ওড়িছী নৃত্যক কিয় আকোঁৱালি ল'লে আফ্ৰিন আৰু শ্বিমৰাণে

Story by  atv | Posted by  Munni Begum • 13 h ago
এন আফ্ৰিন আৰু শ্বিমৰাণ জামানৰ নৃত্য প্ৰদৰ্শনৰ আৰম্ভণিতে পুষপাঞ্জলি আগবঢ়োৱা এক দৃশ্য
এন আফ্ৰিন আৰু শ্বিমৰাণ জামানৰ নৃত্য প্ৰদৰ্শনৰ আৰম্ভণিতে পুষপাঞ্জলি আগবঢ়োৱা এক দৃশ্য
 
মেহক বাণ্ডে / নতুন দিল্লী   
 
১৩ জুলাইত দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰৰ (আই আই চি) এটা হলৰ এখন মঞ্চত দুগৰাকী ওড়িছীৰ যুৱ নৃত্যশিল্পীয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হৈছিল। এন আফ্ৰিন আৰু শ্বিমৰাণ জামানে ভগৱান কৃষ্ণৰ প্ৰতি উৎসৰ্গিত শাস্ত্ৰীয় ওড়িছী নৃত্যৰ শৈলী নিখুঁতভাৱে পৰিবেশন কৰিছিল। মুছলমান যুৱতী দুগৰাকীয়ে পৰিবেশন কৰা এই শাস্ত্ৰীয় মন্দিৰৰ নৃত্যৰ দৰ্শকে ভূয়সী প্ৰশংসা কৰিছিল। কিন্তু বাস্তৱ জীৱনত আফ্ৰিন আৰু শ্বিমৰাণৰ বাবে এই মন্দিৰৰ নৃত্য শিকা আৰু প্ৰদৰ্শন কৰাটো ইমানো সহজ নাছিল। 
 
আফ্ৰিন আৰু শ্বিমৰাণ গুৰু-বেহান (একে গুৰুৰ শিষ্য)। কাৰণ তেওঁলোক দুয়োগৰাকীয়ে গুৰু প্ৰৱাশ কুমাৰ মহন্তীৰ পৰা ওড়িছী নৃত্য শিকিছিল। আফ্ৰিনে কয়, "শ্বিমৰাণ আৰু মই সৰুতে একেলগে ওড়িছী নৃত্য শিকা আৰম্ভ কৰিছিলো। আমি একেজন গুৰুৰ অধীনতে প্ৰশিক্ষণ লৈছিলো, একেখন মঞ্চতে অনুষ্ঠানো পৰিৱেশন কৰিছিলো। আমাৰ দুয়োগৰাকীৰ অন্তৰত নৃত্যৰ প্ৰতি একে আবেগ অন্তৰ্নিৰ্হিত হৈ আছিল।" 
 
এন আফ্ৰিন
 
যি কি নহওঁক তেওঁলোকৰ জীৱনে তেওঁলোকক বিভিন্ন দিশলৈ আগুৱাই লৈ গৈছে। আফ্ৰিনে কয়, "মই চলচ্চিত্ৰ নিৰ্মাণ, সমাজবিজ্ঞান আৰু দৃশ্য কলাৰ ক্ষেত্ৰলৈ আগবাঢ়িলোঁ, আনহাতে শ্বিমৰাণে আইন আৰু পৰিবেশন কলাৰ গভীৰ গৱেষণা কৰিছিল। বহু বছৰ ধৰি আমি একেলগে অনুষ্ঠান পৰিৱেশন কৰা নাছিলো। অৱশেষত যেতিয়া পৰিৱেশন কৰিছিলো, তেতিয়া  আমি কেৱল নৃত্যশিল্পী হিচাপেই নহয়, জীয়াই থকা আৰু ডাঙৰ হৈ অহা যুৱতী হিচাপেও পৰিৱেশন কৰিছিলো।"   
 
