স্নো মাৰাথনত পদক জয়ত আয়েছাৰ সন্মুখত বাধা হোৱা নাই হিজাব

Story by  atv | Posted by  Munni Begum • 2 Years ago
দৌৰবিদ আয়েছা
দৌৰবিদ আয়েছা
তৃপ্তি নাথ / চিচ্চু (লাহৌল)  
 
নীলা হিজাব পৰিহিত ২৭ বছৰীয়া আয়েছাই লাহৌলত  বৰফৰে আবৃত ১০,৫০০ ফুট উচ্চতাৰ পৰ্বতত তেওঁ এক ঈৰ্ষনীয় কৃতিত্ব অৰ্জন কৰিছে। হিমাচল প্ৰদেশৰ লাহৌল উপত্যকাৰ এখন সৰু চহৰ চিচ্চুত শূন্য ডিগ্ৰীতকৈও কম উষ্ণতাত শেহতীয়াকৈ অনুষ্ঠিত ভাৰতৰ প্ৰথম স্নো মাৰাথনৰ আৰম্ভণি ৰেখাত আন উৎসাহী দৌৰবিদ সকলৰ মাজত আয়েছাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আয়েছাই ৪৭ মিনিট ৫৩ ছেকেণ্ডত ৫ কিলোমিটাৰ মাৰাথন সমাপ্ত কৰি মহিলা শ্ৰেণীত দ্বিতীয় স্থান লাভ কৰিছে।   
 
এই শ্ৰেণীৰ দ্ৰুততম মহিলা আছিল পালচানত জন্ম গ্ৰহণ কৰা ১৬ বছৰীয়া সৃষ্টি ঠাকুৰ। সৃষ্টি ঠাকুৰে ৪৩ মিনিট ২১ ছেকেণ্ড সময় লৈছিল।মানালীৰ ওচৰৰ এখন গাওঁ পালচানত জন্ম গ্ৰহণ কৰা আৰু মানালী নামৰ এখন চৰকাৰী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে কয় যে তেওঁ আয়েছাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। 
 
মাৰাথনৰ পূৰ্বে লাহৌলত আয়েছা
 
সৃষ্টি ঠাকুৰে কয়, "মই ক'ব লাগিব যে আয়েছাই এক সম্পূৰ্ণৰূপে বেলেগ জলবায়ুৰ পৰা ইমান দূৰৰ পৰা মাৰাথনত অংশ গ্ৰহণ কৰিবলৈ আহিছিল আৰু তেওঁ খুব ভাল প্ৰদৰ্শন কৰিছিল।"    
কেৰালাৰ কাচাৰাগোড জিলাৰ আয়েছা মুম্বাইৰ এগৰাকী ছফ্টৱেৰ অভিযন্তা। তেওঁ এগৰাকী নৌ সেনা বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।  আয়েছাই তেওঁৰ পাঁচ বছৰীয়া জীয়েকক কোলাবাত তথা ঘৰত এৰি নিজৰ দৃঢ়তা আৰু মনোবল পৰীক্ষা কৰিবলৈ উলাই আহিছিল। দৌৰত অংশ গ্ৰহণৰ বাবে আয়েছাৰ প্ৰতিশ্ৰুতি সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। তেওঁ মুম্বাইৰ পৰা দিল্লীলৈ দূৰন্ত ৰেলযোগে ১৬ ঘণ্টা ভ্ৰমণ কৰিছিল। যি ১,৩৮৪ কিলোমিটাৰ দূৰত্বৰ পথ আছিল। 
নিজৰ কৰ্মক্ষেত্ৰৰ পৰা ছুটি ৰ্লাভ কৰি আয়েছাই ৰৈ নাথাকি দিল্লীৰ পৰা যাত্ৰা অব্যাহত ৰাখিছিল আৰু মানালীলৈ এখন বাছত উঠিছিল। যিয়ে ৫৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ আৰু ১৬ ঘণ্টা সময় লৈছিল। মানালীৰ পৰা আয়েছাই এখন কেব লৈ প্ৰায় দুঘণ্টাৰ ভিতৰত চিচ্চু  চহৰত উপস্থিত  হৈছিল।  
 
