চিকিৎসা বিজ্ঞানৰ হাবিয়াস এৰি কিয় ছৈয়দ মুস্তাফা হাছমী জিলিকিলে ইউ পি এছ চি পৰীক্ষাত?

Story by  atv | Posted by  [email protected] • 1 Years ago
কেবিছিৰ মঞ্চত অমিতাভ বচ্চনৰ সৈতে মুস্তাফা আৰু তেওঁৰ অভিভাৱক
কেবিছিৰ মঞ্চত অমিতাভ বচ্চনৰ সৈতে মুস্তাফা আৰু তেওঁৰ অভিভাৱক
মহম্মদ আক্ৰাম/হায়দৰাবাদ
 
চিকিৎসা বিজ্ঞানৰ সীমাবদ্ধতাই ডঃ চৈয়দ মুস্তাফা হাছমীক দেশসেৱাৰ প্ৰতি আকৰ্ষিত কৰিছিল। দেশসেৱাৰ প্ৰতি থকা প্ৰবল ইচ্ছাশক্তিৰ বাবে তেওঁ কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু এই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।  এতিয়া মুস্তাফা হাছমীয়ে এগৰাকী অসামৰিক বিষয়া হিচাপে দেশ সেৱাত মনোনিবেশ কৰিবলৈ সাজু হৈছে। 
 
সংবাদ মাধ্যমৰ আগত মুস্তাফা হাছমীয়ে কয়,"মই চিকিৎসক হৈ ৰাইজৰ সেৱা কৰিব বিচাৰিছিলো, কিন্তু মোৰ ককাদেউতাই মোক ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বিচাৰিছিল আৰু  ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়া হৈ জনসাধাৰণক সেৱা আগবঢ়োৱাটো বিচাৰিছিল। তেওঁৰ আশীৰ্বাদ শিৰত লৈ মই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলো।"
 
মুস্তাফা হাছমীয়ে কয় যে ক'ভিড মহামাৰীৰ সময়ছোৱা তেওঁৰ বাবে লাভজনক হিচাপে প্ৰমাণিত হৈছে। তেওঁ সেই সময়ত জিলা চিকিৎসালয়ত কৰ্তব্যৰত আছিল। সেই সময়ত তেওঁ সদায় ৰাতিপুৱা কৰ্তব্যত গৈ মানুহৰ সেৱা কৰে আৰু সন্ধিয়া ঘৰলৈ উভতি আহে। নিশা ঘৰত কিছু সময় পাইছিলি আৰু সেইখিনি সময়তে পঢ়া-শুনা কৰিছিল। এইদৰে যথেষ্ট অধ্যয়ন কৰাৰ পিছত তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উজলি উঠে। কোনো প্ৰশিক্ষণ অবিহনে তেওঁ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল বুলি মুস্তাফা হাছমীয়ে জানিবলৈ দিয়ে। 
 
ডঃ হাফিজ ছৈয়দ মুস্তাফা হাছমী
 
"চিকিৎসক হিচাপে মই উপলব্ধি কৰিছিলো যে মানুহৰ সমস্যাবোৰ কেৱল ঔষধ আৰু স্বাস্থ্যৰ মাজতে সীমাবদ্ধ নহয়।  দৰিদ্ৰ আৰু পিছপৰাসকলৰ সমস্যা তাতোকৈ বহু বেছি। এই কথা মনত ৰাখি মই ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিলো আৰু সফল হৈছিলো," মুস্তাফাই কয়।
 
২০২১ বৰ্ষৰ কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হাফিজ চৈয়দ মুস্তাফা হাছমী স্কুলীয়া দিনৰ পৰাই সফলতা অৰ্জন কৰা এজন ছাত্ৰ। স্কুলৰ ব'ৰ্ডৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰাৰ পৰা আৰম্ভ কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াডো জয় কৰিবলৈ সক্ষম হৈছিল। মেধাৱী ছাত্ৰগৰাকীয়ে ছোনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' কৌন বনেগা কড়োৰপতিতো ভাগ লৈছিল। মুস্তাফা হাছমী সদায় তেওঁৰ পৰিয়ালৰ এক উজ্জ্বল তাৰকা হৈ আহিছে।
 
দেউতাকৰ সৈতে হাফিজ ছৈয়দ মুস্তাফা হাছমী
 
২০১২ চনত বিগ বি অমিতাভ বচ্চনে আঁত ধৰা কৌন বনেগা কৰোড়পতি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত হায়দৰাবাদৰ ২৯ বছৰীয়া যুৱকজনে ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ মেট্ৰিকৰ ব'ৰ্ড পৰীক্ষাৰ শীৰ্ষস্থান লাভ কৰিছিল আৰু পিছত চিকিৎসকৰ প্ৰৱেশ পৰীক্ষাত দশম স্থান লাভ কৰিছিল। ২০১০ চনত তেওঁ ছিউলত অনুষ্ঠিত জীৱবিজ্ঞান অলিম্পিয়াডত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰাই নহয়, ৰূপৰ পদকো জয় কৰিছিল।
 