নৃত্যশিল্পী আফ্ৰিনে প্ৰতিষ্ঠা কৰা শ্ৰেষ্ঠা ল’ আৰ্টিষ্ট বেলেট হাউছ আৰু শ্বিমৰানে প্ৰতিষ্ঠা কৰা লাছয়ায়ানৰ যুটীয়া সহযোগিতাত দুয়োগৰাকী নৃত্যশিল্পীয়ে ডিভিআই 'টু পাথছ, ৱান পালছ' নামেৰে নামকৰণ কৰা এই নৃত্যৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছিল।প্ৰতিবেদকৰ সৈতে হোৱা এক কথোপকথনত দুয়োগৰাকী নৃত্যশিল্পী মুছলমান পৰিয়ালৰ পৰা হোৱাৰ পিছতো তেওঁলোকে ওড়িছী নৃত্যশিল্পী হোৱাৰ কাহিনী বৰ্ণনা কৰিছে। 
 
এন আফ্ৰিন:
 
লক্ষ্ণৌত জন্মগ্ৰহণ কৰা আফ্ৰিনে দিল্লীত ডাঙৰ-দীঘল হৈছে। তেওঁ কয়, "মই নৃত্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবেই নাচিবলৈ আৰম্ভ কৰা নাঁছিলো। মই নাচিবলৈ আৰম্ভ কৰিছিলো মোৰ স্বাস্থ্যৰ বাবে।" আফ্ৰিনে সঘনাই ৰোগত আক্ৰান্ত হৈ আছিল, শিশু হিচাপে আফ্ৰিনৰ পিতৃ-মাতৃয়ে তেওঁক এনে এটা কাম কৰিবলৈ উৎসাহিত কৰিছিল, যি কামে তেওঁক সক্ৰিয় কৰি ৰাখিব। 
 
৬ বছৰীয়া এনৰ বাবে গুৰু প্ৰৱাশ কুমাৰ মহন্তীৰ আদেশকাৰী উপস্থিতি প্ৰথমতে বহু কঠিন আছিল। আফ্ৰিনে কয়, "গাঁথনিবোৰ যথেষ্ট কঠোৰ আছিল, অহৰহ সংশোধন কৰিবলগীয়া হৈছিল আৰু প্ৰতিটো শ্ৰেণীয়ে খুব উপযোগী অনুভৱ হৈছিল। এগৰাকী শিশু হিচাপে ই তীব্ৰ আৰু আপ্লুত আছিল। কিন্তু কিবা এটাই দিনবোৰ সলনি কৰি দিছিল, যেতিয়া তেওঁৰ গুৰুৱে তেওঁক প্ৰথম নৃত্যৰ মৌলিক শৈলীবোৰ শিকাইছিল।" মানসিকভাৱে বুজি পোৱাৰ আগতেই আফ্ৰিনে শাৰীৰিকভাৱে কিবা এটা বুজি পাইছিল। সেইদিনা এটা শ্বিফ্ট হৈছিল আৰু তেতিয়াৰ পৰাই আফ্ৰিনে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল।   
 
আফ্ৰিনে ২০১১ চনত তেওঁৰ গুৰু প্ৰৱাশ কুমাৰ মহন্তীৰ মৃত্যুৰ পিছত, তেওঁৰ কন্যা পুষ্পঞ্জলি মহন্তীৰ অধীনত নৃত্যৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছিল। তেওঁ কয়, "যদিও মই মোৰ সমাজ আৰু অন্যান্য ধৰ্মীয় গোটৰ পৰা বহু ককৰ্থনা সন্মুখীন হবলগীয়া হৈছিলো, তথাপিও মই দুয়োপক্ষৰ পৰাই যথেষ্ট উৎসাহ আৰু সঁহাৰিও লাভ কৰিছিলো।"  
 
পুষ্পঞ্জলি মহন্তীয়ে আফ্ৰিনক কেতিয়াও ধৰ্মীয় দৃষ্টিৰে চোৱা নাছিল, বৰং সদায় নিজকে এগৰাকী শিল্পৰ ভাষাৰে সম্পূৰ্ণ মুকলিমূৰীয়াকৈ ৰাখিছিল। যি আছিল সাংস্কৃতিক, যি আছিল মানৱীয় আৰু যি আছিল উদাৰতা। পুষ্পঞ্জলি মহন্তীয়ে আফ্ৰিনক জনোৱা আদৰণিয়ে আফ্ৰিনক ঘৰত থকাৰ দৰে অনুভৱ কৰোৱাইছিল। য’ত এনে এটা স্থানত আফ্ৰিনৰ উপস্থিতিৰ ওপৰত আনে প্ৰায়ে প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ বিশ্বাস কৰে যে, ওড়িছী নৃত্য আন কাৰোবাৰ দৰেই তাইৰ বাবেও একেই হয়৷  
 
