সুনাৰী গাঁৱৰ ৰুখছানাঃ কঠোৰ পৰিশ্ৰম, সাহস আৰু আইনৰ জয়

Story by  atv | Posted by  [email protected] • 5 h ago
দণ্ডাধীশ ৰুখছানা
দণ্ডাধীশ ৰুখছানা
 
ডাঃ ফিৰদৌছ খান
 
মেৱাটক হাৰিয়ানাৰ অতি পিছপৰা অঞ্চল হিচাপে গণ্য কৰা হয়, যদিও ইয়াৰ ল'ৰা-ছোৱালীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰি এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি এই অঞ্চলটো আলোচনাৰ কেন্দ্ৰবিন্দু আৰু যুৱপ্ৰজন্মৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে। ইয়াৰ সকলো কৃতিত্ব এই সফল যুৱক-যুৱতীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈও যায়, যিসকলে নিজেই নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈও নিজৰ সন্তানসকলক এক উজ্জ্বল ভৱিষ্যত প্ৰদান কৰিছে। মেৱাটৰ এনে এগৰাকী সফল কন্যা হৈছে নুহ জিলাৰ সুনাৰী গাঁৱৰ ৰুখছানা। যিগৰাকী বৰ্তমান গুৰুগ্ৰামৰ দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
 
ৰুখছানাই তাৱড়ুৰ মেৱাট মডেল স্কুলৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বি এ আৰু এল এল বি ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা এল এল এম ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পৰাই তেওঁৰ জীৱনৰ এক নতুন যাত্ৰাৰ আৰম্ভ হৈছিল।
 
ভাষণ দি থকা মুহূৰ্তত ৰুখছানা
 
ৰুখছানাই এগৰাকী দণ্ডাধীশ হ'ব বিচাৰিছিল। ইয়াৰ বাবে তেওঁ দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰিছিল। ২০২১-২২ চনত তেওঁ হাৰিয়ানা ন্যায়িক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কিন্তু সফল হোৱা নাছিল। ইয়াৰ পিছত তেওঁ উত্তৰ প্ৰদেশৰ ন্যায়িক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হয়, কিন্তুক্সেইবাৰো তেওঁ সাক্ষাৎকাৰত বিসফল হৈছিল। দুবাৰকৈ বিফল হোৱাৰ পিছতো ৰুখছানা হতাশ হৈ পৰা নাছিল। তেওঁ নিজৰ মনোবল অটুট কৰি ৰাখিছিল। তাৰপিছত তেওঁ পশ্চিমবঙ্গ লোকসেৱা আয়োগৰ ন্যায়িক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আৰু এই পৰীক্ষাত তেওঁ ৰাজ্যখনৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশেষত তেওঁ ন্যায়িক দণ্ডাধীশ হিচাপে যাত্ৰা আৰম্ভ কৰিছিল।
 
ৰুখছানাৰ সপোন বাস্তৱায়িত হৈছিল। তেওঁৰ সফলতাই তেওঁৰ জীৱনলৈ আনন্দ কঢ়িয়াই অনাৰ উপৰিও আন বহু যুৱতীক উৎসাহিত কৰিছিল। তেওঁৰ এই সফলতাই কেৱল মেৱাটৰ ছোৱালীৰ বাবেই নহয়, বৰং সমগ্ৰ হাৰিয়ানা তথা দেশৰ আন বহু ছোৱালীৰ বাবেও অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। বিশেষকৈ যিসকলে ভাবে যে, এগৰাকী ছোৱালীৰ পৃথিৱীখন তেওঁৰ ঘৰৰ চৌহদতে সীমাবদ্ধ আৰু তাৰ বাহিৰৰ পৃথিৱীখন তেওঁলোকৰ বাবে নহয়।
 
