সৰ্বসাধাৰণক প্ৰচণ্ড গৰমৰ পৰা সকাহ দিবলৈ গোলাঘাটৰ মুকাব্বীৰ ৰহমানৰ নতুন উদ্ভাৱন

Story by  Ariful Islam | Posted by  [email protected] • 2 Months ago
মুকাব্বীৰ ৰহমান
মুকাব্বীৰ ৰহমান
 
আৰিফুল ইছলাম / গুৱাহাটী
 
বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত নতুন উদ্ভাৱনেৰে চমক দেখুৱাইছে অসমৰ এজন প্ৰতিভাৱান যুৱকে। সৰ্বভাৰতীয় পৰ্য্যায়ৰ এক উদ্ভাৱনীমূলক প্ৰতিযোগিতাত শীৰ্ষস্থান দখল কৰি অসমলৈ সুনাম কঢ়িয়াই অনা যুৱকজন হৈছে গোলাঘাটৰ খুমতাইৰ মৌখোৱা গাঁওৰ মুকাব্বীৰ ৰহমান। তেওঁ Wearable AC উদ্ভাৱন কৰি সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে।
 
ছেমছাঙ (Samsung)ৰ দ্বাৰা দিল্লীত আয়োজিত "Solve for Tomorrow" শীৰ্ষক শৈক্ষিক আৰু উদ্ভাৱন প্ৰতিযোগিতাত মুকাব্বীৰে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়।  সমগ্ৰ ভাৰতবৰ্ষৰ পৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল ৭১ হাজাৰ প্ৰতিযোগী দল। 
 

যোৰহাট প্ৰজ্ঞা একাডেমিৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ মুকাব্বীৰ ৰহমানে কয়; "মই সৰুৰে পৰা এনে উদ্ভাৱনীমূলক কাম-কাজৰ প্ৰতি আগ্ৰহী। এদিন ইউটিউবত চাই থাকোতে দেখিছিলোঁ যে গোলকীয় উষ্ণতাৰ কাৰণে পৃথিৱীত গৰম বহুত বাঢ়ি বাঢ়ি গৈ আছে। গোলকীয় উষ্ণতা ৰোধ কৰিবলৈ বিভিন্ন প্ৰকাৰে বহু চেষ্টা কৰি থকা হৈছে যদিও ই অসম্ভৱ, গতিকে আমি এনেকৈয়ে আগবাঢ়িব লাগিব। তেতিয়া মই উপলব্ধি কৰিছিলোঁ যে গৰমৰ বাবে মানুহৰ কামৰ দক্ষতাটো কিমান কম হৈ যায়। এই সমস্যাটোৰ ওপৰত কিবা এটা কৰিব পাৰি নেকি বুলি মই গৱেষণা আৰম্ভ কৰিলোঁ। বহু গৱেষণা কৰি মই সেই মেচিনটো প্ৰস্তুত কৰাত লাগিলোঁ। যিটো মেচিন মানুহৰ ডিঙিত পিন্ধি ল'লে গোটেই দেহটো কেইচেকেণ্ডমানৰ ভিতৰত ঠাণ্ডা কৰি পেলাই।"
 
উল্লেখ্য যে, মুকাব্বীৰে এই যন্ত্ৰটোৰ কাম ২০২২ চনতে আৰম্ভ কৰিছিল। মুকাব্বীৰ দলত ৩ জন সদস্য আছিল। এজন কানপুৰৰ আই আই টিৰ অঙ্কুশ যাদব আৰু আনজন বেংগালুৰুৰ বৰষা কেজী। মুকাব্বীৰ আৰু দুই সতীৰ্থই শীৰ্ষস্থান দখল কৰাৰ বাবে ১.৫ কোটি টকাৰ পুৰস্কাৰ লাভ কৰে। 
 