আফ্ৰিনে কয়, "পুষ্পঞ্জলি মহন্তীৰ নিৰ্দেশনাৰ জৰিয়তে মই অধিক ব্যাপকভাৱে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু সমগ্ৰ ওড়িছী ক্ষেত্ৰখনৰ কিংবদন্তি নৃত্যশিল্পীসকলৰ সৈতে জড়িত হ'বলৈ ধৰিছিলোঁ। দিল্লী বিশ্ববিদ্যালয়ৰ ইচিএ প্ৰৱেশৰ বাবেও তেওঁ প্ৰস্তুত কৰিছিল, যিটো তেওঁৰ শৈক্ষিক আৰু পেছাদাৰী যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট হৈ পৰিছিল।"     
 
গোটেই স্কুল আৰু কলেজত আফ্ৰিনে নিয়মিতভাৱে অনুষ্ঠান পৰিৱেশন কৰিছিল, কেতিয়াবা বছৰি ৩০০ৰো অধিক নৃত্যৰ শ্ব’ কৰিছিল। আফ্ৰিনে কয়, "মই মোৰ ষান্মাসিকবোৰ সেই অনুসৰি অনুক্ৰমত ৰাখিছিলোঁ: এটা দিনৰ আধা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে, আৰু আধা প্ৰতিযোগিতা আৰু পৰিবেশনৰ বাবে।" পুৰস্কাৰৰ ধনে প্ৰায়ে আফ্ৰিনৰ মৌলিক খৰচত সহায় কৰিছিল আৰু তেওঁ আগতীয়াকৈ আৰ্থিকভাৱে স্বাৱলম্বীও হৈছিল। 
 
আফ্ৰিনে কয়, "সেই সময়ছোৱাত কেইবাটাও বঁটা লাভ কৰাৰ লগতে দূৰদৰ্শন শ্ব’ৰ বাবেও মই অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। অৱশ্যে মুছলমান পৰিয়ালৰ হোৱাৰ বাবে মোৰ এই যাত্ৰা যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল। মোৰ পিতৃ-মাতৃ প্ৰগতিশীল আৰু সহায়কাৰী আছিল, যদিও মই নিজৰ সম্প্ৰদায়ৰ লগতে আন ধৰ্মীয় সম্প্ৰদায়ৰ ব্যক্তিৰ পৰাও সমালোচনাৰ সন্মুখীন হৈছিলোঁ।"   
 
মন্দিৰৰ গভীৰলৈ শিপাই থকা এই শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শনৰ অধিকাৰক কেন্দ্ৰ কৰি থকা এই নৃত্যক “নাচিবলৈ দিয়া হৈছেনে?” বা “এয়া মন্দিৰৰ শিল্প—আপুনি ইয়াক কেনেকৈ ন্যায্যতা প্ৰদান কৰে?” আদি বহু প্ৰশ্নই পুনৰাবৃত্তিমূলক বিষয়বস্তু হৈ পৰিছিল। কিন্তু মই সদায় এই সত্যৰ সৈতে থিয় দি আহিছো যে: ধৰ্ম আৰু সংস্কৃতি দুয়োটা সুকীয়া বস্তু৷ ওড়িছী নৃত্য কোনো এটা ধৰ্মৰ বাবে একচেটিয়া নহয়— ই ভাৰতৰ সামূহিক সাংস্কৃতিক ঐতিহ্যৰ অংশ। এগৰাকী ভাৰতীয় মুছলমান হিচাপে মই সম্পূৰ্ণৰূপে এই কথা দাবী কৰি আহিছো। আৰু মোৰ বিশ্বাস এই ভূমিত জন্মগ্ৰহণ কৰা যিকোনো ব্যক্তিয়েই, ইয়াৰ সংস্কৃতিত অৰিহণা যোগোৱাৰ অধিকাৰ আছে। শাস্ত্ৰীয় ভাৰতীয় শিল্পক এটা ধৰ্মৰ ভূখণ্ড হিচাপে চিহ্নিত কৰাৰ বাৰে বাৰে প্ৰচেষ্টা কেৱল সীমিত নহয়— ই ঐতিহাসিকভাৱে এক ভুল ধাৰণা।  
 
