জৈৱিক শাক-পাচলি উৎপাদন কৰি স্বাস্থ্যৱান সমাজ গঢ়াৰ প্ৰয়াস হবিবুৰ ৰহমানৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
হবিবুৰ ৰহমানে কেচুসাৰ প্ৰস্তুত কৰা টেংক আৰু পোক মৰাৰ বাবে প্ৰস্তুত কৰা য়াল্লো ষ্টিকী
হবিবুৰ ৰহমানে কেচুসাৰ প্ৰস্তুত কৰা টেংক আৰু পোক মৰাৰ বাবে প্ৰস্তুত কৰা য়াল্লো ষ্টিকী
মুন্নী বেগম / গুৱাহাটী
 
ৰাসায়নিক পদ্ধতিৰে উৎপাদিত শাক-পাচলিৰে সম্প্ৰতি বজাৰ উভৈনদী হৈ পৰা দেখা গৈছে। তেনে এক পৰিস্থিতিৰ সময়তে এজন যুৱ কৃষকে এক ব্যতিক্ৰমী পদ্ধতিৰে জৈৱিক শাক পাচলি উৎপাদন কৰি সমাজৰ বাবে আদৰণীয় কাম কৰিছে। দৰং জিলাৰ হবিবুৰ ৰহমান নামৰ কৃষকজনে ঘৰত জৈৱিক সাৰ প্ৰস্তুত কৰি বিভিন্ন শাক পাচলি তথা শস্যৰ খেতি কৰি সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে।
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আদৰ্শ কৃষক হবিবুৰ ৰহমানে কয়, "মই এগৰাকী আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ল’ৰা। ককা আজোককাৰ দিনৰে আমাৰ কিছু কৃষিভূমি আছিল আৰু সেই ভূমিতে মই ঋতু অনুযায়ী বিভিন্ন শাক পাচলিৰ তথা শস্য আৰু ফলৰ খেতি কৰিছিলো। মই কৰা খেতিৰ উৎপাদিত সামগ্ৰী মই কৃষি বিভাগৰ বিপনন বোৰ্ডৰ পৰা লাভ কৰা এখন কৃষকৰ দোকানৰ জৰিয়তে মই গ্ৰাহকৰ মাজত মোৰ খেতিত উৎপাদিত পাচলি বিক্ৰী কৰি আহিছোঁ। মোৰ ওচৰলৈ শাক-পাচলি ক্ৰয় কৰিবলৈ অহা গ্ৰাহকসকলে মোক প্ৰায়ে শুধিছিল যে তোমাৰ দোকানৰ শাক পাচলিবোৰ জৈৱিক হয় নে? মোৰ ওচৰত তেওঁলোকৰ প্ৰশ্নৰ একো উত্তৰ নাছিল। কাৰন মই নিজে জনা নাছিলো যে জৈৱিক মানে নো কি? মই গ্ৰাহকক জৈৱিক বুলি ক'লে তেওঁলোকে ১ কেজিৰ ঠাইত ২ বা ৩ কেজিলৈ শাক-পাচলি ক্ৰয় কৰিছিল। কিন্তু কথাটো হ’ল জৈৱিক মানেনো কি?"
 
হবিবুৰ ৰহমানে কৰা ষ্ট্ৰোবেৰী আৰু নাৰ্জী ফুলৰ খেতি
 
উল্লেখ্য যে, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদিত শাক-পাচলি গ্ৰহণ কৰাৰ ফলত সম্প্ৰতি মানুহৰ শৰীৰত নিত্য-নতুন ৰোগৰ উদ্ভৱ হোৱা দেখা গৈছে। সেয়ে, স্বাস্থ্য সচেতন মানুহে বজাৰত জৈৱিক শাক-পাচলি বিচাৰে। কিন্তু, বজাৰত জৈৱিক পদ্ধতিৰে কৰা শাক-পাচলি পোৱাটো যথেষ্ট কঠিন হৈ পৰিছে। 
 