কৃতিত্ব অর্জন কৰা মুহূৰ্তত ৰুখছানা
 
ন্যায়াধীশ হিচাপে নিৰ্বাচিত হোৱাৰ আনন্দ প্ৰকাশ কৰি ৰুখছানাই কয়, "মোৰ এই সফলতাৰ কৃতিত্ব মোৰ পৰিয়ালক দিব বিচাৰো, বিশেষকৈ মোৰ সফলতাত মোৰ পিতৃৰ অৱদান আছিল। সপ্তম শ্ৰেণীত থাকোঁতে মই সিদ্ধান্ত লৈছিলো যে, মই এগৰাকী ন্যায়াধীশ হ'ম। এই সপোনৰ কথা মই মোৰ পৰিয়ালক জনাইছিলো, আৰু মোৰ সপোনৰ কথা শুনি দেউতা অত্যন্ত আনন্দিত হৈ পৰিছিল। তেওঁ মোক প্ৰতিটো খোজতে সমৰ্থন কৰিছিল। তেওঁ মোক মোৰ পছন্দৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই দিছিল আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মোক প্ৰস্তুত কৰি তুলিছিল। মোৰ সৈতে তেওঁও কঠোৰ পৰিশ্ৰম কৰিছিল।
 
শিক্ষাৰ সন্দৰ্ভত ৰুখছানাই কয়, "ছোৱালীবোৰ আত্মনিৰ্ভৰশীল হ'ব লাগে। তেওঁলোক শিক্ষাৰ দ্বাৰা স্বাৱলম্বী হোৱাটো অতি জৰুৰী। শিক্ষাই হৈছে সফলতাৰ প্ৰথম স্তৰ। শিক্ষাৰ সমান্তৰালকৈ হাতত দক্ষতা থকাটোও অতি প্ৰয়োজনীয়। কিয়নো শিক্ষিত আৰু দক্ষ লোকসকল কেতিয়াও বঞ্চিত হবলগীয়া নহয়। শিক্ষা আৰু দক্ষতাই তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিব। আত্মনিৰ্ভৰশীল ব্যক্তি এজন কাৰো ওপৰত বোজা নহয়, বৰঞ্চ তেওঁলোক কাৰোবাৰ সমৰ্থকহে হৈ পৰে।"
 
ৰুখছানাক সম্বৰ্ধনা জনোৱা মুহূৰ্তত
 
তেওঁ অভিভাৱকসকলক আহ্বান জনায় যে, নিজৰ ভগ্নী-কন্যাসকলক উচ্চ শিক্ষা প্ৰদান কৰক। এই ক্ষেত্ৰত তেওঁলোকক যথাসম্ভৱ সহায় কৰক। ৰুখছানাই  লগতে কয় যে, "দেশত এক সৎ ন্যায়পালিকাৰ অতি প্ৰয়োজন। মই মোৰ দেশক সম্পূৰ্ণ নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ যথাসম্ভৱ চেষ্টা কৰিম।
 
তেওঁৰ পিতৃ মহম্মদ ইলিয়াছ আছিল সৰ্ব হাৰিয়ানা গ্ৰামীণ বেংকৰ জ্যেষ্ঠ প্ৰবন্ধক। তেওঁ বৰ্তমান অৱসৰ গ্ৰহণ কৰিছে। তেওঁ কয়, "মোৰ ছোৱালীজনীক লৈ মই গৌৰৱান্বিত। তেওঁ কেৱল তেওঁৰ পৰিয়ালৰ মৰ্যাদা বৃদ্ধি কৰাই নহয়, তেওঁ প্ৰমাণ কৰিছে যে এখন সৰু পিছপৰা গাঁৱৰ এগৰাকী কন্যাইও যে সফলতাৰ শিখৰত উপনীত হব পাৰে। এগৰাকী মুছলমান কন্যাই ন্যায়িক সেৱাত যোগদান কৰাটোৱে মহিলাসকলৰ বাবে এক উদাহৰণ দাঙি ধৰিছে।"
 