এন আফ্ৰিন আৰু শ্বিমৰাণ জামানে দিল্লীৰ আই আই চিত অনুষ্ঠান পৰিৱেশন কৰাৰ এক দৃশ্য
 
আফ্ৰিনে কয়, "কলেজত থাকোঁতে মই জে ডি এম চিত স্নাতক অধ্যয়নৰ বাবে সমাজবিজ্ঞান বিষয়তো বাচনি কৰি লৈছিলো।" সেই পছন্দই তেওঁক শিল্প, লিংগ আৰু পৰিচয়ৰ চাৰিওফালে থকা সামাজিক গাঁথনিবোৰ বুজিবলৈ তাত্ত্বিক দৃষ্টি প্ৰদান কৰিছিল। তেওঁৰ ডিগ্ৰীৰ সময়ছোৱাত তেওঁ কলেজত কেইবাটাও পদৱীত নেতৃত্ব প্ৰদান কৰিছিল আৰু ইয়াৰ বাবে তেওঁক শ্ৰেষ্ঠ অল ৰাউণ্ডাৰৰ সন্মান প্ৰদান কৰা হৈছিল। 
 
আফ্ৰিনে প্ৰচীন কলা কেন্দ্ৰৰ পৰা নৃত্য ভাস্কৰ সম্পূৰ্ণ কৰিছিল। স্নাতক বৰ্ষত তেওঁ পৰিবেশন কলা আৰু সমাজবিজ্ঞান তত্ত্বৰ সংযোগস্থল অন্বেষণ কৰি কেইবাটাও প্ৰবন্ধও লিখিছিল। তেওঁ কয়, "বিশেষকৈ বস্ত্ৰ আৰু বস্তুগত সংস্কৃতিয়ে নৃত্য নান্দনিকতা, মঞ্চৰ উপস্থিতি আৰু ঐতিহাসিক আখ্যানৰ সৈতে কেনেদৰে অনুৰণন কৰে, সেই বিষয়ে মই যথেষ্ট আগ্ৰহী আছিলো। মই অহৰহ গৱেষণাৰ সৈতে প্ৰদৰ্শনক একত্ৰিত কৰাৰ উপায় বিচাৰি আছিলো, মোৰ কলাত্মক অনুশীলনক সমৃদ্ধ কৰিবলৈ শৈক্ষিক অনুসন্ধান ব্যৱহাৰ কৰিছিলো। মই আৰু কেৱলমাত্ৰ এগৰাকী নৃত্যশিল্পী নাছিলোঁ— মই আছিলোঁ এগৰাকী প্ৰণালী, সংবাদ মাধ্যমৰ ছাত্ৰী।" 

দিল্লীৰ আই আই চিত অনুষ্ঠান পৰিৱেশন কৰে এন আফ্ৰিন আৰু শ্বিমৰাণ জামান
 
জামিয়া মিলিয়া ইছলামিয়াৰ পৰা গণসংযোগৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁৰ কাম নৃত্য পৰিচালনাৰ বাহিৰলৈও বিস্তাৰিত হয়। তেওঁ কয়,  "মই শিকিছিলোঁ এটা গল্প কেনেকৈ উপস্থাপন কৰিব লাগে, পোহৰ আৰু শব্দই কেনেকৈ ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়, আৰু কেনেকৈ আখ্যান পৰিচালনা আৰু উৎপাদন কৰিব লাগে। মই কেমেৰাৰ সন্মুখত থকাৰ পৰা ইয়াৰ আঁৰত কি ঘটে সেই সকলো কথা বুজিব পৰা হৈছিলোঁ।
 
আফ্ৰিনে কয়, "মই পুনৰ নৃত্য পৰিবেশন কৰিবলৈ লৈছিলো — কিন্তু মোৰ এটা চৰ্ত আছিল। মই আৰু বছৰি এশটা শ্ব’ নকৰো। বৰঞ্চ মই বছৰি ১–২ টা প্ৰডাকচনত গুৰুত্ব দিম। প্ৰত্যেকটোকে সযতনে নিৰ্মাণ কৰা হব আৰু চিনেমাৰ উপাদানৰ সৈতে প্ৰযোজনা কৰা হব — সেয়া লাইটিং হওঁক, নেৰেটিভ ফ্ল’ হওঁক বা অডিঅ’ লেয়াৰিংয়ে হওঁক।" 
 