হবিবুৰ ৰহমান জৈৱিক পদ্ধতিৰে উৎপাদন কৰা পাচলি
 
কৃষক হবিবুৰে কয়, "এদিন মই সন্ধিয়া ঘৰত টিভি চাই থাকোতে কৃষি দৰ্শন অনুষ্ঠানটোত জৈৱিক খেতি কৰাৰ পদ্ধতিৰ বিষয়ে কৈ থকা শুনিছিলো। তেতিয়া মই গম পাইছিলো যে জৈৱিক খেতি কৰিবলৈ হলে জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। আৰু জৈৱিক সাৰবোৰ ক্ৰমে পচন সাৰ, কেচুসাৰ আদি। ঘৰতে পেলনীয়া শাক পাচলিৰে কেঁচুসাৰ তথা পচন সাৰ প্ৰস্তুত কৰিব পাৰি। মই কেচু সাৰ প্ৰস্তুত কৰাৰ কথা চিন্তা কৰিলো। মই কেচু সাৰ প্ৰ্স্তুত কৰাৰ বাবে ওচৰৰ নদীৰ পাৰৰ পৰাৰ পৰা কিছু পৰিমানে কেচু সংগ্ৰহ কৰিলো আৰু সাৰ প্ৰস্তুতৰ বাবে তৈয়াৰী কৰিলো। কিন্তু মই কেচুসাৰ প্ৰস্তুত কৰিব নোৱাৰিলো। সেয়ে মনৰ বেজাৰত মই জৈৱিক খেতি কৰাৰ কথা মনৰ পৰা ওলিয়াই দিলো আৰু ৰসায়নিক পদ্ধতিৰে খেতি কৰা আৰম্ভ কৰিলো।"
 
হবিবুৰ ৰহমানে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা পাচলি
 
"এদিন মোৰ খেতি চবলৈ অহা ডিব্ৰুগড়ৰ এজন বন্ধুৱে মোক মংগলদৈৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈ লৈ গৈছিল আৰু তাত মোক তেওঁ এগৰাকী কৃষি বিজ্ঞানী ৰিজৱান হালিম আৰু ভূমি বিজ্ঞানী মনোজ কুমাৰ চৌহানৰ সৈতে চিনাকী কৰোৱাই দিছিল। সচৰাচৰ কৃষি বিজ্ঞানীসকলে কৃষকসকলক অধিক সময় নিদিয়ে। কিন্তু দুয়োগৰাকী কৃষি বিজ্ঞানীয়ে মোৰ খেতিৰ বিষয়ে অতি মনোযোগেৰে শুনিছিল আৰু এদিন তেওঁলোকে মোৰ খেতি চাবলৈ মোৰ খেতিপথাৰলৈ আহিছিল। তেওঁলোকে মোক কেচুসাৰ, জীৱ-অমৃত, বায়' প্ৰেষ্টিছাইট আদি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিছিল," হবিবুৰে কয়।
উল্লেখ্য যে, জৈৱিক কৃষিত খৰচ বেছি আৰু উৎপাদন কম হয়। সেয়েহে কৃষকসকলে উৎপাদন তথা আয়ৰ কথা চিন্তা কৰি ৰসায়ন পদ্ধতিৰে খেতি কৰি আহিছে বুলি মন্তব্য কৰি কৃষক হবিবুৰে কয় যে তেওঁ জৈৱিকভাৱে খেতি কৰি বহু সমস্যাৰ সন্মুখীন হৈছিল। কিয়নো জৈৱিক খেতি কেৱল কেচুসাৰেৰে কৰিব পৰা নাযায়। ইয়াৰ বাবে ভূমিৰ প্ৰয়োজনীয় নিউট্ৰিয়নচৰো বহু প্ৰয়োজন হয়। ইয়াৰোপৰি তেওঁৰ আশে পাশে অন্য খেতিয়কে কৰা খেতিত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত তেওঁৰ খেতিও যথেষ্ট নষ্ট হৈ গৈছিল।    
কেঁচুসাৰ প্ৰস্তুতৰ সন্দৰ্ভত হবিবুৰে কয়, "কেচুসাৰ প্ৰস্তুত কৰিবলৈ শাক-পাচলিৰ পেলনীয়া অংশ, কলগছ,  (কলগছত ফচফৰাচ থাকে) মেটেকা (মেটেকাত নইট্ৰজেনৰ পৰিমান বেছি থাকে) আৰু শুকান গোৱৰৰ প্ৰয়োজন হয়। ৩ ফুট বহল আৰু ১২ ফুট দীঘল এটা টেংকীত বালি, মেটেকা, গোৱৰ, কলগছ, জাৱৰ জোথৰ আৰু নৰাৰ এটা তৰপ  দি আকৌ গোৱৰ আৰু জাৱৰ জোথৰ দিব মাজে মাজে পানীও দিব লাগে। ১৫ দিন জমা কৰি ৰখাৰ পিছত টেংকীত এছিনা ফ্ৰেডিদা নামৰ এবিধ কেঁচু দিব লাগে। এই কেচুবিধ কলগছৰ ভিতৰত পোৱা যায়। তাৰ পিছত ২ পৰা ৩ মাহৰ ভিতৰত কেঁচুসাৰ প্ৰস্তুত হয় আৰু এই সাৰ খেতিত ব্যৱহাৰ কৰা হয়।"
 