তেলগৰম জামে মছজিদৰ তৰফৰ পৰা মুকাব্বীৰক সম্বৰ্ধনা জনোৱা মুহূৰ্তত
 
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহতে এই প্ৰতিযোগিতাখন আৰম্ভ হৈছিল। প্ৰতিযোগিতাখনত ৭১ হাজাৰো অধিক প্ৰতিযোগী দলে অংশগ্ৰহণ কৰিছিল। জুলাই মাহৰ প্ৰতিযোগিতাখনৰ শীৰ্ষ ৩০ টা দল বাচনি কৰা হৈছিল। প্ৰতিযোগিসকলক প্ৰথমতে বেংগালুৰুত অৱস্থিত চেমছাংৰ কাৰ্য্যলয়ত লৈ যোৱা হৈছিল। পৰৱৰ্তী সময়ত  দিল্লীৰ আই আই টিত শীৰ্ষ ১০ দলক বাচনি কৰা হৈছিল।  ২০২৩ চনৰ ১০ অক্টোবৰত দিল্লীত চূড়ান্ত পৰ্যায়ৰ বাচনি হৈছিল আৰু মুকাব্বীৰ দলে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল।  
 
ইয়াৰ পূৰ্বেও মোকাব্বীৰে বিভিন্ন উদ্ভাৱনীমূলক কাম-কাজ কৰিছে। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে এখন দ্ৰোণ প্ৰস্তুত কৰিছিল। নৱম শ্ৰেণীত থকাৰ সময়ত অসমতে অনুষ্ঠিত আৰ্য্যভত্ত বিজ্ঞান প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰিছিল। সেই প্ৰতিযোগিতাটোত মুকাব্বীৰে এটা স্মাৰ্ট হেলমেট প্ৰস্তুত কৰিছিল। সেই হেলমেটটোৱে পথ-দুৰ্ঘটনাৰোধ কৰাত সহায় কৰিব পাৰে। হেলমেটটো পৰিধান নকৰিলে বাইক ষ্টাৰ্ট কৰিব নোৱাৰে। হেলমেটটোত এটা Alcohol চেন্সৰো স্থাপন কৰা হৈছিল, যাতে কোনো ব্যক্তিয়ে বেছি পৰিমাণৰ সুৰা সেৱন কৰিলে বাইক ষ্টাৰ্ট নহয়।
 
মুকাব্বীৰ ৰহমান
 
উল্লেখযোগ্য যে মুকাব্বীৰ ৰহমান আৰু তেওঁৰ দুই সতীৰ্থই বিভিন্ন উদ্ভাৱনীমূলক কাম-কাজ কৰি আছে। ইতিমধ্যে মুকাব্বীৰ ৰহমানৰ নেতৃত্বত ThinkLifestyle.com নামেৰে এটা ষ্টাৰ্ট-আপ আৰম্ভ কৰা হৈছে। পুৰস্কাৰ পোৱা ১.৫ কোটি টকাটো এই ষ্টাৰ্ট-আপটোত বিনিয়োগ কৰাৰ কথা অৱগত কৰে মুকাব্বীৰ ৰহমানে। 
 
উল্লেখযোগ্য যে, শেহতীয়াকৈ গোলাঘাট জিলাৰ নুমলীগড় অঞ্চলৰ তেলগৰম জামে মছজিদৰ তৰফৰ পৰা মুকাব্বীৰ ৰহমানক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। "প্ৰতি বছৰে আমি আমাৰ মছজিদ পৰিচালনা কমিটিৰ তৰফৰ পৰা কৃতী ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিবলৈ সম্বৰ্ধনা জ্ঞাপন কৰোঁ। এইবাৰ মৌখোৱা গাঁওৰ মুকাব্বীৰ ৰহমানক আমি সম্বৰ্ধনা জনাবলৈ পাই সুখ অনুভৱ কৰিছো। তেওঁ যথেষ্ট কম বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ত সফল হৈ আমাৰ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ", মছজিদ কমিটিৰ সম্পাদক মহম্মদ আখটাৰ হুছেইনে কয়।