ওড়িছী তেওঁৰ ভিত্তি হৈয়েই আছে, কিন্তু তেওঁৰ উপস্থাপনত এতিয়া তেওঁৰ প্ৰশিক্ষণৰ সম্পূৰ্ণ পৰিসৰ একত্ৰিত কৰিছে: গল্প কোৱা, উপস্থাপন, শব্দৰ দৃশ্য, আৰু ডিজাইন। তেওঁ কয়, "মই শিল্পৰূপটোক তলৰ পৰাই আধুনিকীকৰণ কৰাৰ লক্ষ্য লোৱা নাই— আমি ইয়াক কেনেকৈ অনুভৱ কৰো, সেই বিষয়ে পুনৰ কল্পনা কৰাৰ লক্ষ্য লৈছিলো।"   
 
আফ্ৰিনে কয়, "যুৱ শিল্পীসকলক মই এইটো কওঁ: আপোনাৰ আবেগক অনুসৰণ কৰক, কিন্তু আপোনাৰ দৃষ্টিভংগীকো অৱহেলা নকৰিব।" শিক্ষাই  তেওঁক প্ৰশ্ন কৰিবলৈ ভাষা দিছিল, সংবাদ মাধ্যমে তেওঁক গঢ়ি তুলিবলৈ সঁজুলি দিছিল আৰু তেওঁৰ পৰিচয়ে তেওঁক দৃঢ়তাৰে থিয় দিবলৈ স্পষ্টতা  প্ৰদান কৰিছিল। তেওঁৰ যাত্ৰা বিদ্ৰোহৰ যাত্ৰা নছিল, বৰং এই যাত্ৰা আছিল নিৰ্মাণৰ, স্তৰৰ পিছত স্তৰ, দক্ষতাৰ পিছত দক্ষতাৰ।  
 
তেওঁ কয়, "মই কেৱল এজন পৰিবেশক হিচাপেই নহয়, এজন সৃষ্টিশীল নেতা হিচাপেও বিকশিত হবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো, মই মোৰ চাৰিওফালে এনে কাঠামো গঢ়ি তুলিছো, য’ত নৃত্যশিল্পীসকলে কেৱল পৰিবেশন নকৰে— তেওঁলোকে সৃষ্টি, পৰিচালনা আৰু নেতৃত্বও প্ৰদান কৰে।"   

শ্বিমৰাণ জামান 
 
মুছলমান হিচাপে শ্বিমৰাণ জামানৰ অভিজ্ঞতা এন আফ্ৰিনৰ অভিজ্ঞতাতকৈ সম্পূৰ্ণ বিপৰীত। তেওঁ কয়, "মোৰ কোনো নাটকীয় টাৰ্নিং পইণ্টৰ কাহিনী নাই। নৃত্য মই আৱিষ্কাৰ কৰা বস্তু নাছিল; ই মোৰ ভিতৰত সদায় বাস কৰা বস্তু আছিল। সৰুতে সংগীতে প্ৰবৃত্তিগতভাৱে মোৰ শৰীৰটোক গতিশীল কৰি তুলিছিল। য'তেই ছন্দ আছিল, তাতেই মোৰ ভৰি দুখনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। যাৰ আনন্দত মই হেৰাই গৈছিলো, যদিও ই কোনো প্ৰদৰ্শন নাছিল।" 
 
মোৰ মা-দেউতাই মোৰ নৃত্যৰ শৈলীৰ সৈতে মোৰ গভীৰ সম্পৰ্কটো প্ৰথম লক্ষ্য কৰিছিল, যেতিয়া তেওঁলোকে মোক টেলিভিছনৰ সন্মুখত কাঁটা লগা গীতটোত মোক নাচি থকা দেখিছিল। মই সম্পূৰ্ণৰূপে মগ্ন হৈ, প্ৰতিটো খোজক নিৰ্ভূল আৰু আনন্দৰে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিলো। সেই সময়তে তেওঁলোকে মোৰ আনুষ্ঠানিক প্ৰশিক্ষণৰ কথা বিবেচনা কৰিছিল। আৰু আমি যিহেতু ওড়িশাৰ হয়, সেয়েহে প্ৰথমে ওড়িছী নৃত্যৰ কথাকে তেওঁলোকৰ মনলৈ আহিছিল। 
 