 হিমাচল প্ৰদেশৰ লাহৌলত অনুষ্ঠিত প্ৰথম স্নো মাৰাথনৰ আৰম্ভণিৰ এক দৃশ্য
 
আয়েছাই কয়, "প্ৰথমতে, বতৰটোৱে মোক নিৰুৎসাহিত কৰিছিল। কিয়নো মই ইমান ঠাণ্ডাৰ অভ্যস্ত নাছিলো। চাৰি বছৰ আগতে মই ছিকিমলৈ যোৱাৰ সময়ত নাথু লা (পাছ) ভ্ৰমণ কৰোঁতে কেৱল বৰফ দেখিছিলো। মই কেৰালা-কৰ্ণাটক সীমান্তৰ কাচাৰাগোডৰ পৰা আহিছো আৰু দ্বাদশ শ্ৰেণীৰ পিছত টি কে এম কলেজ অফ ইঞ্জিনিয়াৰিঙৰ পৰা অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিবলৈ কেৰালাৰ দক্ষিণ অংশলৈ কোল্লাম জিলালৈ স্থানান্তৰিত হৈছিলো। পিছত, মই ২০১৫ চনত বিয়া হোৱাৰ আগতে এবছৰ কলকতাত কাম কৰি মুম্বাইত মোৰ স্বামীৰ সৈতে যোগদান কৰিছিলো। য'ত উচ্চ স্তৰৰ আৰ্দ্ৰতাৰ সৈতে জলবায়ুক মজলীয়া গৰম বুলি বৰ্ণনা কৰিব পাৰি। কিন্তু মই ইমান ঠাণ্ডা বতৰত অভ্যস্ত নছিলো। মাৰাথন শেষ কৰাৰ সময়ত মোৰ স্বামী প্রথম ব্যক্তি আছিল যিগৰাকীক মই ফোন কৰিছিলো।"  
উভতি অহা যাত্ৰাটো আয়েছাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক আছিল। কিন্তু আয়েছাই উত্তৰৰ পৰা পশ্চিম ভাৰতলৈ স্নো ৰানাৰৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ ৰমজানৰ পাঁচ দিন পূৰ্বে অৰ্থাৎ ২৮ মাৰ্চত মুম্বাইলৈ উভতি আহিছিল আৰু বিশ্বজুৰি মুছলমানসকলে পালন কৰা উপবাস, প্ৰাৰ্থনা পালন কৰিছিল।  
আয়েছাৰ দৃঢ় মনোবলৰ বিষয়ে সংবাদদাতাই সোধাত, আয়েছাই তেওঁৰ স্কুলৰ দিনবোৰৰ কথা স্মৰণ কৰিছিল আৰু কৈছিল যে "মই এখন গ্ৰাম্য অঞ্চলৰ ছোৱালী। মোৰ ঘৰৰ পৰা বিদ্যালয়লৈ প্ৰতিদিনে চাৰিৰ পৰা পাঁচ কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। মই ক্ৰীড়াৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিলোঁ  আৰু মই বিদ্যালয়ত বহু দৌৰিছিলো। মোৰ বিবাহৰ পিছত, মই ভাগ্যৱান যে মই নৌ সেনাত দৌৰিবলৈ মোৰ আগ্ৰহ অনুসৰণ কৰিবলৈ এক অতি অনুকূল পৰিৱেশ লাভ কৰিছিলো। নৌ সেনাৰ সংস্কৃতি অতি অনুপ্ৰেৰণাদায়ক। দুসপ্তাহ আগতে, মই ৯০ মিনিটৰ ৰিলে ষ্টেডিয়াম দৌৰত অংশ গ্ৰহণ কৰিছিলো। য'ত ৮ গৰাকী অংশগ্ৰহণকাৰীয়ে ১২ ঘণ্টাতকৈ অধিক ৯০ মিনিট দৌৰিব লগা হৈছিল।" 
 