উল্লেখ্য যে, সোমবাৰে ঘোষণা কৰা ইউ পি এছ চি ২০২১বৰ্ষৰ ফলাফলত হায়দৰাবাদ চহৰৰ মানচাহেব টেংক খোৱাজা মেঞ্চন অঞ্চলৰ বাসিন্দা হাফিজ চৈয়দ মুস্তাফাই ১৬২তম স্থান লাভ কৰিবলৈ সক্ষম হয়।
 
এই ফলাফলেৰে মেধাৱী ছাত্ৰগৰাকীয়ে তেওঁৰ পৰিয়াল আৰু চহৰলৈ সুনাম কঢ়িয়াই আনিছে। লগতে তেওঁ দেশৰ ২৫জন সফল মুছলমান প্ৰাৰ্থীৰ ভিতৰত তৃতীয় স্থানত আছে। উল্লেখযোগ্য যে তেওঁ কোনোধৰণৰ প্ৰশিক্ষণ অবিহনে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মুস্তাফা হাছমীয়ে তেওঁৰ প্ৰাৰম্ভিক শিক্ষাগ্ৰহণ বিদেশত কৰিছিল। কিন্তু তেওঁ হায়দৰাবাদৰ এবিটছ হাই স্কুলৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হৈছিল আৰু এই পৰীক্ষাত তেওঁ শীৰ্ষস্থান লাভ কৰিছিল।
 
বন্ধুবৰ্গৰ সৈতে ডঃ হাফিজ ছৈয়দ মুস্তাফা হাছমী
 
পিছত তেওঁ চেতনিয়া স্কুলৰ পৰা দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তেওঁ অন্ধ্ৰ প্ৰদেশৰ চিকিৎসা মহাবিদ্যালয়ৰ কম্পাইণ্ড প্ৰৱেশ পৰীক্ষাত দশম স্থান লাভ কৰে। তেওঁ মুছলমান প্ৰাৰ্থীসকলৰ ভিতৰত শীৰ্ষস্থানত আছিল। তেওঁ ওছমানিয়া চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ অধ্যয়ন কৰে আৰু বৰ্তমান তাত থকা লোকসকলক সেৱা আগবঢ়াই আছে।
 
মুস্তাফা হাছমীৰ মাতৃ আছমান হাছমীয়ে ফোনযোগে ‘আৱাজ-দ্য ভইছ’ৰ আগত কয় যে "মই আৰু মোৰ পৰিয়াল আজি বহুত সুখী। মুস্তাফাৰ বাবে আমি নামাজত প্ৰাৰ্থনা কৰিছিলো আৰু আমাৰ প্ৰাৰ্থনাক সৰ্বশক্তিমানে স্বীকাৰ কৰিছে। এতিয়া মুস্তাফাই দেশৰ সেৱা কৰিব আৰু আমাৰ পৰিয়ালে তেওঁক লৈ যথেষ্ট গৌৰৱান্বিত।"
তেওঁৰ কৃতিত্বৰ কথা উল্লেখ কৰি মুস্তাফা হাছমীয়ে কয় যে ২০১০ চনত তেওঁ বিশ্ব জীৱ বিজ্ঞান অলিম্পিয়াডৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু দক্ষিণ কোৰিয়াত অনুষ্ঠিত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। তেওঁ অনুষ্ঠানটোত অমিতাভ বচ্চনৰ সন্মুখত ভাল প্ৰদৰ্শন কৰিছিল আৰু লিখা আৰু ভাষণ প্ৰতিযোগিতাত বহু পুৰস্কাৰ লাভ কৰিছিল।
হাছমীয়ে সংবাদ মাধ্যমক কৈছিল যে তেওঁ নিজৰ সফলতাৰ কৃতিত্ব পিতৃ-মাতৃক দিব বিচাৰে। "মোৰ মা-দেউতাই জীৱনৰ ২৫টা বছৰ মোৰ নামত সমৰ্পিত কৰিছে। সেয়ে মোৰ এই সাফল্য তেওঁলোকৰ নামত উসৰ্গা কৰিছো।"
 
মুস্তাফা হাছমীয়ে কয় যে অসামৰিক সেৱা পৰীক্ষাত সফলতাৰ বাবে মনোবল অটুট ৰাখিবলৈ যথেষ্ট প্ৰস্তুতি আৰু সংকল্পৰ প্ৰয়োজন। তেওঁ এইদৰে কৈছিল: "পৃথিৱীত প্ৰতিভাক মূল্য দিয়া হয়। যদি আপোনাৰ বুদ্ধিমত্তা আছে, কোনেও আপোনাক আগুৱাই যোৱাত বাধা দিব নোৱাৰে। লক্ষ্যত উপনীত হ’বলৈ প্ৰণালীবদ্ধ পৰিকল্পনা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন।"