আমোদজনক কথাটো হ’ল, প্ৰথমতে শ্বিমৰাণ এই বিষয়ে খুব বেছি উৎসাহিত নাছিল। পিছদিনা তেওঁক যেতিয়া ওড়িছী নৃত্যৰ ক্লাছলৈ যাব লাগিব বুলি কোৱা হৈছিল, তেতিয়া তাই কান্দিছিল। তেওঁ কয়, "মই ক’লোঁ যে, মই “চলচ্চিত্ৰ নৃত্য” শিকিব বিচাৰো, শাস্ত্ৰীয় দৰে নৃত্য নহয়। কিন্তু মোৰ মা-দেউতাই সেইকেইগৰাকী ব্যক্তি আছিল, যিয়ে সঁচাকৈ মোক উৎসাহিত কৰিছিল আৰু এই ক্ষেত্ৰখনলৈ আগুৱাই যাবলৈ সাহস যোগাইছিল৷  তেওঁলোকে কেৱল মোক কৈছিল যে, যদি নৃত্যটো শিকি ভাল নাপাই, তেন্তে আকৌ যাব নালাগে। মই অনিচ্ছা সত্ত্বেও যাবলৈ মান্তি হ’ল।"  
 
কিন্তু সেই এদিনতে সকলো সলনি হৈ গৈছিল। প্ৰথম ক্লাছৰ কথা মনত পেলাই তেওঁ কয়, “মোৰ গুৰু প্ৰৱাশ কুমাৰ মহন্তীয়ে স্থিৰ আৰু গভীৰ হৈ বহিছিল, আদেশকাৰী শক্তিৰে ক্লাছ পৰিচালনা কৰিছিল। সেইদিনা মই মোৰ প্ৰথম মৌলিক নৃত্য শৈলীবোৰ শিকিছিলো। আৰু ঠিক তেনেকৈয়ে কিবা এটাই মোক এই নৃত্যৰ প্ৰেমত পেলাইছিল। ইয়াৰ পিছত মই আৰু কেতিয়াও নৃত্য শিকিবলৈ নাযাওঁ বুলি কোৱা নাছিলো।"   
 
তেনেকৈয়ে আৰম্ভ হৈছিল শ্বিমৰাণৰ শাস্ত্ৰীয় নৃত্যৰ যাত্ৰা। কেৱল নৃত্যৰ প্ৰতি নহয়, জীৱনশৈলীৰ প্ৰতিও। মানুহে প্ৰায়ে ধৰি লয় যে, এগৰাকী মুছলমান ছোৱালী হিচাপে হিন্দু মন্দিৰৰ পৰম্পৰাত গভীৰভাৱে শিপাই থকা এটা শাস্ত্ৰীয় শিল্পকলাৰ পথ বাছি লোৱাৰ ক্ষেত্ৰত তেওঁ নিশ্চয় উল্লেখযোগ্য সংগ্ৰামৰ সন্মুখীন হৈছিল। 
 
শ্বিমৰাণ জামান
 
শ্বিমৰাণৰ পিতৃ-মাতৃ এম জামান আৰু শ্বহীদা তৈয়বে, কেতিয়াও তেওঁক এনে অনুভৱ কৰোৱা নাছিল যে, তেওঁ ধৰ্ম আৰু তেওঁ আবেগৰ মাজৰ পৰা যিকোনো এটা বাছি ল’ব লাগিব। 
 
শ্বিমৰাণে কয়, "তেওঁলোকে মোক সৰ্বাংগীনতা আৰু সকলো ধৰ্ম, সকলো মানুহৰ প্ৰতি সন্মান কৰাৰ মূল্যবোধেৰে ডাঙৰ-দীঘল কৰিছিল। আমাৰ ঘৰতে ঈদ উদযাপন কৰিছিল, কিন্তু বন্ধু-বান্ধৱীৰ সৈতে হোলী আৰু দীপাৱলীও পালন কৰিবলৈ দিছিল। ৰমজানৰ সময়ত ৰোজা ৰাখিছিলো, কিন্তু দুৰ্গা পূজাৰ পেণ্ডেল আৰু ৰামলীলাতো আনন্দ আৰু কৌতুহলৰে দৰ্শন কৰিছিলো। কেতিয়াও “আমাৰ” আৰু “তেওঁলোকৰ” বুলি মনোভাৱ উদয় হবলৈ দিয়া নাছিল।" 
 