জৈৱিক পদ্ধতিৰে শাক পাচলি উৎপাদন কৰা কৃষক হবিবুৰ ৰাহমানে লাভ কৰা বঁটা সমূহৰ সৈতে 
 
কেছুসাৰ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা কেঁচুৰ বজাৰ মূল্য ২ হাজাৰ টকা। প্ৰতি দুই কেজি কেচুৰ লগতে ১৫ কেজি পেলনীয়া শাক পাচলি দিলে তাৰ পৰা সাৰ ১ টন পৰ্যন্ত সাৰ প্ৰস্তুত কৰিব পাৰি।  এই সাৰৰ প্ৰতি কেজিৰ মূল্য ২০ টকা।
যুৱ কৃষক হবিবুৰে কয়, "জৈৱিক পদ্ধতিৰে কৰা খেতিৰ পৰা উৎপাদন কম হয় যদিও উৎপাদিত সমগ্ৰীৰে অধিক আয় কৰিব পৰা যায়। সেয়ে মই ভাবিলোঁ মোৰ লগতে অন্য কৃষক বন্ধু সকলক জৈৱিকসাৰ প্ৰস্তুত কৰি জৈৱিক খেতি কৰাৰ বাবে মই প্ৰশিক্ষণ প্ৰদান কৰিলোঁ। ইয়াৰ লগতে মই ফাৰ্মা প্রডিউচাৰ কোম্পানী এটা আৰম্ভ কৰিলো। বৰ্তমান এই কোম্পানীৰ সৈতে পাঁচশৰো অধিক কৃষক জড়িত হৈ আছে। ইয়াৰোপৰি আত্ম সহায়ক গোটৰ মহিলা সকলকো জৈৱিকসাৰ প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ। যি সাৰ আমাৰ কৃষকসকলে খেতিত ব্যৱহাৰ কৰিবলৈ ক্ৰয় কৰিবলৈ তেওঁলোকৰ পৰা ক্ৰয় কৰি আহিছে।"
জৈৱিকসাৰ প্ৰস্তুত কৰি ব্যতিক্ৰমী পদ্ধতিৰে খেতি কৰি উন্নত মানৰ পাচলি প্ৰস্তুত কৰি ৰাজ্য চৰকাৰৰ পৰা কেইবা বাৰো শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে যুৱ কৃষক হবিবুৰ ৰহমানে। ইয়াৰোপৰি তেওঁক বিভিন্ন দল তথা সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ তৰফৰ পৰা কেইবাটাও বঁটা তথা সম্বৰ্ধনা প্ৰদান কৰিছে।
 
হবিবুৰ ৰহমান তেওঁৰ খেতি পথাৰত
 
হবিবুৰে কয়, " অসম এখন কৃষি প্ৰধান ৰাজ্য। কৃষি উপযোগী ভূমিৰে পৰিপূৰ্ণ ৰাজ্যখনত ধান, চাহ, মাহ, সৰিয়হ, আলু আদিকে ধৰি বিভিন্ন কৃষিজাত সামগ্ৰী উৎপন্ন হয়। তেনে এখন ৰাজ্যত যুৱক যুৱতী সকলে কৃষি কৰ্মৰ জৰিয়তেও স্বাৱলম্বী হব পাৰে।"