তেওঁ কয় যে, তেওঁৰ পত্নীয়ে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত কন্যাৰ বিয়া পাতিব বিচাৰিছিল। কিন্তু ৰুখছানাই পঢ়া-শুনা কৰিব বিচাৰিছিল। মই মোৰ কন্যাৰ সৈতে এই বিষয়ত সহমতত উপনীত হৈছিলো। উচ্চ শিক্ষাৰ বাবে তেওঁ ঘৰৰ পৰা আঁতৰি থাকিব লগা হৈছিল। মই মোৰ পত্নীক বুজাইছিলোঁ যে, ৰুখছানাৰ পঢ়াৰ প্ৰতি বৰ আগ্ৰহ আছে। তেওঁৰ বেছিভাগ সময় পঢ়া-শুনাতে পাৰ কৰে।
 
অন্য মহিলাৰ সৈতে ফটো উঠা মুহূৰ্তত ৰুখছানা
 
তেওঁ কয় যে, ২০২৪ চনৰ ১৫ অক্টোবৰত হাৰিয়ানাৰ ন্যায়াধীশ পদৰ বাবে ৰুখছানাক নিৰ্বাচিত কৰা হৈছে। তেওঁ ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা গুৰুগ্ৰাম জিলাত সেৱা আগবঢ়াই আহিছে। তেওঁৰ পৰা অনুপ্ৰেৰণা লৈ তেওঁৰ কনিষ্ঠা ভগ্নী দিলশানাইও তাৱড়ুৰ মেৱাট মডেল স্কুলত দশম শ্ৰেণীলৈকে  শিক্ষা গ্ৰহণ কৰিছে। ইয়াৰ পিছত তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰু এল এল বি আৰু দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা এল এল এম ডিগ্ৰী লাভ কৰিছে।
 
তেওঁও ন্যায়িক সেৱাৰ বাবেও প্ৰস্তুতি চলাই আছে। শেহতীয়াকৈ হিমাচল প্ৰদেশৰ ন্যায়িক সেৱাত তেওঁ সাক্ষাৎকাৰ দিছিল, কিন্তু ভাগ্য তেওঁৰ পক্ষত নাছিল। যাৰ বাবে তেওঁ নাম অপেক্ষাৰ তালিকাত আছিল। তেওঁ লগতে কয় যে, দুয়ো ভগ্নী আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু আলিগড় জিলাৰ শীৰ্ষ ক্ৰীড়াবিদ।
 
তেওঁ কয়, "মোৰ কন্যাই ন্যায়াধীশ হোৱাৰ সপোন দেখিছিল, যি এতিয়া বাস্তৱত পৰিণত হৈছে। নুহত উপস্থিত হোৱাৰ সময়ত যেতিয়া মই জিলা উকীল সন্থাত প্ৰৱেশ কৰিছিলো তেতিয়া ৰুখছানা আৰু মোক ফুলৰ মালাৰে আদৰণি জনোৱা হৈছিল। সেই মুহূৰ্তবোৰ স্মৰণীয় আছিল। সেই সময়ত মই যি অনুভৱ কৰিছিলো সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। এই আনন্দ আৰু অনুভৱ ভাষাৰে প্ৰকাশ কৰাটো অসম্ভৱ। সকলোৱে মোক কন্যাৰ সফলতাৰ বাবে অভিনন্দন জনাইছিল।"
 
তেওঁ কয়, "মই অভিভাৱকসকলক ক'ব বিচাৰো যে, তেওঁলোকে তেওঁলোকৰ সন্তানক তেওঁলোকৰ পছন্দৰ কেৰিয়াৰ বাছনি কৰাত সহায় কৰক। বিশেষকৈ কন্যা শিশুৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে, কাৰণ কন্যা শিশুৰ শিক্ষাৰ ক্ষেত্ৰত সমাজখন পিছপৰি আছে। তেওঁলোকে ভাবে যে, কন্যাৰ বিয়াৰ খৰচো কৰিব লাগে, সেয়েহে পঢ়াৰ খৰচ বচাব লাগে। শিশুৰ শিক্ষাৰ বাবে কৰা খৰচ এটা ভাল বিনিয়োগ, যিয়ে গোটেই জীৱন ধৰি কামত আহিব।"
 
(লেখিকা এগৰাকী কবি, গল্পকাৰ আৰু সাংবাদিক)