তেওঁক প্ৰথমে ভাৰতীয় হ’বলৈ শিকাইছিল আৰু ইয়াৰ বাবে গৌৰৱ কৰিব লাগে বুলিও কৈছিল। শ্বিমৰাণৰ ঘৰখন সমৰ্থনেৰে ভৰা আছিল, যদিও বাহিৰৰ জগতখন সদায় সিমান গ্ৰহণযোগ্য নাছিল। দুয়োপক্ষৰ পৰাই তেওঁ সূক্ষ্মভাৱে হ'লেও দ্বিধাবোধ আৰু প্ৰতিৰোধৰ সন্মুখীন হ’বলগীয়া হৈছিল— মুছলমান সম্প্ৰদায়ৰ কিছুমানে ভাবিছিল যে, তেওঁ কিয় ওড়িছীৰ দৰে শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰিবলৈ বাছি লৈছে, আৰু হিন্দু সম্প্ৰদায়ৰ কিছুমান বিশেষ মহলে তেওঁক এতিয়াও তেওঁলোকৰ সাংস্কৃতিৰ বাহিৰৰ মানুহ যেন অনুভৱ কৰে। 
 
এনেকুৱা কিছুমান মুহূৰ্ত আছে, যেতিয়া শ্বিমৰাণক অনুভৱ কৰাই দিয়া হয় যে, তেওঁ সম্পূৰ্ণৰূপে হিন্দু সম্প্ৰদায়ৰ নহয়। কিন্তু সেইটোৱে তেওঁক কেতিয়াও বাধা দিব পৰা নাছিল। কিয়নো শ্বিমৰণ দৃঢ় হৈ আছিল যে, "এই শিল্প—এই নৃত্য—মোৰ"। 
 
শ্বিমৰণে বিশ্বাস কৰে যে, যদি ধৰ্মক তেওঁৰ পথত বাধা হিচাপে গঢ়ি তোলা হ’লহেঁতেন, তেন্তে তেওঁক এই ক্ষমতা উপহাৰ দিয়া ঐশ্বৰিক শক্তিয়ে তেওঁক কেতিয়াও বাছি নললেহেঁতেন। 
 
শ্বিমৰাণে কয়, "মই নৃত্যৰ জৰিয়তে ঐশ্বৰিকতা অনুভৱ কৰো। মঞ্চ মোৰ মন্দিৰ, মোৰ মছজিদ। মই যেতিয়া নৃত্য কৰো, তেতিয়াই মই উপাসনা কৰো। আৰু মোৰ বাবে ইয়াতকৈ ডাঙৰ আধ্যাত্মিক অনুশীলন একোৱে নাই। যেতিয়া মই নিজকে ছন্দ আৰু প্ৰকাশভংগীত হেৰুৱাই পেলাওঁ তেতিয়া মই সেই সাৰ্বজনীন পৰম শক্তিৰ আটাইতকৈ ওচৰত অনুভৱ কৰো, আপুনি যিগৰাকীক আল্লাহ, ঈশ্বৰ, বা জগন্নাথ বুলি কয়।"    
 
জামিয়া মিলিয়া ইছলামিয়াৰ পৰা আইন স্নাতক আৰু ইগন'উৰ পৰা গণসংযোগত পিজি ডিপ্লমা লাভ কৰা শ্বিমৰাণে ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনৰ পৰা পাৰফৰ্মিং আৰ্টছত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে আৰু এতিয়া একেটা ক্ষেত্ৰতে পণ্ডিত হিচাপে গৱেষণা কৰি আছে।  
 
তেওঁৰ কলাত্মক প্ৰকাশভংগীত শৈক্ষিক কঠোৰতা আনে— শাস্ত্ৰীয় কৌশলৰ সৈতে উদ্ভাৱনীমূলক নৃত্য পৰিচালনাৰ মিশ্ৰণ, ভাৰতৰ সমসাময়িক নৃত্যৰ পৰিৱেশত তেওঁক এক বাধ্যতামূলক আৰু বিকশিত কণ্ঠ কৰি তোলা। 
 
