বিশেষভাৱে সক্ষম দুই বন্ধু চাইদুৰ আৰু অমৰজ্যোতিয়ে দেখুৱালে আত্মসংস্থাপনৰ বিৰল নিদৰ্শন

Story by  atv | Posted by  Munni Begum • 3 Months ago
বিশেষভাৱে সক্ষম দুই বন্ধু চাইদুৰ আৰু অমৰজ্যোতি
বিশেষভাৱে সক্ষম দুই বন্ধু চাইদুৰ আৰু অমৰজ্যোতি
 
চাইজুৰ ৰহমান / বৰপেটা
 
শংকৰ-আজানৰ দেশ অসমত শ শ বছৰ ধৰি হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে সমিল মিলেৰে বসবাস কৰি আহিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়, সম্প্ৰীতিৰ এনাজৰীৰডাল আৰু অধিক শক্তিশালী ৰূপত দাঙি ধৰি সমাজলৈ এক শুভ বাৰ্তা কঢ়িয়াইছে নলবাৰী জিলাৰ চামতা অঞ্চলৰ শাৰিৰীকভাৱে সক্ষম দুই হিন্দু-মুছলমান বন্ধুৱে। তেওঁলোকে কেৱল ঐক্য, সমন্বয়, সম্প্ৰীতিৰ বাৰ্তাই বহন কৰা নহয়, সমাজত আত্মসংস্থাপনৰ নিদৰ্শনো দাঙি ধৰিবলৈ সক্ষম হৈছে। 
 
চামতা অঞ্চলৰ এই দুই বন্ধু হৈছে অমৰজ্যোতি বৰ্মন আৰু চাইদুৰ ৰহমান। অমৰ জ্যোতি বৰ্মন এজন শিক্ষিত যুৱক। ঘৰ চামতাৰ গামৰিমুৰীৰ মালপাৰাত। কিন্তু সাধাৰণ মানুহৰ দৰে তেওঁ খোজ কাঢ়িব বা সাধাৰণভাৱে চলা-ফুৰা কৰিব নোৱাৰে। আনহাতে চাইদুৰ ৰহমানৰ ঘৰ চামতা বালিপথাৰত। তেওঁৰো কিছু পঢ়া- শুনা আছে। পিছে যুৱকজনৰ দুয়োখন ভৰি অকামিলা, যাৰ বাবে তেওঁ ভালকৈ খোজ কাঢ়িব নোৱাৰে। কিন্তু ভালকৈ চলা-ফুৰা কৰিব নোৱাৰিলেও তেওঁলোকে অদম্য মনোবলৰ সহায়ত সাধাৰণ লোকৰ বাবে এক আদৰ্শ হিচাপে থিয় দিছে। 
 
 
উল্লেখ্য যে, সাম্প্ৰতিক সময়ত সমগ্ৰ দেশতে সাম্প্ৰদায়িকতা তথা অসহিষ্ণুতাৰ বাতাৱৰণে সামাজিক পৰিৱেশ কলুষিত কৰিছে। বহু প্ৰত্যাহ্বান সত্ত্বেও ইয়াৰ বিৰুদ্ধে অৱশ্যে শান্তিকামী নাগৰিকে সমাজত ঐক্য, সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীডাল শক্তিশালী ৰূপত ধৰি ৰাখিছে। সাম্প্ৰদায়িক সম্প্ৰীতিৰ জটিল সন্ধিক্ষণত শাৰীৰিক শক্তি অবিহনে মানুহ আৰু মানৱতাৰ পক্ষত থিয় হৈছে অমৰজ্যোতি বৰ্মন আৰু চাইদুৰ ৰহমানে। 
 
চাকৰি বিচাৰি সময় নষ্ট কৰাৰ বিপৰীতে অমৰজ্যোতি বৰ্মনে কিছু বছৰ পূৰ্বে চামতা মটৰষ্টেণ্ড চ'কত আৰম্ভ কৰিছিল এখন তৰ্জাৰ দোকান। চৰকাৰী কোনোধৰণৰ ঋণ বা আন সাহায্য অবিহনে আৰম্ভ কৰা এই তৰ্জাৰ দোকানখনেৰে পৰিয়াল চলোৱাটো যথেষ্ঠ কষ্টকৰ হয় অমৰৰ। কিন্তু এনে অৱস্থাৰ মাজতে তেওঁৰ ওচৰলৈ আহে চাইদুৰ ৰহমান নামৰ বন্ধুজন। চাইদুৰে তেওঁৰ সকলো সমস্যাৰ কথা বিৱৰি কয় অমৰক। তেওঁ অমৰৰ পৰা  উপায় বিচাৰিলে- কি কৰিলে অন্ততঃ পেটৰ ভাতকেইটা যোগাৰ কৰিব পৰা যায়। 
 