নীলা হিজাব পৰিহিত আয়েছাৰ সৈতে স্নো মাৰাথনৰ অন্য দৌৰবিদ সকল
 
যি সময়ত ভাৰতত হিজাব সম্পৰ্কে তীব্ৰ বিতৰ্ক চলি আছে, আয়েছাই ভাবে যে হিজাব পিন্ধাটো এক ব্যক্তিগত পছন্দৰ কথা। আয়েছাই কয়, "মই সদায় হিজাব পৰিধান কৰোঁ। মোৰ দৃষ্টিভংগী হৈছে যে যদি আপুনি হিজাব পিন্ধিব বিচাৰে, তেন্তে আপুনি পিন্ধিব পাৰে, আৰু যদি আপুনি পিন্ধিব নিবিচাৰে, তেন্তে আপুনি  নিপিন্ধি পাৰে। এইটো সম্পূৰ্ণ ব্যক্তিগত পছন্দৰ বিষয়। আমি আনক সাজ পোচাক নিৰ্ধাৰন কৰাৰ অধিকাৰ নাই। মুছলিম সম্প্ৰদায়ত বহু মানুহ আছে, যিয়ে হিজাব পৰিধান নকৰে। মই হিজাব পিন্ধিবলৈ পছন্দ কৰোঁ। কিয়নো মই ছয় বছৰ বয়সৰ পৰাই  হিজাব পৰিধান কৰি আহিছো।"
 
স্নো মাৰাথনৰ সময়ত হিজাব কেনেকৈ অক্ষত আছিল বুলি সোধাত আয়েছাই কয়, "আমি ইয়াক প্ৰায় দুই-তিনিবাৰ মেৰিয়াই দিওঁ আৰু খুব ভালকৈ জোৰেৰে বান্ধো।" 
 
স্নো মাৰাথনৰ  পূৰ্বে দৌৰবিদ সকল
 
আয়েছাই কৈছিল যে তেওঁ এক চ'ল টু ছ'ল এটা দৌৰবিদৰ গোটৰ পৰা স্নো মাৰাথনৰ শিকিছিল। কেৱল কল আৰু কমলা খাই স্নো মাৰাথনত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাৰ কথা মনত পেলাই এক মিছিকীয়া হাঁহিৰে কয়, "মই মাৰাথনৰ মাত্ৰ এদিন আগতে চিচ্চু পাইছিলো। মই চিচ্চুৰ জলবায়ুৰ বিষয়ে নিশ্চিত নাছিলো। সেয়েহে, মই মাত্ৰ পাঁচ কিলোমিটাৰ দৌৰিবলৈ সিদ্ধান্ত লৈছিলো। কিন্তু মই স্নো মাৰাথনৰ পৰৱৰ্তী সংস্কৰণত হাফ মাৰাথন শ্ৰেণীত অংশ গ্ৰহণ কৰিম আৰু মোৰ বন্ধু বৰ্গ আৰু আত্মীয়সকলকো অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিম। মই দাৰ্জিলিঙৰ পৰ্বতাৰোহণ প্ৰতিষ্ঠানত যোগদান কৰিব বিচাৰো।"   
 
তেওঁৰ স্বামী লেফটেনেণ্ট কমাণ্ডাৰ মহম্মদ ইমৰান, এজন চাবমেৰিন অভিযন্তা, আয়েছাৰ অংশ গ্ৰহণক লৈ সমানে উৎসাহিত আছিল। তেওঁ কয়, "মই সদায় খেলুৱৈ আৰু দুঃসাহসী লোকক ভাল পাওঁ। আয়েছাই অলপতে স্কেটিং কৰিবলৈও সিদ্ধন্ত লৈছিল।"