তেওঁ কয়, "একাডেমীয়ে নৃত্যৰ সৈতে মোৰ সম্পৰ্কক ৰূপান্তৰিত কৰিছে। ই মোক গভীৰ প্ৰশ্ন উত্থাপন কৰাত সহায় কৰিছে— আমি কিয় নৃত্য কৰোঁ, এই ৰূপবোৰ কেনেকৈ হ'ল, আৰু আজিৰ পৃথিৱীত ই কি প্ৰতিনিধিত্ব কৰে। মোৰ মাষ্টৰৰ গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল আৰ্ট বিয়ণ্ড বিলিফ, য'ত ওড়িছী নৃত্যৰ মুছলমান অনুশীলনকাৰীসকল আৰু এই গভীৰভাৱে আচাৰ-ব্যৱহাৰমূলক, মন্দিৰ শিপাই থকা নৃত্যৰ ৰূপটোত তেওঁলোকৰ অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।"
 
তেওঁ এই ওড়িছীৰ ভিতৰৰ সূক্ষ্ম ইছলামিক অনুৰণনসমূহ অন্বেষণ কৰিছিল আৰু সাংস্কৃতিক মালিকীস্বত্বৰ কঠিন ধাৰণাক প্ৰত্যাহ্বান জনাইছিল। এটা আপ্লুত কিন্তু ৰোমাঞ্চকৰ পৰৱৰ্তী পদক্ষেপ হিচাপে সেই কামটো এতিয়া কিতাপলৈ ৰূপান্তৰিত কৰা হৈছে। শ্বিমৰাণে তেওঁৰ গৱেষণাক বৃহত্তৰ মঞ্চ দিবলৈ উৎসাহিত কৰাৰ বাবে তেওঁৰ ডীন ড° পাৰুল পুৰোহিত ভাটছ আৰু তেওঁৰ অধ্যাপক ছিমেৰপ্ৰীত সোখী ছাৰৰ প্ৰতি অপৰিসীম কৃতজ্ঞতা জ্ঞাপন কৰিছে।  
 
তেওঁ কয়, "মোৰ কাহিনীটো বিদ্ৰোহ বা নাটকীয় প্ৰত্যাহ্বানৰে ভৰি থকা নাই, যদিও মোৰ কাহিনীটো মই ভালপোৱা বস্তুটোক মনে মনে ধৰি ৰখাৰ কাহিনী। ওড়িছী নৃত্যই মোক যে কেৱল নাচিবলৈ শিকাইছে তেনে নহয়, ই মোক প্ৰাৰ্থনা কৰিবলৈ, চিন্তা কৰিবলৈ, নিজৰ হ’বলৈ শিকাইছে আৰু মই আশা কৰিছো যে, মোৰ যাত্ৰাই মোৰ দৰে আনসকলৰ বাবে মঞ্চ তৈয়াৰ কৰিব, যিসকলে পৰিচয়, শিল্প আৰু বিশ্বাসৰ স্তৰবোৰৰ মাজেৰে নিজৰ সন্ধান পাইছে।"
 
শ্বিমৰাণে প্ৰচীন কলা কেন্দ্ৰৰ সংগীত ভাস্কৰ আৰু অখিল ভাৰতীয় গন্ধৰ্ব মহাবিদ্যালয়ৰ পৰা আলংকাৰ সম্পূৰ্ণ কৰা এগৰাকী গ্ৰেড বি দূৰদৰ্শন শিল্পী। তেওঁ চিচিআৰটিৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা বৃত্তিধাৰী আৰু সন্মানীয় সঞ্জুক্ত পানীগ্ৰহী উৎকৃষ্টতা বঁটা লাভ কৰিছে। শ্বিমৰাণে ক’নাৰ্ক ফেষ্টিভেল আন্তঃৰাষ্ট্ৰীয় ওড়িছী ডান্স ফেষ্টিভেল, ছুৰাজকুণ্ড ক্ৰাফ্টছ মেলা, জি-২০ ছামিট আৰু ৰাছিয়া, কলম্বিয়া, ইকুৱেডৰ আৰু মালয়েছিয়ালৈ যোৱা ডাঙৰ সাংস্কৃতিক প্ৰতিনিধি দলকে ধৰি প্ৰিমিয়াৰ মঞ্চত শোভা বঢ়াইছে।