা গোপাল থানৰ মিনি ষ্টেডিয়ামত দৌৰিছিলোঁ। সেই সময়খিনিত কেৱল সেইখন মিনি ষ্টেডিয়ামতহে পানী উঠা নাছিল।"
অসম আৰক্ষীত নিযুক্তি লাভ কৰি চুমন চেহনাজে যথেষ্ট সুখী অনুভৱ কৰিছে যদিও তেওঁ সমান্তৰাল ভাবে ভাৰতীয় বায়ু সেনাত যোগদানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি অৱগত কৰে। যিহেতু সুমন চেহনাজে বহু আগৰে পৰা ভাৰতীয় বায়ু সেনাত যোগদান কৰাৰ হেঁপাহ মনত পুহি ৰাখিছে। চেহনাজ এগৰাকী বিজ্ঞান শাখাৰ ছাত্ৰী। পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ চুমন চেহনাজে গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰিছে।
 
 
মাক-দেউতাক আৰু মোমায়েকৰ সৈতে চুমন চেহনাজ
 
চুমনে কয়, "স্নাতক পঢ়ি থকাৰ সময়ত মই ভাবিছিলোঁ যে মই পদাৰ্থ বিজ্ঞান লৈ স্নাতকোত্তৰৰ বাবে প্ৰস্তুতি কৰিম আৰু পৰৱৰ্তী সময়ত পি এইচ দি ডিগ্ৰীও কৰিম। কিন্তু লক ডাউনৰ সময়ত আমাৰ মহাবিদ্যালয়ে অনলাইন যুগে পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাছত মোৰ বাবে পদাৰ্থ বিজ্ঞান অলপ কঠিন হৈ পৰিল। কাৰণ অনলাইন শ্ৰেণীত মই পদাৰ্থ বিজ্ঞান বুজি পোৱাত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছিলোঁ। তাৰপিছত মই চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰাৰ মন মেলিলো। মই ভাবিছিলোঁ যে মই যদি চাকৰি কৰোঁ তেন্তে মোৰ পৰিয়ালৰ আৰ্থিক অৱস্থাটো কিছু উন্নত হ'ব।"
নৱ নিযুক্ত আৰক্ষী উপ-পৰিদৰ্শক চুমন চেহনাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয়, "মোৰ বহুত ভাল লাগিছে। এটকাও নিদিয়াকৈয়ে মই চাকৰি পাইছোঁ। কেৱল মইয়ে নহয়, সকলো নিযুক্তি নিকা আৰু স্বচ্ছ হৈছে। মই যিহেতু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী, গতিকে মই টকা দি চাকৰি ল'ব পৰা পৰ্য্যায় নাই। মোৰ দৰেই অসমৰ বহু নিবনুৱা যুৱক-যুৱতীয়ে মেধাৰ ভিত্তিত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যেনেকৈ চাকৰি লাভ কৰিছোঁ, ঠিক তেনেকৈয়ে নিকা আৰু স্বচ্ছতাৰে কাম কৰি যাম।"
উল্লেখযোগ্য যে কামৰূপ জিলাৰ খিলঞ্জীয়া মুছলমান প্ৰধান এখন শান্তিপ্ৰিয় গাঁও দামপুৰ। সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে জনাজাত কামৰূপ জিলাৰ হাজো চক্ৰৰ দামপুৰে কেইবাগৰাকীও সুযোগ্য সন্তানক জন্ম দিছে। তেওঁলোকৰ ভিতৰত অন্যতম হ’লঃ জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আফতাব হুছেইন শইকীয়া, অসম আৰক্ষীৰ প্ৰাক্তন বিষয়া মহম্মদ হুছেইন তালুকদাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন পঞ্জীয়ক প্ৰয়াত তলমিজুৰ ৰহমান আদি। 
 
খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত নিযুক্তি পত্ৰ বিতৰণৰ মুহূৰ্তত
 
আনহাতে, দামপুৰ হৈছে ১০০ শতাংশ থলুৱা অসমীয়া মুছলমান জনসংখ্যা থকা মধ্য আৰু নামনি অসমৰ একমাত্ৰ গাওঁ। হাজোৰ সাম্প্ৰদায়িক সম্প্ৰীতি মুখ্যতঃ দামপুৰৰ শান্তিপ্ৰিয় লোকসকলৰ বাবেই সম্ভৱ হৈছে বুলি সাধাৰণতে কোৱা হয়। খেল-ধেমালি এই গাওঁৰ যুৱ প্ৰজন্মৰ খুৱ প্ৰিয়। দামপুৰ ছাত্ৰ সন্মিলনী হৈছে অসমৰ আটাইতকৈ পুৰণি ছাত্ৰ মঞ্চসমূহৰ ভিতৰত অন্যতম। দামপুৰবাসীয়ে অসমৰ বিদেশী খেদা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ইয়াৰে প্ৰায় ৯০ শতাংশ গাওঁবাসী শিক্ষিত।