চাইদুৰ ৰহমান
 
চাইদুৰৰ সমস্যাৰ কথা শুনি অমৰে তেওঁক নিজৰ তৰ্জাৰ দোকানখনতে কামত লগাই দিয়ে। এই ঘটনা প্ৰায় ছয় বছৰ পূৰ্বৰ। তেতিয়াৰ পৰা দুয়োজনে দাঁতে-ওঁঠে নলগাকৈ তৰ্জাৰ দোকানখনতে কাম কৰি আছে। লক্ষণীয় যে তেওঁলোকে এই পৰ্যন্ত আন কোনো বনুৱাৰ সহায় লোৱা নাই। তৰ্জা দঙা-পৰা কৰা, বোৱা, কামি বন্ধা এই সকলোবোৰ কামেই দুই বন্ধু অমৰ আৰু চাইদুৰে নিজেই কৰি আহিছে। 
 
ইপিনে, সমগ্ৰ দেশজুৰি গা কৰি উঠা সাম্প্ৰদয়িকতা বা অসহিষ্ণুতাৰ ক্ষেত্ৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে এই দুই প্ৰতিবন্ধী বন্ধু যুৱকে। দুয়োজনে কয়, "বাতৰিত এই কথাবোৰ যেতিয়া পঢ়ো বা চাওঁ তেতিয়া এনে লাগে যেন মানুহবোৰৰ মানৱতা বোলা বস্তুটো নোহোৱাই হৈ গৈছে। একাংশই মনুষ্যত্বৰ সংজ্ঞাই যেন সলনি কৰি পেলাব খুজিছে। কাম-বন, মিলাপ্ৰীতি বাদ দি কেৱল হিন্দু- মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি থাকে।"
 
তৰ্জাবেৰ প্ৰস্তুত কৰাত ব্যস্ত দুই বন্ধু চাইদুৰ আৰু অমৰজ্যোতি
 
তেওঁলোকে লগতে কয়, "আমি শাৰীৰিকভাৱেহে প্ৰতিবন্ধী, মানসিকভাৱে নহয়। আমি মানসিকভাৱে এতিয়াও সবল হৈয়েই আছো। আৰু সেইকাৰণে হিন্দু-মুছলমান হৈও দুয়ো একেলগে কাম কৰিব পাৰিছো।"
 
লক্ষণীয় যে চৰকাৰে প্ৰতি বছৰে শাৰিৰীকভাৱে সক্ষম লোকসকলৰ কল্যাণৰ বাবে চাকৰি আৰু অন্যান্য বহু আঁচনি গ্ৰহণ কৰি আহিছে যদিও অমৰ-চাইদুৰে এতিয়াও কোনো আঁচনিৰ সুবিধা লাভ কৰা নাই। অমৰজ্যোতি বৰ্মনে প্ৰকাশ কৰা মতে, তিনিবছৰ পূৰ্বে তেওঁ চৰকাৰী চাকৰিৰ বাবে বাচনিভুক্ত হৈছিল। কিন্তু মেডিকেল পৰীক্ষনত তেওঁক বাতিল কৰা হয়। 
 
কৰ্মত ব্যস্ত চাইদুৰ ৰহমান
 
আনহাতে, চাইদুৰ ৰহমানে এইবুলি ক্ষোভ প্ৰকাশ কৰে যে প্ৰতিবন্ধীসকলৰ বাবে পূৰ্বৰ যি মাহিলী ভাট্টা আছিল সেয়া অৰুণোদয়ৰ লগত একাকাৰ কৰি প্ৰতিবন্ধী লোকসকলৰ ক্ষেত্ৰত ঘোৰ অন্যায় কৰা হৈছে। তেওঁ কয়- "অৰুণোদয়ৰ লগত একাকাৰ কৰাৰ পাছৰে পৰা মই মাহিলী ১২০০ টকাকৈ পাই আছো। সেইখিনিৰে মোৰ পৰিয়াল চলিব পৰাটো অসম্ভৱ। ঘৰত মোৰ পত্নী, মা আৰু দুজনী ভনী আছে। উপাৰ্জনৰ বাবে কেৱল মইহে, তাকো ভালকৈ খোজেই কাঢ়িব নোৱাৰো। তথাপি, আনৰ পুতৌ অবিহনে চলাৰ চেষ্টা চলাই আহিছো।"
 
উল্লেখ্য যে চাইদুৰৰ পত্নী অথবা মাতৃয়েও এই পৰ্যন্ত অৰুণোদয়ৰ সেৱা লাভ কৰা নাই। ইপিনে, শাৰিৰীকভাৱে সক্ষম দুই হিন্দু-মুছলমান যুৱকৰ কৰ্মস্পৃহা আৰু বন্ধুত্ব সন্দৰ্ভত চামতাৰ মন্টু বৰ্মন নামৰ প্ৰগতিশীল চিন্তাৰ যুৱকজনে কয় যে, অমৰজ্যোতি বৰ্মন আৰু চাইদুৰ ৰহমানে ভিন্ন ধৰ্মী হৈও কিদৰে একেদৰে জীৱন সংগ্ৰাম চলাই আছে, সেয়া এবাৰ সাম্প্ৰদায়িক বিভেদকামী শক্তি সমূহে চাই যাব লাগে।